ETV Bharat / health

প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত চলিত সপ্তাহত কোন কেইটা ৰাশিয়ে শুভ ফল লাভ কৰিব ? - WEEKLY HOROSCOPE FOR LOVE EDUCATION

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 5:16 PM IST

Updated : May 6, 2024, 5:23 PM IST

Weekly love & education Horoscope: চলিত সপ্তাহটোত প্ৰেম, শিক্ষাৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে শুভফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ডাঃ হেমাংগ শাস্ত্ৰীয়ে ৷

love-education-related-astrological-prediction-for-the-week-5th-may-to-11th-may
চলিত সপ্তাহতো প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে শুভ ফল লাভ কৰিব ? (SOURCE: ETV BHARAT ASSAM)

গুৱাহাটী, 6 মে’: প্ৰেমৰ ক্ষেত্ৰত কোন কেইটা ৰাশিৰ ব্যক্তিয়ে শুভফল লাভ কৰিব আৰু কোন ৰাশিৰ ব্যক্তিয়ে অশুভ ফল লাভ কৰিব ?

প্ৰেমৰ ক্ষেত্ৰত মেষ ৰাশি, বৃষ ৰাশি , কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশিৰ, ধনু ৰাশিৰ, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷

  • বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত চলিত সপ্তাহটোত ভাল ফলাফল লাভ কৰাৰ লগতে সৌভাগ্য উদয় হ'ব ৷
  • মকৰ ৰাশিৰ জাতক-জাতিকাসকলে সপ্তাহটোৰ প্ৰথম ভাগত ভাল ফলাফল লাভ কৰিব যদিও সপ্তাহটোৰ শেষৰ ফালে অশুভ ফল লাভ কৰিব ৷
  • ইফালে, মিথুন ৰাশিৰ জাতক-জাতিকাসকল এই সপ্তাহত প্রেমৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷ প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে দূৰত্ব বাঢ়িব পাৰে ৷ লগতে খৰচ বৃদ্ধি হ'ব পাৰে ৷ চিন্তা বৃদ্ধি পাব পাৰে ৷
  • তুলা ৰাশিৰ জাতক-জাতিকাসকলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু চিন্তা আহিব পাৰে লগতে সম্পৰ্কত কিছু বাধাৰ সন্মূখীন হ’ব পাৰে ৷
  • বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰতো কিছু দূৰত্ব অহাৰ লগতে বাধাৰ সৃষ্টি হ'ব পাৰে ৷

শিক্ষাৰ ক্ষেত্ৰত কোনকেইটা ৰাশিৰ জাতক-জাতিকাই ভাল ফল লাভ কৰিব ?

মেষ ৰাশিৰ জাতক-জাতিকাসকলে সপ্তাহটোৰ প্ৰথম ভাগত ভাল ফলাফল লাভ কৰিব যদিও শেষৰ ভাগত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ভাল ফলাফল লাভ কৰিব ৷ সমান্তৰালভাৱে অন্য ৰাশি যেনে বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি, আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহত মোটামুটি ভাল ফলাফল লাভ কৰিব ৷

লগতে পঢ়ক: স্বাস্থ্যৰ দিশত কেনে যাব আপোনাৰ আজিৰ দিনটো ? - HEALTH HOROSCOPE FOR 6TH MAY

Last Updated : May 6, 2024, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.