ETV Bharat / health

জেতুকাৰ ঔষধি গুণাগুণৰ বিষয়ে জানো আহক - Benefits of Henna plants

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 8:37 PM IST

Benefits of Henna plants: জেতুকা পাতৰ কি কি ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে ? চালৰ ৰোগৰ বাবে জেতুকা পাতৰ কিমান উপকাৰী এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক অনিল কুমাৰ শৰ্মাই ।

Benefits of Henna plants
জেতুকাৰ ঔষধি গুণাগুণৰ বিষয়ে জানো আহক

গুৱাহাটী, 11 এপ্ৰিল : বিহুলৈ এতিয়া মাজত মাথো এটা দিন বাকী । বিহুলৈ সাজু হৈছে এতিয়া প্ৰতিগৰাকী অসমীয়া । সাজু হৈছে ঢুলীয়া-নাচনীসকলো । বিহুলৈ বুলি দুহাতত জেতুকা ৰঙেৰে ৰঙীন কৰিছে নাচনী সকলে । অতীজৰে পৰা মহিলাসকলে সৌন্দৰ্যবৰ্ধনৰ বাবে জেতুকা ব্যৱহাৰ কৰে ৷ ইয়াৰোপৰি এই জেতুকাৰো আছে বহু ৰোগ প্ৰতিৰোধৰ ক্ষমতা । অৱশ্যে বজাৰত উপলব্ধ ভিন্ন ধৰণৰ "মেহেন্দী বা হেনা" ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰকৃতিৰ বুকুৰ পৰা লাভ কৰা জেতুকা পাত ব্যৱহাৰ কৰাটো বেছি ভাল ।

জেতুকা পাতৰ কি কি ৰোগ প্ৰতিৰোধৰ ক্ষমতা আছে ?

১) দুহাতৰ লগতে নখতো জেতুকা লগোৱা হয় । কাৰণ জেতুকাই নখত হোৱা ভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰে । নখৰ গুৰি ফুলাৰ লগতে নখত হোৱা ভেঁকুৰ জাতীয় সংক্ৰমণৰ বাবে হোৱা ঘাঁ আদি নহ'বৰ বাবে জেতুকা পাত ব্যৱহাৰ কৰিব পাৰে ।

২) কৃষকসকলে পথাৰত কাম কৰাৰ ফলত নখৰ গুৰিত বোকা সোমাই যদি ফুলি যায় বা পানী খায় তেতিয়া জেতুকা পাত ব্যৱহাৰ কৰিব পাৰে ।

৩) জেতুকা পাতৰ ভিন্ন ধৰণৰ চৰ্মৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে । অৱশ্যে বসন্তৰোগৰ পাচত যি চৰ্মৰোগ হয় তাত জেতুকা ব্যৱহাৰ কৰিব নালাগে । কাৰণ আন চৰ্মৰোগ আৰু বসন্ত ৰোগৰ পাচত হোৱা চৰ্মৰোগৰ মাজত বহুত পার্থক্য আছে ।

৪) ছাল মৃসণ কৰিবলৈও হাতৰ তলুৱাত জেতুকা লগাব পাৰে ।

৫)ঘামুচিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকাৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।


৬)কান্ধৰ বিষ হ’লে জেতুকাৰ ৰস অকমান সৰিয়হ তেলৰ লগত মিহলাই লাহে লাহে বিষ অনুভৱ হোৱা ঠাইত মালিচ কৰিলে উপশম পোৱা যায় ।

৭) চুলিৰ ভিন্ন সমস্যা যেনে চুলি সৰা, উফি, অকালপক্কতা আদিৰ পৰা পৰিত্ৰান পাবলৈও জেতুকা ব্যৱহাৰ কৰিব পাৰে ।

৮) কাণৰ পৰা পুঁজ ওলোৱা সমস্যা থাকিলে কেইদিনমান এটোপাল বা দুটোপাল জেতুকাৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক: জেতুকা পাত ব্যৱহাৰ কৰি আপোনাৰ চুলিকোছা কেনেদৰে ধুনীয়াকৈ ৰাখিব ? - Jetuka leafs benefit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.