ETV Bharat / entertainment

জাহ্নৱী কাপুৰৰ জন্মদিনত অনুৰাগীলৈ ডাঙৰ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:16 PM IST

Wishing our beloved Thangam Janhvi Kapoor Devara Makers drop new poster of actress SEE
দেৱৰাৰ পৰা প্ৰকাশ জাহ্নৱীৰ প্ৰথম লুক

Devara : জাহ্নৱী কাপুৰৰ জন্মদিনত অনুৰাগীয়ে লাভ কৰিছে এটা ডাঙৰ উপহাৰ । আচলতে জুনিয়ৰ এন টি আৰৰ সৈতে আটাইতকৈ প্ৰত্যাশিত ছবি ‘দেৱৰা’ৰ পৰা অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক আজি প্ৰকাশ পাইছে ।

চিটাৰা ডেস্ক, ৬ মাৰ্চ: আজি জাহ্নৱী কাপুৰৰ ২৭ সংখ্যক জন্মদিন । এই উপলক্ষে অভিনেত্ৰীগৰাকীৰ অনুৰাগীক এক ডাঙৰ উপহাৰ দিছে ‘দেৱৰা’ৰ নিৰ্মাতাই ৷ জাহ্নৱীৰ প্ৰথম তেলুগু ছবি ‘দেৱৰা’ৰ পৰা অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছে । এই ছবিখনত জাহ্নৱী কাপুৰে জুনিয়ৰ এন টি আৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব । ছবিখনত ছাইফ আলী খানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনক লৈ অনুৰাগীৰ মাজতো দেখা গৈছে উচাহ ৷

'দেৱৰা'ৰ পৰা জাহ্নৱী কাপুৰৰ ফাৰ্ষ্ট লুক

জাহ্নৱী কাপুৰৰ জন্মদিনত 'দেৱৰা'ৰ নিৰ্মাতাই তেওঁলোকৰ এক্স হেণ্ডেলত অভিনেত্ৰীগৰাকীৰ এখন পোষ্টাৰ মুকলি কৰিছে । পোষ্টাৰখনত জাহ্নৱী কাপুৰে শাৰী আৰু পৰম্পৰাগত চ’কাৰ আৰু ঝুমকা পৰিধান কৰা দেখা গৈছে । পোষ্টাৰখন শ্বেয়াৰ কৰি দেৱৰাৰ দলটোৱে কেপচনত লিখিছে, "আমাৰ মৰমৰ থাংগম, জাহ্নৱী কাপুৰলৈ জন্মদিনৰ শুভেচ্ছা থাকিল ! দেৱৰা ।" জুনিয়ৰ এন টি আৰৰ বহু অনুৰাগীয়েও জাহ্নৱীক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

কেতিয়া মুক্তি পাব 'দেৱৰা' ?

‘দেৱৰা’ৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই নিৰ্মাতাই । অৱশ্যে পিংকভিলাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অহা ৫ এপ্ৰিলত আৰু মুক্তি নাপাব ‘দেৱৰা’ । প্ৰতিবেদনত কোৱা হৈছে যে প্ৰডাকচন হাউছৰ ঘনিষ্ঠ সূত্ৰই জনাইছে যে, “দেৱৰা এখন হাই-এণ্ড ভিএফএক্স ছবি আৰু ইয়াৰ আউটপুটে আশা কৰাতকৈ বেছি সময় লৈছে । দৃশ্যবোৰৰ সৈতে আপোচ নকৰাৰ কথা স্পষ্টকৈ কয় নিৰ্মাতাই । প্ৰযোজকসকলে এতিয়া আশা কৰিছে যে ২০২৪ চনৰ ১০ অক্টোবৰত ছবিখন মুক্তিৰ কথা ঘোষণা কৰিব ।”

জাহ্নৱী কাপুৰৰ ৱৰ্ক ফ্ৰন্ট

জাহ্নৱী কাপুৰৰ শেষৰখন মুক্তি পোৱা ছবি আছিল বৰুণ ধাৱনৰ সৈতে ‘বাৱাল’। ৰাজকুমাৰ ৰাওৰ সৈতে ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’ ছবিতো দেখা যাব অভিনেত্ৰীগৰাকীক । ইয়াৰ উপৰিও দেশপ্ৰেমমূলক থ্ৰিলাৰ 'উলঝ'ত জাহ্নৱীক দেখা যাব ।

লগতে পঢ়ক: অজয়-মাধৱনৰ চয়তানে মুক্তিৰ পিচতে ভংগ কৰিব পাৰে বহু অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.