ETV Bharat / entertainment

ৰামলালাৰ দৰ্শনৰ বাবে স্বামী-কন্যাৰ সৈতে অযোধ্যালৈ গ’ল প্ৰিয়ংকা চোপ্ৰা

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:44 PM IST

Watch: Priyanka Chopra and Nick Jonas in Ayodhya with Daughter Malti Marie Jonas
অযোধ্যালৈ গ’ল প্ৰিয়ংকা চোপ্ৰা

Priyanka Chopra At Ayodhya: ৰামলালাৰ দৰ্শনৰ বাবে সমগ্ৰ পৰিয়ালসহ অযোধ্যালৈ গৈছে প্ৰিয়ংকা চোপ্ৰা । এতিয়া অযোধ্যাৰ পৰা নিক আৰু মালতীৰ সৈতে প্ৰিয়ংকাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

চিটাৰা ডেস্ক, ২০ মাৰ্চ: ৰামলালাৰ দৰ্শনৰ আজি অযোধ্যাত উপস্থিত হয় বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা । কিছুদিন পূৰ্বে ভাৰতলৈ উভতি অহা প্ৰিয়ংকাই স্বামী নিক জ’নাছ আৰু কন্যা মেৰী মালতী জ’নাছৰ সৈতে আজি অযোধ্যাত উপস্থিত হয় । এতিয়া ৰাম জন্মভূমিৰ পৰা পৰিয়ালৰ সৈতে অভিনেত্ৰীগৰাকীৰ বহু ছবি পোহৰলৈ আহিছে ।

প্ৰিয়ংকাৰ লগতে মাতৃ মধু চোপ্ৰাও অযোধ্যালৈ গৈছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকাৰ পৰিয়ালৰ ভিডিঅ’ আৰু ছবি । প্ৰিয়ংকা চোপ্ৰাক হালধীয়া ৰঙৰ শাৰী পৰিধান কৰি থকা দেখা গৈছে । একে সময়তে নিক জ’নাছকো অফ হোৱাইট ৰঙৰ কুৰ্তা-পাইজামাত পৰম্পৰাগত অৱতাৰত দেখা গৈছে ।

ৰাম জন্মভূমিত উপস্থিত হোৱা প্ৰিয়ংকা আৰু তেওঁৰ পৰিয়ালক ৰামৰ নামৰ ‘গামোচা’ৰে আদৰণি জনোৱা হয় । ইয়াৰ পিচত কন্যাৰ সৈতে ভগৱানৰ দৰ্শন কৰি আশীৰ্বাদ লয় প্ৰিয়ংকাই । প্ৰিয়ংকাৰ মাক মধুও এই সময়ছোৱাত তেওঁৰ লগত আছিল । সমগ্ৰ পৰিয়ালটোক পৰম্পৰাগত সাজত দেখা গৈছিল । মাতৃ মধুকো ৰঙা ৰঙৰ শাৰী পৰিধান কৰা দেখা গৈছিল । পৰম্পৰাগত ৰূপত মালতীকো বৰ মৰমলগা দেখা গৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

অনুৰাগীৰ মন্তব্য

প্ৰিয়ংকাৰ ভাইৰেল ভিডিঅ’ক লৈ অনুৰাগীয়ে কমেণ্ট কৰিছে । এজনে লিখিছে,‘‘ভক্তিতহে শক্তি থাকে ।’ আন এজনে লিখিছে,‘‘ বৰ সুন্দৰ ৷’’ বহুতে প্ৰিয়ংকাৰ এই শৈলী ভাল পাইছে ।

উল্লেখ্য যে, প্ৰিয়ংকা যোৱা সপ্তাহত ভাৰতৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল । অনুষ্ঠানৰ পৰা বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল অভিনেত্ৰীগৰাকীৰ । ইয়াৰ পিচত প্ৰিয়ংকা ঈশা আম্বানীৰ হোলী পাৰ্টিলৈ যায় । প্ৰিয়ংকা আৰু মালতীৰ সৈতে এইবাৰ হোলী উদযাপন কৰিবলৈ ভাৰতলৈ আহিছে নিক জ’নাছ । ভাৰতত এয়া হ’ব মালতীৰ প্ৰথম হোলী ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে প্ৰিয়ংকা চোপ্ৰাক হলিউডৰ বহু প্ৰজেক্টত দেখা গৈছে যদিও বলীউডৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে দেখা গৈছিল ‘দ্য স্কাই ইজ পিংক’ত।

লগতে পঢ়ক: ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব ৰণবীৰ সিঙে, প্ৰকাশ কৰিলে কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.