ETV Bharat / entertainment

ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব ৰণবীৰ সিঙে, প্ৰকাশ কৰিলে কাৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 3:46 PM IST

Ranveer Singh Paternity Leave: অতি সোনকালে পিতৃ হ’বলৈ গৈ আছে ৰণবীৰ সিং । শেহতীয়াকৈ দীপিকাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । এতিয়া খবৰ আহিছে যে ৰণবীৰে সন্তান আৰু দীপিকাৰ সৈতে সময় কটাবলৈ ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব ৷

Ranveer Singh to Take Long Paternity Leave to Spend Time with Wife Deepika Padukone: Reports
ছুটী ল’ব ৰণবীৰ সিঙে

চিটাৰা ডেস্ক, ২০ মাৰ্চ: বলীউডৰ অন্যতম মৰমলগা দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন । এতিয়া এই দম্পতী অতি সোনকালেই পিতৃ-মাতৃ হ’বলৈ গৈ আছে । কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত দীপিকাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । ছেপ্টেম্বৰ মাহত দীপিকাই সন্তান জন্ম দিব । ইফালে সন্তান আৰু দীপিকাৰ সৈতে সময় কটাবলৈ হ’বলগীয়া পিতৃ ৰণবীৰ সিঙে ছুটী লোৱাৰ পৰিকল্পনা কৰিছে । ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব পাৰে ৰণবীৰে ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দীপিকাই নিজৰ সকলো কামৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে । ইফালে ৰণবীৰে এতিয়া এবছৰৰ বাবে ছবিজগতৰ পৰা ছুটী লোৱাৰ পৰিকল্পনা কৰিছে । যাতে তেওঁ দীপিকা আৰু বেবীৰ সৈতে সময় কটাব পাৰে ।

ৰণবীৰ সিঙে সিদ্ধান্ত লৈছে যে তেওঁ ডন ৩, শক্তিমান আৰু আদিত্য ধৰৰ পৰৱৰ্তী ছবিৰ মাজত কোনো প্ৰজেক্ট নলয় । কাৰণ তেওঁ দীপিকা আৰু বেবীৰ সৈতে সময় কটাব বিচাৰে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল পোষ্ট

দীপিকা আৰু ৰণবীৰে ২৯ ফেব্ৰুৱাৰীত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । তেওঁ এখন ফটো পোষ্ট কৰিছিল য’ত শিশুৰ টুপী, জোতা আৰু বেলুন দেখা গৈছিল । পোষ্টটোত দীপিকাৰ প্ৰসৱ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত হ’ব বুলিও উল্লেখ কৰিছিল ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ৰণবীৰ সিঙক অতি সোনকালেই দেখা যাব ফাৰহান আখতাৰৰ ডন ৩ত । ছবিখনত ৰণবীৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব কিয়াৰা আদৱানীক । ইয়াৰ উপৰিও তেওঁক দেখা যাব আদিত্য ধৰৰ শক্তিমানত ।

দীপিকা পাডুকনৰ কথা ক’বলৈ গ’লে প্ৰভাস আৰু অমিতাভ বচ্চনৰ সৈতে Kalki 2898 AD দেখা যাব । ইয়াৰ উপৰিও ৰোহিত শ্বেট্টীৰ সিংঘম এগেইনত দেখা যাব । ছবিখনৰ পৰা তেওঁৰ লুক প্ৰকাশ পাইছে ।

লগতে পঢ়ক: বিজয় দেৱেৰাকোণ্ডাক সকলোৰে সন্মুখত চুমা খালে শ্বাহিদ কাপুৰে, লগতে জনালে ধন্যবাদ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.