ETV Bharat / entertainment

দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰীলৈ বম্বে উচ্চ ন্যায়ালয়ৰ গ্ৰীণ চিগনেল

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 12:12 PM IST

The Indrani Mukerjea Story docu series out on Netflix after court junks CBI's plea
নেটফ্লিক্সত মুক্তি পাইছে 'The Indrani Mukerjea Story'

The Indrani Mukerjea Story: OTT প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাইছে ছিৰিজ 'The Indrani Mukerjea Story' । পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে মুক্তি নিষিদ্ধ কৰিছিল, যদিও এতিয়া ধাৰাবাহিকখনে বম্বে উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে ক্লিন চিট ।

চিটাৰা ডেস্ক, ১ মাৰ্চ: তথ্যচিত্ৰ ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে । এই বিতৰ্কিত তথ্যচিত্ৰ ধাৰাবাহিকখনে বম্বে উচ্চ ন্যায়ালয়ৰ পৰা ক্লিন চিট লাভ কৰিছে । আদালতৰ পৰা গ্ৰীণ চিগনেল লাভ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিচতে এই ধাৰাবাহিকখন মুক্তি পাইছে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ।

'The Indrani Mukherjea Story'লৈ বম্বে উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰীণ চিগনেল

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নেটফ্লিক্সে লিখিছে, ‘‘কিছুমান প্ৰশ্নই আপোনাক সদায় আমনি কৰিব আৰু কিছুমান ৰহস্য কেতিয়াও নাযায় । চাওক 'The Indrani Mukherjee Story: Buried Truth ৷’’

কেইবাটাও ভাষাত নেটফ্লিক্সত মুক্তি লাভ কৰিছে ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ ৷ নেটফ্লিক্সে কয় যে হিন্দীৰ উপৰিও ইংৰাজী, তামিল আৰু তেলুগু ভাষাত চাব পাৰিব 'The Indrani Mukherjea Story'। ধাৰাবাহিকখনৰ মুঠ ৪ টা খণ্ড আছে ।

উল্লেখ্য যে এই তথ্যচিত্ৰখন ২৩ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ কথা আছিল । কিন্তু বম্বে উচ্চ ন্যায়ালয়ে ইয়াৰ মুক্তি নিষিদ্ধ কৰিছিল । অৱশ্যে এতিয়া বম্বে উচ্চ ন্যায়ালয়ে ‘ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ক ক্লিন চিট প্ৰদান কৰিছে ৷

দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী’ কাহিনী কি ?

এই ধাৰাবাহিকখনত শ্বীনা বৰাৰ হত্যাকাণ্ডৰ কাহিনী দেখুওৱা হ’ব । শ্বীনা বৰাৰ হত্যাকাণ্ড দেশৰ অন্যতম হাইপ্ৰফাইল গোচৰ ৷ ২০১৫ চনত কন্যা শ্বীনা বৰাৰ হত্যাৰ অভিযোগত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল ।

উল্লেখ্য যে, এই ধাৰাবাহিকখনত আপুনি শ্বীনা বৰা হত্যাকাণ্ডৰ হৃদয়বিদাৰক কাহিনী চাবলৈ পাব । ইয়াত গোচৰৰ সৈতে জড়িত প্ৰতিটো দিশ বিতংভাৱে দেখুওৱা হ’ব । এই ঘটনা ২০১৫ চনৰ, যেতিয়া ইন্দ্ৰাণী মুখাৰ্জীয়ে কন্যা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ বাবে জেইললৈ যাবলগীয়া হৈছিল । তেওঁৰ গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল । অৱশ্যে এই গোচৰটো এতিয়া বিচৰাধীন হৈ আছে ৷

লগতে পঢ়ক: দ্য ইন্দ্ৰাণী মুখাৰ্জী ষ্ট’ৰী প্ৰদৰ্শনত নিষেধাজ্ঞা উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.