ক’লৈ গ’ল মাইনি ? আজিয়েই বিচাৰি যাওক এইকেইটা ছবিগৃহলৈ - New Assamese Film 2024
New Assamese Film : আজি মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি "ফাইণ্ডিং মাইনি"। ৰাজ্যৰ প্ৰায় ২৪ টা ছবিগৃহত মুক্তি লাভ কৰিছে নতুন অসমীয়া ছবিখন ।

Published : April 19, 2024 at 1:19 PM IST
গুৱাহাটী, 19 এপ্ৰিল : ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ সমান্তৰালকৈ বলিছে নিৰ্বাচনৰ গৰম বতাহ । আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৰাজ্যৰ ৫ টা সমষ্টিত পুৱাৰে পৰা আৰম্ভ হৈ আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
নিৰ্বাচনৰ মাজতে চলচ্চিত্ৰ প্ৰেমীসকললৈ সুখবৰ ৷ আজি তথা 19 এপ্ৰিলত মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি "ফাইণ্ডিং মাইনি"। নৱপ্ৰজন্মৰ এটা দলৰ নিৰলস প্ৰয়াসেৰে নিৰ্মিত এই ছবিখনৰ নামটোৰ লগতে টীজাৰটোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এক্স ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন তিনিগৰাকী বন্ধুৰ সুখ-দুখ, হাঁহি কান্দোনৰ লগতে জীৱনৰ কিছু খেলি-মেলিৰ কাহিনীৰ আধাৰ হিচাপে লৈ হাস্যৰসৰ আকাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে । বিজন বি ব্ৰহ্মৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে কুশল কুমাৰ ব্ৰহ্মই । লগতে সহঃপ্ৰযোজক হিচাপে আছে বিজন বি ব্ৰহ্ম, দিপাংকৰ কলিতা, পাপলু চৌধুৰী । সহকাৰী পৰিচালনা কৰিছে কিশালয় এম বি বৰুৱা, অলকেশ পাঠকে । ছবিখনৰ চিত্ৰনাট্য কিশালয় এম বি বৰুৱাৰ । দৃশ্যগ্ৰহণ কৰিছে সুৰজ শেখৰ শৰ্মাই। শব্দ উদ্দীপ্ত ডেকা, চুমন কাশ্যপ, পাপলু চৌধুৰীৰ।
ইফালে, ছবিখনত অভিনয় কৰিছে বনি দেউৰী, দীপাংকৰ কলিতা, দৰথী ভৰদ্বাজ, অতনু মহন্ত, ঋষভ শৰ্মা, নন্দিনী দাস, শশাংক দাস, সাগৰিকা গোস্বামী, সুৰুজ কুমাৰ কলিতা, কিশালয় এম বি বৰুৱা, জ্যোতি বৰা, ভাস্কৰ কলিতা, জুবিন ফুকন আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ ৰূপসজ্জা কৰিছে পলি গগৈ, ৰিম্পি বৰগোহাঁয়ে । লগতে শব্দৰ ডিজাইন কৰিছে পাপলু চৌধুৰীয়ে । ছবিখনত সংগীত কৰিছে হাৰ্জিত ডিয়াজে ।
ৰাজ্যৰ প্ৰায় 24 টা ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখনে। অন্যান্য ছবিসমূহৰ দৰে এই ছবিখনকো দৰ্শকে আকোঁৱালি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।
লগতে পঢ়ক: এইবাৰ হ’ব সকলোবোৰ ফ্ৰী, কাৰণ আহি আছে আঁচনি... - Himangshu Prasad Das new song

