এইবাৰ হ’ব সকলোবোৰ ফ্ৰী, কাৰণ আহি আছে আঁচনি... - Himangshu Prasad Das new song
Himangshu Prasad Das new song : পুনৰ গীতৰ জৰিয়তে চৰকাৰক সমালোচনা নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ । "চামুচেৰে দি বেইলচা মাৰি নিয়া"ৰ পাচত এই মুক্তি পালে নাট্যকাৰগৰাকীৰ অন্য এটি গীত "আঁচনি"।

Published : April 18, 2024 at 1:14 PM IST
গুৱাহাটী, 18 এপ্ৰিল : ৰাজ্যত এতিয়া বিহুৰ লগতে নিৰ্বাচনৰ গৰম বতৰ ৷ বিহুৰ বতৰত "বিহু বিহু" নলগা এটা গীতৰ জৰিয়তে চৰকাৰক সমালোচনা নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ । বুধবাৰে মুক্তি লাভ কৰিলে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ নতুন থিয়েটাৰী গীত "আঁচনি"।
নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰী "আঁচনি"সমূহক লক্ষ্য কৰি লৈ নিৰ্মাণ কৰা হৈছে গীতটো । এই গীতটিৰ জৰিয়তে চৰকাৰৰ আঁচনিসমূহক সমালোচনা কৰা হৈছে ৷ চৰকাৰে ঘোষণা কৰা ইখনৰ পাচত সিখন আঁচনিয়ে অকামিলা কৰিছে হিতাধিকাৰীসকলক। ইফালে চৰকাৰৰ এই বিনামূলীয়া আঁচনি সমূহৰ বাবে ধাৰত পোত খাইছে চৰকাৰ । সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবদ্ধি কৰি চৰকাৰে ৰামটাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাক। গীতটোৰ জৰিয়তে এই কথাই বুজাব বিচৰা হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
চৰকাৰৰ তথা আঁচনিৰ সকলোবোৰ কথাৰ আলম লৈ, বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ ৰচনা কৰা হৈছে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ "আঁচনি"। অতি সহজ ভাষাত সকলোৱে বুজি পোৱাকৈ ৰচনা কৰা হৈছে এই থিয়েটাৰী গীতটো ।
এই গীতটোৰ কথা হিমাংশু প্ৰসাদ দাসৰ । আনহাতে পৰপম্পৰাগত কিছু থলুৱা গীতৰ সুৰ গীতটোৰ কিছু কিছু ঠাইত হিমাংশু প্ৰসাদ দাসে নিজেই সংযোজন কৰিছে । লগতে গীতটিত কণ্ঠদানত কৰিছে হিমাংশু প্ৰসাদ দাস আৰু চুমী কলিতাই। সংগীত ব্যৱস্থাপনা মামনি কলিতাৰ ।
উল্লেখ্য যে, হিমাংশু প্ৰসাদ দাসৰ প্ৰতিটো থিয়েটাৰী গীতে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । দাসৰ পূৰ্বতে মুক্তি পোৱা "চামুচেৰে দি বেইলচা মাৰি নিয়া " গীতটোৰ দৰে এইবাৰো "আঁচনি" গীতটোকো ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী শিল্পীগৰাকী ।
লগতে পঢ়ক: লোকসংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ মঞ্চই মঞ্চই তেজপুৰৰ নক্ষত্ৰ - Folk cultural band Nakshatra

