ETV Bharat / entertainment

নিউয়ৰ্ক-পেৰিছৰ পাচত মিলান ফেশ্বন উইকত উজলিব সংযুক্তা দত্ত

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 12:31 PM IST

Milan Fashion Week 2024 will feature textiles designed by designer Sanjukta Dutta
নিউয়ৰ্ক- পেৰিছৰ পাচত মিলান ফেশ্বন উইকত সংযুক্তা দত্ত

Designer Sanjukta Dutta: নিউয়ৰ্ক-পেৰিছৰ পাচত মিলান ফেশ্বন উইকত প্ৰদৰ্শিত হ’ব ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ । অহা ২৪ ফেব্ৰুৱাৰীত মিলান ফেশ্বন উইকত প্ৰদৰ্শিত হ’ব ডিজাইনৰ সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ ৷

গুৱাহাটী,১৬ ফেব্ৰুৱাৰী: চলিত মাহত অনুষ্ঠিত হ’বলগীয়া মিলান ফেশ্বন উইকত প্ৰদৰ্শিত হ’ব ডিজাইনৰ সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ । কঁহুৱা-কোমল থিমেৰে অহা ২৪ ফেব্ৰুৱাৰীত মিলান ফেশ্বন উইকত প্ৰদৰ্শিত হ’ব সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰ ।

অসমৰ ৰেচম শিল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে ডিজাইনাৰ সংযুক্তা দত্তই পূৰ্বেও বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে । এতিয়া পুনৰ মিলান ফেশ্বন উইকৰ জৰিয়তে এই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছে অসম কন্যাই ৷ মিলান ফেশ্বন উইকত প্ৰদৰ্শিত হ’বলগীয়া বস্ত্ৰত অসমৰ শিপিনীয়ে অতি যত্ন আৰু নিষ্ঠাৰে তৈয়াৰ কৰা, কঁহুৱা-কোমল সংগ্ৰহৰ প্ৰতিটো টুকুৰা হৈছে অসমৰ ৰেচম বয়ন পৰম্পৰাৰ সমৃদ্ধ ঐতিহ্যৰ এক প্ৰমাণ থাকিব । কেৱল অসমতে উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ডিজাইন দাঙি ধৰিব ডিজাইনাৰ সংযুক্তা দত্তই ৷

অসমৰ তাতশিল্পীয়ে বোৱা প্ৰতিযোৰ সাঁজত ব্যৱহাৰ কৰা প্ৰতিটো সূতাই প্ৰজন্মৰ শিল্পীসকলৰ কাহিনী কয় । যিয়ে তেওঁলোকৰ শিল্পক নিখুঁত কৰি তুলিছে । সপোন আৰু আকাংক্ষাক তেওঁলোকৰ সৃষ্টি সমূহ কাপোৰত একত্ৰিত কৰিছে । এই সমগ্ৰ কাহিনী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অসমৰ ৰেচম শিল্পক বিশ্বমুখী কৰাৰ প্ৰচেষ্টা দত্তৰ ।

উল্লেখযোগ্য যে, ডিজাইনাৰ সংযুক্তা দত্তই পূৰ্বৰে অসমৰ গ্ৰাম্য শিপিনীসকলক শক্তিশালী কৰাৰ লগতে অসমৰ হস্ততাঁতৰ পুৰণি কলাক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’ সমূহৰ লগতে, FDCI, লেকমে ফেশ্বন উইক, লণ্ডন ফেশ্বন শ্ব’, নিউয়ৰ্ক- পেৰিছৰ ফেশ্বন উইক আদিৰ দৰে বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ সমূহতো অংশগ্ৰহণ কৰি নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ৷

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে বেংগালুৰুত অনুষ্ঠিত হ’ল শ্ৰী কৃষ্ণৰ ৰাসলীলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.