ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে বেংগালুৰুত অনুষ্ঠিত হ’ল শ্ৰী কৃষ্ণৰ ৰাসলীলা

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 12:36 PM IST

Shri Krishna's Raas leela held in Bengaluru by assamese film actors
বেংগালুৰুত শ্ৰী কৃষ্ণৰ ৰাসলীলা

Raas leela held in Bengaluru: কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচাৰ প্ৰয়াসৰে ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল বেংগালুৰুবাসী অসমীয়া । যোৱা ১০ আৰু ১১ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে বাংগালুৰু মহানগৰীত অনুষ্ঠিত হৈ গ’ল শ্ৰী কৃষ্ণৰ ৰাসলীলা ।

বেংগালুৰুত শ্ৰী কৃষ্ণৰ ৰাসলীলা

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: প্ৰথমবাৰৰ বাবে বেংগালুৰুত চলিত মাহৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায় শ্ৰী কৃষ্ণৰ ৰাসলীলা । বেংগালুৰুৰ KR Puram ৰ ITI খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাসলীলাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ।

এই ৰাসলীলাত অংশগ্ৰহণ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, নিশিতা গোস্বামী আৰু তনভী শৰ্মাই । এই ৰাসলীলাত অসমীয়া চলচ্চিত্ৰ জগতত নেত্ৰকাই ৰূপে খ্যাত অভিনেতা অৰুণ হাজৰিকাই ৰামধনৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে নিশিতা গোস্বামী আৰু শ্যামন্তিকা শৰ্মাই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে ৷ আনহাতে তনভী শৰ্মাৰ ৰাধাৰ চৰিত্ৰত তথা নিমন্ত্ৰিত ভাওনা শিল্পী শ্ৰবিষ্ণু বৰাই কংসৰ চৰিত্ৰত অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ।

অতুল হাজৰিকা দেৱৰ নাট "নন্দদুলাল" ৰাসলীলাত অনন্ত শয্যাৰ পৰা মহাৰাসলৈকে বহুতো অভিনেতা-অভিনেত্ৰীয়ে সুন্দৰভাৱে নিজ নিজ অভিনয়ৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । লগতে বেংগালুৰুস্থিত শিশুসকলৰ সাৱলীল অভিনয় আৰু ৰাধা-কৃষ্ণকে প্ৰমুখ্যে কৰি ৩০ গৰাকী গোপীৰ নৃত্যই দৰ্শকক আকৃষ্ট কৰে ।

অসমৰ যোৰহাট টীয়কৰ অন্যতম নাট্যগোষ্ঠী প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ পৰা নিমন্ত্ৰণ কৰি নিয়া পৰিচালক সমীৰণ দত্তৰ পৰিচালনা, বাদ্যযন্ত্ৰ বাদকসকলৰ, গীত-মাত তথা মুখা সজ্জা, ৰূপ সজ্জা তথা মঞ্চ সজ্জাৰ শিল্পীসকলৰ অভূতপূৰ্ব প্ৰদৰ্শনে উপস্থিত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় ।

বেংগালুৰু মহানগৰীত প্ৰদৰ্শন কৰা ৰাসলীলাৰ আঁৰত জড়িত প্ৰতিগৰাকী কলা-কুশলী আৰু কৰ্মকৰ্তাসকলক ৰাসলীলাৰ অন্তত মঞ্চত একত্ৰিত কৰি উদ্যোক্তা মণ্ডলীৰ হৈ প্ৰণৱ জ্যোতি বৰাই সকলোৰে শিৰত পুষ্প বৰ্ষণ কৰাৰ লগতে পৰেশ বৰাই সকলোৰে সহায়-সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: জয়পুৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰশংসিত হ’ল অসম আৰক্ষীৰ ফেহুঁজালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.