ETV Bharat / entertainment

অপেক্ষা ৫ বজালৈ, ছবি কল্কিৰ এক ডাঙৰ ঘোষণা; নতুন পোষ্টাৰ মুকলি - KALKI 2898 AD

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 2:20 PM IST

Kalki 2898 AD New Poster : চিনেমাপ্ৰেমীৰ বাবে এক ভাল খবৰ ৷ আজি (২৭ এপ্ৰিল) বিয়লি ৫ বজাত 'Kalki 2898 AD' ছবিখনৰ এটা ডাঙৰ আপডেট আহিব । ইতিমধ্যে এই ছবিখনৰ নিৰ্মাতাসকলে আন এক নতুন পোষ্টাৰ মুকলি কৰিছে ।

অপেক্ষা ৫ বজালৈ, ছবি কল্কিৰ এক ডাঙৰ ঘোষণা; নতুন পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : ‘বাহুবলী’ৰ অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাছ অভিনীত ছবি ‘Kalki 2898 AD’ ৰ বাবে । শেহতীয়াকৈ মুক্তি পালে ছবিখনৰ ৰোমাঞ্চকৰ টিজাৰ । ইয়াৰ মাজতে অমিতাভ বচ্চনৰ ‘অশ্বত্থামা’ৰ ভূমিকাও প্ৰকাশ পাইছিল ।

তেতিয়াৰ পৰাই ছবিখনৰ বাবে ক্ৰমাৎ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগাসকলে । নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত ‘Kalki 2898 AD’ ছবিখনত প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, কমল হাছান আৰু দিশা পাটানিয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

২৬ এপ্ৰিলৰ বিয়লি ‘Kalki 2898 AD’ ৰ নিৰ্মাতাসকলে এটা টিজাৰ মুকলি কৰি আৰু এটা ডাঙৰ ঘোষণাৰ প্ৰতিশ্ৰুতি দিছিল । আজি সন্ধিয়া ৫ বজাত 'Kalki 2898 AD' ছবিখনৰ এটা ডাঙৰ আপডেট আহিব বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে ‘Kalki 2898 AD’ ৰ নিৰ্মাতাসকলে ছবিখনৰ আন এখন নতুন পোষ্টাৰ মুকলি কৰিছে ।

নতুন পোষ্টাৰখনত দেখিবলৈ পোৱা মতে, এজন মুখা পিন্ধা মানুহে হাতত অস্ত্ৰ লৈ থিয় হৈ আছে আৰু তাৰ ওপৰত এটা ঘূৰণীয়া চাবিৰ দৰে চিহ্ন আছে ৷ যিটো হলিউডৰ বহু ছবিত ইতিমধ্যে দেখা পোৱা গৈছে । এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত নিৰ্মাতাসকলে লিখিছে, ‘‘ফাইনেল কাউণ্টডাউন আৰম্ভ, আজি সন্ধিয়া ৫ বজাত, আমাৰ সৈতে সংযোগ হওক’’ ।

এইখিনিতে কওঁ যে, Kalki 2898 AD এখন পৌৰাণিক যুগৰ ছবি ৷ যিখন বহুদিনৰ পৰাই নিৰ্মাণ হৈ আছে । ২০২৪ চনৰ ৯ মে’ত মুক্তি পাবলগীয়া এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে বুলি চৰ্চাত আহিছে ৷ হয়তো আজিয়েই ছবিখনৰ মুক্তিৰ নতুন তাৰিখ নিৰ্মাতাসকলে ঘোষণা কৰিব পাৰে ৷ কাৰণ এই বিষয়ে ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলি আছে ।

উল্লেখ্য যে, আগতে মকৰ সংক্ৰান্তি উপলক্ষে ২০২৪ চনৰ ১২ জানুৱাৰীত Kalki 2898 AD মুক্তি পাবলগীয়া আছিল যদিও উক্ত তাৰিখতে দক্ষিণৰ ৬ খন ছবি মুক্তি দিয়া হৈছিল ৷ যাৰ বাবে ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰি ৯ মে' বুলি ঘোষণা কৰি হৈছিল ৷ অৱশ্যে ছবিখনৰ মুক্তিৰ চূড়ান্ত তাৰিখ আজি ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :

চুলিত জটা, শৰীৰত ভস্ম, মলিয়ন পোছাক... কল্কিত অশ্বত্থামাৰ আবিৰ্ভাৱ - Amitabh Bachchan Kalki 2898AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.