ETV Bharat / entertainment

চুলিত জটা, শৰীৰত ভস্ম, মলিয়ন পোছাক... কল্কিত অশ্বত্থামাৰ আবিৰ্ভাৱ - Amitabh Bachchan Kalki 2898AD

KALKI 2898AD : ইতিহাস দোহাৰে... কল্কি যুগত আবিৰ্ভাৱ ঘটিল দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থমাৰ ৷ চুলিত জটা, শৰীৰত ভস্ম, মলিয়ন পোছাক, শেতা চকু, শোতোৰা শোতোৰ ছাল, চকুত সেই একেই উত্তাপ লৈ আহি আছে অশ্বত্থমা...

KALKI 2898AD
চুলিত জটা, শৰীৰত ভস্ম, মলিয়ন পোছাক... কক্লিত অশ্বত্থামাৰ আবিৰ্ভাৱ
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 10:57 AM IST

|

Updated : April 22, 2024 at 11:59 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 22 এপ্ৰিল : "দ্বাপৰ যুগৰ পৰা মই এই ক্ষণলৈ অপেক্ষা কৰিছিলো ৷ মই দ্ৰোণাচাৰ্যৰ পুত্ৰ... মই অশ্বত্থমা ৷" এটা 21 ছেকেণ্ডৰ টীজাৰে খলকনি লগাইছে সামাজিক মাধ্য়মত ৷

অচিৰেই আহি আছে বহুপ্ৰত্যাশিত ছবি কল্কি ২৮৯৮ এডি ৷ ছবিখনৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে বিগ বি অমিতাভ বচ্চনৰ ফাৰ্ষ্ট লুক ৷ অশ্বত্থমাৰ চৰিত্ৰত দেখা গৈছে অভিনেতাগৰাকীক ৷ মেগাষ্টাৰগৰাকীৰ ফাৰ্ষ্ট লুকে দৰ্শকক ছবিখনৰ বাবে অধিক উৎসাহিত কৰি তুলিছে ৷

এই 21 ছেকেণ্ডৰ প্ৰম’ ভিডিঅ'টোত এটা গুহাৰ ভিতৰত মলিয়ন পোছাক পিন্ধি অমিতাভ বচ্চনে শিৱৰ লিংগত পূজা কৰি থাকে ৷ তেনেতে এটা এটা শিশুৰ কণ্ঠই তেওঁক প্ৰশ্ন কৰা শুনা যায়, ‘‘আপুনি মৰিব নোৱাৰে নেকি ? আপুনি ঐশ্বৰিক নেকি ? আপুনি কোন ?’’ প্ৰত্যুত্তৰত বিগ বিয়ে কয়, ‘‘মই দ্বাপৰ যুগৰ পৰা এই অৱতাৰৰ আগমনৰ বাবে অপেক্ষা কৰি আছো ৷ মই গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ ৷ মই অশ্বত্থামা ৷’’

এই টীজাৰটোৰ পূৰ্বে কল্কি ২৮৯৮ এডিৰ দলটোৱে বিগ বিৰ অশ্বত্থমা চৰিত্ৰটোৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, ‘‘তেওঁ কোন সেয়া জনাৰ সময় আহি পালে ৷’’

কল্কি 2898 এডিক বছৰটোৰ আটাইতকৈ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতন । এই চলচ্চিত্ৰখন মহাভাৰতৰ পৰা আৰম্ভ হৈ 2898 চনত শেষ হয় । সেইবাবেই ছবিখন কল্কি 2898 নামেৰে নামকৰণ হৈছে ৷ এই ছবিখনত 6000 বছৰলৈকে জীৱন বৃত্তান্ত দেখুওৱা হৈছে ৷

এই ছবিখনে এতিয়া দৰ্শকক এতিয়া অধিক উৎসুক কৰি তুলিছে ৷ ছবিখন মুক্তিৰ বাবে দৰ্শকে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই 200 কোটি টকা কেনেকৈ উপাৰ্জন কৰিলে এইখন ছবিয়ে ? - Pushpa 2 The Rule

Last Updated : April 22, 2024 at 11:59 AM IST