ETV Bharat / entertainment

সুকেশ চন্দ্ৰ শেখৰৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্তৰ কাষ চাপিছে জেকলিন

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:49 PM IST

Jacqueline Fernandez On Sukesh Chandrashekhar: প্ৰৱঞ্চক সুকেশ চন্দ্ৰ শেখৰৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্তৰ পৰা সহায় বিচাৰিছে জেকলিন ফাৰ্নাণ্ডেজে । অভিনেত্ৰীগৰাকীয়ে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

Jacqueline Fernandez files complaint against Sukesh
আৰক্ষী আয়ুক্তৰ কাষ চাপিছে জেকলিন

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ইফালে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰতো আইনী মেৰপেচত আগুৰি আছে জেকলিন ফাৰ্নাণ্ডেজ । যদিও জেকলিনে সুকেশৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থকাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে, তথাপিও সুকেশে কাৰাগাৰৰ পৰাই জেকলিনলৈ কেইবাবাৰো প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰিছে ৷ এতিয়াও ধাৰাবাহিকভাৱে জেইলৰ পৰা জেকলিনলৈ পত্ৰ প্ৰেৰণ কৰি আছে সুকেশে ৷ এতিয়া অভিনেত্ৰীগৰাকীয়ে এই বিষয়ত সহায়ৰ বাবে দিল্লী আয়ুক্তৰ কাষ চাপিছে ।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি জেকলিন ফাৰ্নাণ্ডেজে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰালৈ এখন পত্ৰ লিখিছে । জেকলিনে লিখিছে যে তেওঁ মানসিক চাপ আৰু ভাবুকিৰ সন্মুখীন হৈছে । শেহতীয়াকৈ আয়ুক্তৰ ওচৰত কৰা আবেদনত জেকলিনে শীৰ্ষ আৰক্ষী বিষয়াক এই বিষয়ত ক্ষিপ্ৰতাৰে হস্তক্ষেপ কৰিবলৈ আবেদন জনাইছে ।

চিঠিখনত দাবী কৰা হৈছে যে মণ্ডোলী জেইলত বন্দী সুকেশে তেওঁৰ বিৰুদ্ধে ভয়ংকৰ কৌশল ৰচিছে । মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন (এমচিচিএ)ৰ অধীনত এটা গোচৰত সাক্ষী হিচাপে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এফআইআৰ পঞ্জীয়ন কৰিবলৈ আবেদন জনাইছে জেকলিনে ।

ডিচেম্বৰ মাহত জেকলিনে সুকেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল

ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত অভিনেত্ৰীগৰাকীয়ে সুকেশৰ চিঠি, মেছেজ আৰু বক্তব্যৰ বাবে আদালতৰ কাষ চাপিছিল । জেকলিনে অভিযোগ কৰিছিল যে সুকেশৰ ভাবুকি দিয়া কাৰ্যই তেওঁক অত্যন্ত দুখী কৰি তুলিছে ৷ অভিনেত্ৰীগৰাকীয়ে আশংকা কৰে যে সুকেশে তেওঁক আদালতৰ পৰা তথ্য লুকুৱাবলৈ বাধ্য কৰিব বিচাৰে কিয়নো জেকলিন দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ (ই অ’ ডব্লিউ) দ্বাৰা তদন্ত কৰা এখন এজাহাৰৰ সাক্ষী ।

লগতে পঢ়ক: জেকলিনক ভাবুকি সুকেশৰ ! মেছেজ, স্ক্ৰীণশ্বট, ৰেকৰ্ডিং ভাইৰেল কৰাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.