ETV Bharat / entertainment

ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা; আনমোল বিষ্ণৈৰ বিৰুদ্ধে জাৰি লুকআউট চাৰ্কুলাৰ - Salman Khan House Firing

author img

By PTI

Published : Apr 27, 2024, 1:07 PM IST

SALMAN KHAN HOUSE FIRING UPDATE : ছলমান খানৰ ঘৰত সংঘটিত হোৱা গুলীচালনাৰ সৈতে জড়িত আনমোল বিষ্ণৈৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ (LOC) জাৰি কৰিছে ৷ তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ৷

ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা ; আনমোল বিষ্ণৌৰ বিৰুদ্ধে জাৰি LOC জাৰি

চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : ইতিমধ্যে সকলোৰে জ্ঞাত যে, চলিত মাহৰ আৰম্ভণিতে মুম্বাইৰ বান্দ্ৰাত অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ হৈছিল ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, সেই গুলীচালনাৰ সন্দৰ্ভত কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণৌৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ (LOC) জাৰি কৰা হৈছে ৷ এই কথা সদৰী কৰিছে এগৰাকী আৰক্ষী বিষয়াই ।

বৰ্তমান গুজৰাটৰ সাবৰমতী এখন কাৰাগাৰত বন্দী হৈ থকা লৰেন্স বিষ্ণৈক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷ এই গোচৰত মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণৰ কঠোৰ আইন (MCOCA) প্ৰয়োগ কৰাৰ কথাও চিন্তা কৰি আছিল বুলিও তেওঁ কয় ।

আনমোল বিষ্ণৈইয়ে গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল আৰু তদন্ততো তেওঁৰ জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷ তাৰ পাচত শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছিল বুলিও বিষয়াগৰাকীয়ে লগতে কয় ।

"আনমোল আৰু লৰেন্স বিষ্ণৈৰ নাম এই গোচৰৰ ৱাণ্টেড অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । আনমোল বিষ্ণৈ কানাডাত থাকে । অৱশ্যে গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰা ফেচবুক পোষ্টটোৰ আই পি ঠিকনা পৰ্তুগালৰ পৰা পোৱা গৈছে ।" বিষয়াগৰাকীয়ে কয় ৷

যোৱা ১৪ এপ্ৰিলৰ পুৱা ছলমান খানৰ বাসগৃহ বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টত মটৰ বাইক আৰোহী দুজন লোকে গুলীচালনা কৰাৰ পাচতে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩০৭ (হত্যাৰ চেষ্টা)ৰ অধীনত প্ৰথম তথ্য প্ৰতিবেদন (এফ আই আৰ) পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে ।

আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই গুলীচালনা ঘটনাৰ লগত জড়িত থকা অভিযোগত বিহাৰৰ বাসিন্দা বিকি গুপ্তা (২৪) আৰু সাগৰ পাল (২১) নামৰ দুই যুৱকৰ লগতে তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা সন্দেহত ছ’নু কুমাৰ সুভাষ চন্দৰ বিষ্ণৈ (৩৭) আৰু অনুজ থাপনক (৩২) গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :

কিয় ছলমানৰ বাসগৃহৰ বাহিৰত কৰা হৈছিল গুলীচালনা: আৰক্ষীয়ে কৰিলে প্ৰকাশ - Salman Khan House Firing Incident

ছলমান খানৰ ঘৰত গুলীচালনা : কেনেকৈ, ক’ৰ পৰা পলায়ন কৰিছিল শ্বুটাৰদ্বয়ে? - Salman Khan House Firing Incident

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা: দুই অভিযুক্তক লৈ মুম্বাইলৈ ৰাওনা আৰক্ষী - Salman Khan House Firing Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.