ETV Bharat / entertainment

নীতিন-গৌৰৱৰ যুটিয়ে আঁজুৰিলে ডান্স দিবানে-৪ ৰ চেম্পিয়নৰ খিতাপ - Dance Deewane 4 Winner

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 11:25 AM IST

Dance Deewane 4 Winner: নৃত্য ৰিয়েলিটী শ্ব' ডান্স দিবানেত উজলিল নীতিন-গৌৰৱৰ যুটি । বেংগালুৰুৰ নীতিন আৰু দিল্লীৰ গৌৰৱে প্ৰতিযোগিতাটোৰ ছিজন ৪ ৰ খিতাপ দখল কৰে । বিচাৰকৰ আসনত আছিল অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু অভিনেতা সুনীল চেট্টী ।

Dance Deewane 4 Winner
ডান্স দিবানে-৪ৰ চেম্পিয়ন হ'ল নীতিন-গৌৰৱৰ যুটি (Internet)

চিটাৰা ডেস্ক, ২৬ মে': বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু অভিনেতা সুনীল চেট্টী বিচাৰক হিচাপে থকা নৃত্যৰ ৰিয়েলিটী শ্ব' ডান্স দিবানে-৪ ৰ শনিবাৰে ফাইনেল অনুষ্ঠিত হয় । ফাইনেলত বেংগালুৰুৰ নীতিন আৰু দিল্লীৰ গৌৰৱে খিতাপ দখল কৰে । তেওঁলোকে চেম্পিয়নছ ট্ৰফীৰ লগতে নগদ পুৰস্কাৰ হিচাপে ২০ লাখ টকা লাভ কৰে ।

নীতিন আৰু গৌৰৱ দেশৰ দুটা পৃথক স্থানক প্ৰতিনিধিত্ব কৰে যদিও নৃত্যৰ প্ৰতি থকা তেওঁলোকৰ আগ্ৰহে তেওঁলোকক এক আকৰ্ষণীয় যুটি হিচাপে দেখা গৈছে । অনুষ্ঠানটোৰ সময়ত বিচাৰক মাধুৰী দীক্ষিতেও তেওঁলোকৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ কেইবাবাৰো পুৰস্কাৰ দিছিল । ইয়াৰ পূৰ্বে জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফেও তেওঁলোকক প্ৰশংসা কৰিছিল ।

ডান্স দিবানেৰ ছিজন ৪ ৰ বিজয়ীসকলৰ কথা উল্লেখ কৰি মাধুৰী দীক্ষিতে এক বিবৃতিত কয় যে, ট্ৰফী আৰু দৰ্শকৰ হৃদয় জয় কৰাৰ বাবে নীতিন আৰু গৌৰৱক তেওঁ অভিনন্দন জনাইছে । তেওঁলোকৰ প্ৰদৰ্শন উৎকৃষ্ট আছিল বুলি তেওঁ উল্লেখ কৰে । তেওঁলোকৰ এই প্ৰতিভাই বিশ্বত বিশেষ গুৰুত্ব লাভ কৰিব বুলি তেওঁ আশাবাদী । দুয়োগৰাকীৰে প্ৰদৰ্শন দেখি তেওঁ আনন্দিত হয় । মাধুৰী দীক্ষিত আশাবাদী যে ভৱিষ্যতে তেওঁলোকে নতুন প্ৰজন্মক এই কলাৰ জৰিয়তে অনুপ্ৰাণিত কৰিব ।

নৃত্য ৰিয়েলিটী শ্ব'টোৰ গ্ৰেণ্ড ফিনালেৰ খণ্ডটোত সুনীল চেট্টী আৰু মাধুৰী দীক্ষিতেও নৃত্য পৰিৱেশন কৰে । অভিনেতা কাৰ্তিক আৰিয়ানেও গ্ৰেণ্ড ফিনালেত তেওঁৰ চলচ্চিত্ৰৰ প্ৰচাৰ চলায় । তেওঁ আহিবলগীয়া বোলছবি 'চান্দু চেম্পিয়ন'ৰ প্ৰচাৰ চলায় । বোলছবিখন চাজিদ নাদিয়াদৱালা আৰু কবীৰ খানে প্ৰযোজনা কৰিছে । আনহাতে ছবিখন কবীৰ খানে পৰিচালনা কৰিছে । ১৪ জুনত ছবিখনে মুক্তি পাব ।

লগতে পঢ়ক :বেংগালুৰুৰ ৰেভ পাৰ্টীৰ অভিযুক্তৰ সমৰ্থৱত অভিনেতা-প্ৰযোজক মাঞ্চু বিষ্ণু - Bengaluru Rave Party
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.