ETV Bharat / entertainment

লখিমপুৰত জুবিনৰ মায়াময় সংগীতানুষ্ঠান - Zubeen Garg Stage Program 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 4:06 PM IST

SINGER ZUBEEN GARG : লখিমপুৰত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল ৷ জুবিনৰ গীতৰ তালে তালে কঁকাল ভাঙে দৰ্শকে ৷

SINGER ZUBEEN GARG
লখিমপুৰত জুবিনৰ মায়াময় সংগীতানুষ্ঠান (ETV BHARAT ASSAM)

লখিমপুৰত জুবিনৰ মায়াময় সংগীতানুষ্ঠান (ETV BHARAT ASSAM)

লখিমপুৰ, ১২ মে’ : ব'হাগ যাবৰে হ'ল যদিও চৌদিশে অব্য়াহত আছে ৰঙালীৰ ৰং । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰঙালী বিহুৰ অনুষ্ঠান । জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত ওৰে নিশা নাচি-বাগি মচগুল হৈছে অসমৰ জনতা । হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন মঞ্চত পাতি গৈছে সুৰৰ মায়াজাল ।

সাধাৰণতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান মানেই যেন বিতর্ক। বিভিন্ন সংগীতানুষ্ঠানত বিতৰ্কিত বক্তব্য, আচৰণ আদিৰ বাবে সততে বিতর্কই আবৰি ৰাখে নৱ প্ৰজন্মৰ হিয়াৰ আমঠুস্বৰূপ জুবিনক । পিচে এইবাৰ লখিমপুৰত ব্যতিক্রমী ৰূপত দেখা গ’ল জুবিনক ।

শনিবাৰে নিশা লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শান্ত সমাহিত ৰূপত সংগীতানুষ্ঠান সমাপ্ত কৰিলে শিল্পীগৰাকীয়ে । কেন্দ্রীয় ৰঙালী উৎসৱৰ অন্তিম দিনা শনিবাৰে নিশা জুবিনৰ সংগীতানুষ্ঠান আছিল । নিশা ১১ মান বজাত অনুষ্ঠান আৰম্ভ কৰি প্ৰায় ১ বজাত তেওঁ অনুষ্ঠান সামৰে । কোনো ধৰণৰ উশৃংখলতা নোহোৱাকৈ শান্ত সমাহিত ৰূপত এটাৰ পাচত এটাকৈ গীত গাই তেওঁ হেজাৰ হেজাৰ দৰ্শকক প্ৰায় আঢ়ৈ ঘন্টা ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখে ।

ইফালে দৰ্শকে জুবিনৰ গীতৰ তালে তালে নাচি আনন্দ উল্লাসত ফাটি পৰিলেও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা নাছিল । মঞ্চত গীতৰ বাদে জুবিনৰ নাছিল কোনো বিতৰ্কিত মন্তব্য । এক অন্য ৰূপত জুবিনে লখিমপুৰত সংগীতানুষ্ঠান ৰাইজক উপহাৰ দিয়ে । উল্লেখ্য যে, যোৱা ৯ মে’ৰ পৰা তিনিদিনীয়কৈ আয়োজন কৰা লখিমপুৰ কেন্দ্রীয় ৰঙালী উৎসৱৰ অন্তিম দিনা নিশা জুবিনৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছিল ।

লগতে পঢ়ক: বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg stage program 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.