ETV Bharat / bharat

চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবাদী কৃষকে

author img

By ANI

Published : Feb 19, 2024, 7:04 AM IST

Farmers protest 2024: চতুৰ্থ লানি আলোচনাৰ অন্তত পঞ্জাৱ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সাধাৰণ সম্পাদক চাৰৱান সিং পান্ধেৰে 21 ফেব্ৰুৱাৰীত ‘দিল্লী চালো’ পদযাত্ৰা কৰি কৃষকসকলে আগবাঢ়ি যাব বুলি দাবী কৰে ৷ লগতে কয় যে চৰকাৰে এম এছ পি সন্দৰ্ভত প্ৰস্তাৱিত প্ৰস্তাৱ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে 8, 12 আৰু 15 ফেব্ৰুৱাৰীত মন্ত্ৰী আৰু কৃষক নেতাসকল বৈঠকত মিলিত হৈছিল যদিও কোনো সিদ্ধান্তত উপনীত হোৱা পৰিলক্ষিত নহ’ল ৷ 13 ফেব্ৰুৱাৰী মঙলবাৰে আৰম্ভ হৈছিল কৃষকৰ এই পদযাত্ৰা ৷

Farmers protest 2024
We ll continue with Delhi Chalo march on Feb 21 if Farmer leader after meeting with Union ministers

নেশ্যনেল ডেস্ক, 19 ফেব্ৰুৱাৰী: চতুৰ্থ পৰ্যায়ৰ আলোচনাৰ অন্তত পঞ্জাৱ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সাধাৰণ সম্পাদক চাৰৱান সিং পান্ধেৰে 21 ফেব্ৰুৱাৰীত ‘দিল্লী চালো’ পদযাত্ৰা কৰি কৃষকসকলে আগবাঢ়ি যাব বুলি দাবী কৰে ৷ লগতে কয় যে চৰকাৰে এম এছ পি সন্দৰ্ভত প্ৰস্তাৱিত প্ৰস্তাৱ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হ’ব ।

"অহা দুদিনত চৰকাৰৰ এই প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব ৷ অন্য দাবীৰ ওপৰতো আলোচনা কৰা হ’ব ৷ যদি কোনো ফলাফল নাথাকে, 21 ফেব্ৰুৱাৰীত আমি 'দিল্লী চালো' পদযাত্ৰা অব্যাহত ৰাখিম " সোমবাৰে চণ্ডীগড়ত প্ৰতিবাদকাৰী কৃষক সংঘ আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বৈঠক সমাপ্ত হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি পান্ধেৰে এইদৰে কয় । তেওঁ আৰু কয় যে চৰকাৰ আৰু কৃষক সংঘই সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব ।

তেওঁ লগতে কয়, "আমি চৰকাৰৰ প্ৰস্তাৱটোৰ ওপৰত আলোচনা কৰিম আৰু এই সন্দৰ্ভত মতামত গ্ৰহণ কৰিব ৷ এই সন্দৰ্ভত 19-20 ফেব্ৰুৱাৰীত আলোচনা অনুষ্ঠিত হ'ব আৰু 21 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 'দিল্লী চালো' পদযাত্ৰাৰ বিষয়ে আলোচনাৰ ভিত্তিত সিদ্ধান্ত লোৱা হ'ব ৷ একেলগে (চৰকাৰ আৰু কৃষক সংঘ) আমি চেষ্টা কৰিম সমস্যাসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ ।"

ইফালে কৃষক নেতা জগজিৎ সিং ডাল্লেৱালে কয়, "আমি আমাৰ সংগঠন আৰু বিশেষজ্ঞৰ সৈতে চৰকাৰৰ (এম এছ পি সন্দৰ্ভত) প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হ'ম ৷ আমাৰ পদযাত্ৰা (দিল্লী চলো) দাবী পূৰণ নোহোৱালৈকে চলি থাকিব ৷ আন কেইবাটাও আলোচনা হোৱা বিষয়ৰ দাবীসমূহ পূৰণ কৰাটো প্ৰয়োজন " সংবাদ মাধ্যমৰ আগত এইদৰে কয় ডাল্লেৱালে ।

ডাল্লেৱালে আৰু কয় যে চৰকাৰৰ সৈতে চতুৰ্থ ৰাউণ্ডৰ আলোচনাৰ সময়ত আমাৰ (কৃষকৰ) দাবী সন্দৰ্ভত বিতং আলোচনা হৈছিল । জগজিৎ সিং ডাল্লেৱালে কয়, "চৰকাৰে আমাক এটা প্ৰস্তাৱ দিছে, য’ত দালি, কুঁহিয়াৰ আৰু কপাহৰ ওপৰত এম এছ পিৰ নিশ্চয়তা দিয়া হৈছে, যিটো দুটা চৰকাৰী সংস্থাই তত্বাৱধান আৰু পৰিচালনা কৰিব ৷"

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৃষকৰ প্ৰতিনিধিৰ সৈতে অতি ইতিবাচক আৰু বিস্তৃত আলোচনা কৰা বুলি দাবী কৰে ৷ লগতে মঙলবাৰৰ ভিতৰত কৃষক নেতাসকলে চৰকাৰী প্ৰস্তাৱ সন্দৰ্ভত নিজৰ সিদ্ধান্ত ঘোষণা কৰিব বুলিও কয় । পঞ্জাৱৰ আন্দোলনকাৰী কৃষকসকলে এম এছ পি আৰু ঋণ ৰেহাইৰ আইনী নিশ্চয়তা নিশ্চিত কৰাৰ অধ্যাদেশকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছে ।

ইয়াৰ পূৰ্বে 8, 12 আৰু 15 ফেব্ৰুৱাৰীত মন্ত্ৰী আৰু কৃষক নেতাসকল বৈঠকত মিলিত হৈছিল যদিও কোনো সিদ্ধান্ত উপনীত হোৱা পৰিলক্ষিত নহ’ল ।

13 ফেব্ৰুৱাৰী মঙলবাৰে এই পদযাত্ৰা আৰম্ভ হৈছিল আৰু কৃষকৰ এই পদযাত্ৰাক বাধা দিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈ আঙিছে ৷

লগতে পঢ়ক: গাজীপুৰ সীমান্তৰ মহিলা কিষাণ মহাপঞ্চায়তত ৰাকেশ টিকাইতে কৰিব অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.