ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত উত্তৰ-পূবত ৭৩ শতাংশ হ্ৰাস হিংসাত্মক ঘটনা: অমিত শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:25 PM IST

Updated : Jan 23, 2024, 12:04 PM IST

Amit Shah in NE
Amit Shah in Assam

Amit Shah in NE: প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দহ বছৰীয়া কাৰ্যকালত উত্তৰ-পূবত হ্ৰাস পাইছে হিংসাত্মক ঘটনা ৷ শ্বিলঙত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

নিউজ ডেস্ক, ১৯ জানুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭৩ শতাংশ হ্ৰাস পাইছে । মেঘালয়ৰ ৰাজধানী শ্বিলঙত উত্তৰ-পূব পৰিষদৰ ৭১ সংখ্যক পূৰ্ণাংগ অধিবেশনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয়, “২০০৪ চনৰ পৰা ২০১৪ চনলৈকে উত্তৰ-পূবত মুঠ ১১,১২১ টা হিংসাত্মক কাণ্ড সংঘটিত হৈছে”।

শ্বাহে কয় যে ২০১৪ চনৰ পৰা ২০২৩ চনলৈ এই সংখ্যা ৭৩ শতাংশ হ্ৰাস পাই ৩,১১৪ হৈছে । নিৰাপত্তাৰক্ষীৰ মাজত মৃত্যুৰ হাৰ ৪৫৮ ৰ পৰা ১৩২ লৈ ৭১ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে সাধাৰণ লোকৰ মৃত্যুৰ হাৰ ৮৬ শতাংশ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

"বিদ্ৰোহৰ ঘটনাসমূহ কমি আহিছে কাৰণ বিগত পাঁচ বছৰত ৮,৯০০ ৰো অধিক উগ্ৰপন্থী সংগঠনৰ কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহি সমগ্ৰ দেশক এটা বাৰ্তা দিছে যে শান্তি আৰু সমৃদ্ধি পাৰস্পৰিকভাৱে সংযুক্ত আৰু ইয়াৰ অবিহনে ৰাজ্যসমূহৰ বিকাশ হ'ব নোৱাৰে ।" কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় ৷

শ্বাহে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে মোদী চৰকাৰে ৯ খন চুক্তি স্বাক্ষৰ কৰিছে আৰু এইবোৰৰ জৰিয়তে আইন-শৃংখলাৰ সৈতে জড়িত বহু বিচাৰাধীন সমস্যা সফলভাৱে সমাধান হৈছে । তেওঁ আৰু কয় যে অসম আৰু মণিপুৰৰ কিছু অংশৰ বাহিৰেও ২০১৮ চনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ( AFSPA) ৰ অধীনত সামৰি লোৱা ৭৫ শতাংশ অঞ্চলৰ পৰা ইয়াক প্ৰত্যাহাৰ কৰা হৈছে ।

ভাষণত অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছৰ ৭৫ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ যোৱা ১০ বছৰ উত্তৰ-পূবৰ উন্নয়নৰ বাবে আটাইতকৈ উল্লেখযোগ্য । তেওঁ কয় যে মোদীৰ নেতৃত্বত এই ১০ বছৰত আন্তঃগাঁথনি সৃষ্টিৰ বাবে উত্তৰ-পূবৰ পৰা দিল্লী আৰু ভাৰতৰ বাকী অংশলৈ দূৰত্ব কমি যোৱাই নহয়, হৃদয়ৰ পাৰ্থক্যও কমিছে ।

তেওঁ আৰু কয় যে বিভিন্ন জাতি-ভাষিক, সীমান্ত আৰু উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত সমস্যাৰ সৈতে যুঁজি থকা উত্তৰ-পূৰ্বাঞ্চলেও এই দহ বছৰত শান্তিৰ এক সতেজ আৰু স্থায়ী যুগৰ আৰম্ভণি কৰিছে৷

শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই ১০ বছৰ যদি দেশৰ স্বাধীনতাৰ পাছৰ ৭৫ বছৰৰ সৈতে তুলনা কৰা হয়, তেন্তে এই দশকটো নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সোণালী যুগ বুলি গণ্য কৰা হ’ব৷

‘‘আমি সদায় উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰি আহিছো । অটল বিহাৰী বাজপেয়ীৰ সময়ত ইয়াক অগ্ৰাধিকাৰ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি কৰা হৈছিল আৰু আজি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এক্ট ইষ্ট, এক্ট ফাষ্ট আৰু এক্ট ফাৰ্ষ্ট তিনিটা মন্ত্ৰ কাৰ্যকৰী কৰা হৈছে ।’’ শ্বাহে লগতে কয় ৷

ইয়াৰ সমান্তৰালকৈ ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়ত ইয়াক অগ্ৰাধিকাৰ দি উত্তৰ-পূৰ্বাঞ্চললৈ প্ৰেৰণা দিয়া হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠাৰ ৫০ বছৰত উত্তৰ-পূৰ্বাঞ্চল পৰিষদে সকলো ৰাজ্যকে নীতি সম্পৰ্কীয় মঞ্চ প্ৰদান কৰি আৰু তেওঁলোকৰ সমস্যাৰ সমাধান সৰল কৰি অঞ্চলটোৰ উন্নয়নৰ গতি বৃদ্ধি কৰিছে ।

তেওঁ কয় যে এই ৫০ বছৰত এই অঞ্চলত ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক পথ নিৰ্মাণ হৈছে, ৭০০ মেগাৱাটৰ শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এন ই চিৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ বহু প্ৰতিষ্ঠানো স্থাপন কৰা হৈছে ।

শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এক্ট ইষ্ট পলিচিৰ অধীনত এন ই চিৰ ভূমিকা আৰু পৰিসৰ বৃদ্ধি কৰা হৈছে । তেওঁ কয় যে বিগত কেইটামান বছৰত এই অঞ্চলৰ আইন-শৃংখলা, বিদ্ৰোহ আৰু সীমান্তৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মোদী চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । ইয়াৰ লগতে উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (NESAC) ব্যৱহাৰ কৰি প্ৰশাসনত প্ৰযুক্তিৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ কামো কৰা হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি, খাদ্য, সাজ-পোছাক আৰু প্ৰাকৃতিক সৌন্দর্যই এই অঞ্চলটোক বিশ্ব পর্যটনত এক বৃহৎ উত্থান দিব বুলিও তেওঁ কয়৷ শ্বাহে লগতে কয় যে ২০১৬ চনত যেতিয়া প্ৰধানমন্ত্ৰী মোদী এন ই চিৰ পূৰ্ণাংগ অধিৱেশনলৈ আহিছিল, তেতিয়া ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বৈঠকৰ সভাপতিত্ব কৰিছিল । ইয়াৰ পিছত মোদীয়ে বিগত ১০ বছৰত ৫০ বাৰতকৈ অধিক উত্তৰ-পূব ভ্ৰমণ কৰি চৰকাৰৰ অগ্ৰাধিকাৰসমূহ সমগ্ৰ দেশৰ আগত অতি স্পষ্ট কৰি দিছিল ।

তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীসকলেও ৫০০ বাৰতকৈও অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে ‘সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী’ৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ, ভাষা, সংস্কৃতি, সাহিত্য, সংগীত, সাজ-পোছাক আৰু খাদ্য-সামগ্ৰীক সমৃদ্ধ কৰাই নহয়, সমগ্ৰ ভাৰতবৰ্ষক এই বৈশিষ্ট্যসমূহৰ সৈতে চিনাকি হোৱাৰ সুযোগ দিয়াৰ দিশতো কাম কৰিছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ বাবেও মোদী চৰকাৰে বিগত ১০ বছৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে । আজি এন ই চিৰ বাৰ্ষিক পুথি - ২০২৪ও মুকলি কৰা হৈছে । শ্বাহে সকলো ৰাজ্যকে মুঠ বিত্তীয় ঘাটি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাই কয় যে মণিপুৰ, অসম, নাগালেণ্ড আৰু ত্ৰিপুৰাই এই দিশত প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে ।

তেওঁ কয় যে আমি বানমুক্ত আৰু ড্ৰাগছমুক্ত উত্তৰ-পূব সৃষ্টিৰ বাবে জোৰ দিব লাগিব আৰু উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰক ব্যৱহাৰ কৰি জল ব্যৱস্থাপনা শক্তিশালী কৰিব লাগিব । বৰষুণৰ পানী শোষণ কৰিবলৈ ডাঙৰ ডাঙৰ হ্ৰদ সৃষ্টি কৰি আমি পৰ্যটকক আকৰ্ষণ কৰিব পাৰো ৷ লগতে খোৱাপানী আৰু জলসিঞ্চন ব্যৱস্থাকো শক্তিশালী কৰিব পাৰো ।

শ্বাহে শেষত কয়, ‘‘আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থাক একবিংশ শতিকালৈ লৈ যাবলৈ তিনিখন নতুন আইন প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অনা হৈছে আৰু সেইবোৰ অধিসূচনা কৰাৰ পিছত তিনি বছৰৰ ভিতৰত আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থাটো পৃথিৱীৰ আটাইতকৈ আধুনিক আৰু বৈজ্ঞানিক অপৰাধমূলক ন্যায় ব্যৱস্থাত পৰিণত হ’ব ৷

লগতে পঢ়ক: মহাদেৱৰ আশিস বিচাৰি তেজপুৰৰ মহাভৈৰৱত সেৱা ল’লে অমিত শ্বাহে

Last Updated :Jan 23, 2024, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.