ETV Bharat / bharat

মূৰত এ চি হেলমেট পিন্ধি ৰাস্তাত ওলাল যান-বাহন আৰক্ষী - AC Helmet to Traffic Police

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 7:24 PM IST

AC Helmet to Traffic Police: প্ৰচণ্ড গৰমত সকাহ দিয়াৰ উদ্দেশ্যে যান-বাহন আৰক্ষীৰ বাবে নিৰ্মাণ কৰা হৈছে বিশেষ এচি হেলমেট । সেই হেলমেট মূৰত পিন্ধি ৰাস্তাত ওলাল যান-বাহন আৰক্ষী ৷

AC Helmet to Traffic Police
মূৰত এচি হেলমেট লৈ ৰাজপথত বদোদৰা যান-বাহন আৰক্ষী

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল : সমগ্ৰ দেশতে গ্ৰীষ্মৰ প্ৰভাৱ নিৰন্তৰভাৱে বৃদ্ধি পাইছে । গৰমৰ প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে তাপমাত্ৰা ইমান বাঢ়ি গৈ আছে যে মানুহৰ বাবে ৰাস্তাত ওলাই যোৱাটো কঠিন হৈ পৰিছে । এনে পৰিস্থিতিত যান-বাহন আৰক্ষীয়েই আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব লগা হয় । অৱশ্যে গৰমৰ পৰা পৰিত্ৰাণৰ বাবে নতুন কৌশল আৰু উদ্ভাৱন কৰা হৈছে । তাৰ মাজতে গুজৰাট আৰক্ষীয়ে গ্ৰহণ কৰা এই নতুন উদ্ভাৱন অতি আকৰ্ষণীয় হৈ পৰিছে ।

গুজৰাটৰ বদোদৰা যান-বাহন আৰক্ষীয়ে জোৱানসকলৰ বাবে এক বিশেষ ধৰণৰ হেলমেটৰ ব্যৱস্থা কৰিছে, যি তেওঁলোকক গৰমৰ পৰা সকাহ দিব । বদোদৰা যান-বাহন আৰক্ষীয়ে জোৱানসকলৰ বাবে এচি হেলমেটৰ ব্যৱস্থা কৰিছে । যিটোৱে বাহিৰৰ তাপমাত্ৰা ৪০-৪৫ ডিগ্ৰী চেলচিয়াছ হ'লেও পিন্ধা ব্যক্তিজনক শীতল কৰি ৰাখিব । জানিব পৰা মতে হেলমেটটো আইআইএম বদোদৰাৰ শিক্ষাৰ্থীসকলে ডিজাইন কৰিছে ।

এই হেলমেটটো বেটাৰিৰ দ্বাৰা চালিত । ইয়াক এবাৰ চাৰ্জ কৰিলে প্ৰায় ৮ ঘণ্টাৰ বেকআপ দিয়ে । এচি হেলমেটে মূৰটো শীতল কৰি ৰাখে । চকুক সূৰ্যৰ পোহৰৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ ভাইজাৰ আছে । এই হেলমেটটো আৰক্ষীৰ কঁকালত বন্ধা এটা ডাঙৰ বেটাৰী পেকৰ সৈতে সংলগ্ন হৈ আছে । তথ্য অনুসৰি, এই হেলমেটটোৰ ওজন প্ৰায় ৫০০ গ্ৰাম ।

আমি সকলোৱে জানো যে গ্ৰীষ্মৰ দিনবোৰত কৰ্তব্যৰত আৰক্ষী বিষয়াসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় । প্ৰচণ্ড গৰমৰ ফলত মূৰ্চ্ছা যোৱাৰ সম্ভাৱনাও বৃদ্ধি হয় । এনে পৰিস্থিতিত এচি হেলমেটবোৰে তেওঁলোকক বহুত পৰিমাণে আৰাম আৰু সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । আৰক্ষী বিষয়াসকলৰ মতে হেলমেটবোৰ পৰীক্ষণৰ ভিত্তিত ব্যৱহাৰ কৰা হৈছে আৰু চহৰখনৰ ৬ টা চাৰিআলিত আৰক্ষী বিষয়াসকলক এই হেলমেট দিয়া হৈছে ।

শীৰ্ষ বিষয়াসকলৰ মতে তেওঁলোকক আৰাম আৰু দক্ষতাৰ বাবে পৰীক্ষা কৰা হ'ব । লক্ষণীয়ভাৱে, কেৱল বদোদৰাতে নহয় শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কানপুৰত যান-বাহন আৰক্ষী বিষয়াসকলৰ বাবে এই পদক্ষেপ লোৱা হৈছে । যদি এচি হেলমেট সফল হয়, ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰিব পাৰে ।

লগতে পঢ়ক :নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে; আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ - JHARSUGUDA BOAT MISHAP Update

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.