ETV Bharat / bharat

বাংগালুৰুত বিদেশী মহিলাক হত্যা কৰি কেৰালাত আত্মগোপন অভিযুক্ত অসমীয়া যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:47 AM IST

Foreign woman murder in Bengaluru: কৰ্ণাটক পুলিচে কৰায়ত্ত কৰিলে দুগৰাকীকৈ অসমীয়া যুৱকক ৷ এগৰাকী বিদেশী মহিলাৰ হত্যাৰ অভিযোগত শেষাদ্ৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ৷

Two young man accused of killing a foreign woman were hiding in Kerala;accused arrested
বিদেশী মহিলাক হত্যা কৰি কেৰালাত আত্মগোপন অভিযুক্ত অসমীয়া যুৱকৰ

নেশ্যনেল ডেস্ক, 16 মাৰ্চ: বাংগালুৰুত এগৰাকী বিদেশী মহিলাৰ হত্যাকাণ্ডৰ গোচৰত কৰ্ণাটক আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । লক্ষণীয় কথাটো হ’ল উজবেকিস্তানৰ মহিলাগৰাকীক হত্যাৰ অভিযোগত অভিযুক্ত দুয়োজন ব্যক্তি অসমৰ ৷

বিদেশী ধন আৰু মোবাইলৰ বাবে মহিলাগৰাকীক হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ আৰু ইয়াৰ পিচতে ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা অসমৰ দুই অভিযুক্তই কেৰালাত আত্মগোপন কৰি আছিল । অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰি অভিযুক্তৰ পৰা নগদ 13 হাজাৰ টকা, 2000 টকাৰ দুখন আৰু 5 হাজাৰ টকাৰ এখন উজবেকিস্তানী নোট জব্দ কৰা হয় ।

জানিব পৰা মতে, টুৰিষ্ট ভিছা লৈ বাংগালুৰুলৈ আহিছিল উজবেকিস্তানৰ জৰিনা ৷ ছয় দিন শেষাদ্ৰীপুৰৰ সমীপৰ জগদীশ হোটেলত আছিল মহিলাগৰাকী । বুধবাৰৰ সন্ধিয়া মহিলাগৰাকীয়ে দৰ্জা নোখোলাত হোটেলৰ কৰ্মচাৰীৰ মনত সন্দেহ ওপজে ৷ কৰ্মচাৰীয়ে মহিলাগৰাকী থকা কোঠাটোৰ দুৱাৰখন মাষ্টাৰ চাবি ব্যৱহাৰ কৰি খোলে আৰু জৰিনাক মৃত অৱস্থাত উদ্ধাৰ কৰে । ততাতৈয়াকৈ শেষাদ্ৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ব’ৰিং হাস্পতাললৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত মৃত্যু সম্বন্ধীয় গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

হোটেলখনৰ চাফাই বিভাগত কাম কৰি থকা অভিযুক্ত দুজনে ৰুম চাৰ্ভিচলৈ যোৱাৰ সময়ত আঠুৱাৰে শ্বাসৰুদ্ধ কৰি মহিলাগৰাকীক হত্যা কৰে বুলি সন্দেহ কৰা হৈছে । ইয়াৰ পিছত বিদেশী মহিলাগৰাকীৰ পৰা টকা আৰু মোবাইল চুৰি কৰি পলায়ন কৰে অভিযুক্ত দুজন । এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ পিছত আৰক্ষীয়ে অভিযুক্ত দুজনক বিচাৰি বিশেষ দল গঠন কৰি অভিযান চলায় আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: নৃশংস হত্যাকাণ্ড : পিতৃৰ হাতত প্ৰাণ গ’ল দেৱশিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.