৫২ বছৰীয়া সংসদীয় ইতিহাসত ৩ মহিলা পাঁচবাৰ নিৰ্বাচিত ! লোকসভাত জম্মু-কাশ্মীৰৰ মহিলা প্ৰতিনিধিত্বৰ ছবি - women mp from jammu kashmir

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 8:38 PM IST

লোকসভাত জম্মু-কাশ্মীৰৰ মহিলা প্ৰতিনিধি

JK Lok Sabha Women Representation : 52 বছৰৰৰ সংসদীয় ইতিহাসত জম্মু-কাশ্মীৰৰ মহিলাসকলে জনপ্ৰতিনিধি হিচাপে পাঁচবাৰ সংসদত প্ৰৱেশ কৰিছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশে লক্ষ্য কৰিলেও দেখা যায় যে ৰাজনৈতিক দলবোৰে মহিলাসকলক মনোনীত কৰিবলৈ সংকোচবোধ কৰি আছে । কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে মহিলা ভোটাৰৰ সমৰ্থনৰ বাবে সক্ৰিয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি আছে । আগন্তুক নিৰ্বাচনত জম্মু-কাশ্মীৰত মহিলা ভোটাৰৰ সংখ্যা হৈছে 42.58 লাখ, যিটো 2019 চনত 36.38 লাখৰ পৰা বৃদ্ধি পাইছে ।

নিউজ ডেস্ক, ১৮ এপ্ৰিল : বৰ্তমান সময় হৈছে নাৰী আৰু পুৰুষৰ সমান অধিকাৰৰ সময় । শিক্ষা-নিয়োগৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈকে সকলোতে নাৰী আৰু পুৰুষৰ সমান অধিকাৰৰ কথা কোৱা হয় । কিন্তু নাৰীৰ বাবে সমান অধিকাৰ আৰু প্ৰতিনিধিত্বৰ বাবে ওকালতি কৰি অহা সত্ত্বেও জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে তেওঁলোকক প্ৰাৰ্থী হিচাপে মনোনীত কৰিবলৈ নিৰন্তৰ সংকোচ কৰি আহিছে, বিশেষকৈ লোকসভা নিৰ্বাচনৰ বাবে । উল্লেখ্য যে 1967 চনৰ পৰা 2019 চনলৈকে জম্মু-কাশ্মীৰে সংসদলৈ তিনিগৰাকী মহিলাক কেৱল পাঁচবাৰ নিৰ্বাচিত কৰিছে ।

অৱশ্যে যদিও কাশ্মীৰ অঞ্চলৰ পৰা চাৰিবাৰ আৰু এবাৰ লাডাখৰ পৰা সংসদীয় পদ নাৰীয়ে লাভ কৰিছে, কিন্তু জম্মু অঞ্চলৰ কোনো মহিলাই এতিয়ালৈকে সংসদত প্ৰৱেশ কৰা নাই । ২০২৪ চনৰ লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে মহিলা ভোটাৰসকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে । অৱশ্যে পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ মেহবুবা মুফতিৰ বাহিৰে কোনো মুখ্য ৰাজনৈতিক দলে এগৰাকীও মহিলা প্ৰাৰ্থী মনোনীত কৰা নাই ।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য আছিল শ্বেখ মহম্মদ আব্দুল্লাৰ পত্নী বেগম আকবৰ জাহান আব্দুল্লা । তেওঁ নেচনেল কনফাৰেন্স পাৰ্টীক প্ৰতিনিধিত্ব কৰিছিল আৰু ১৯৭৭ চনত শ্ৰীনগৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । পিচত 1984 চনত তেওঁ অনন্তনাগ সমষ্টিৰ পৰা পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ।

তেওঁৰ পিচত ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমোৱে 1977 চনত কংগ্ৰেছৰ টিকটত লাডাখৰ পৰা সাংসদ হিচাপে বিজয়ী হৈছিল । ৰাণী পাৰ্বতী দেৱীক সাধাৰণতে লাডাখৰ ৰাণী মাতৃ বুলি কোৱা হয় । বৰ্তমান তেওঁ উত্তৰাখণ্ডৰ ডেৰাডুনত বাস কৰে আৰু ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ৯০ বছৰীয়া পাৰ্বতীয়ে ১৯৭৭ চনত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ আলী ওৰফে আলী কাৰ্গিলিক ২৮৭৭ টা ভোটত পৰাস্ত কৰি লোকসভাত নিজৰ স্থান সুৰক্ষিত কৰিছিল ।

অৱশ্যে মোৰাৰজী দেশাই নেতৃত্বাধীন চৰকাৰ অকালতে ভংগ হোৱাৰ বাবে লোকসভাত তেওঁৰ কাৰ্যকাল মাত্ৰ তিনি বছৰ আছিল । 1980 চনত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয় । ইয়াৰে 27 বছৰৰ ব্যৱধানত মেহবুবা মুফতীয়ে 2004 চনত পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টীৰ টিকটত অনন্তনাগ আসনত জয়লাভ কৰে । তেওঁ নেচনেল কনফাৰেন্সৰ মেহবুব বেগক পৰাস্ত কৰিছিল । তেওঁ হৈছে কাশ্মীৰ অঞ্চলৰ পৰা সাংসদ হোৱা দ্বিতীয়গৰাকী মহিলা ।

তেওঁ 2014 চনত অনন্তনাগ সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয় । সেইবাৰো তেওঁ পুনৰ মেহবুব বেগকে পৰাস্ত কৰে । এনেদৰে 52 বছৰৰৰ সংসদীয় ইতিহাসত জম্মু-কাশ্মীৰৰ মহিলাসকলে জনপ্ৰতিনিধি হিচাপে পাঁচবাৰ সংসদত প্ৰৱেশ কৰিছে । লক্ষণীয়ভাৱে এতিয়ালৈকে কোনো মহিলা সাংসদে ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) বেনাৰত জম্মু-কাশ্মীৰক প্ৰতিনিধিত্ব কৰা নাই । আনহাতে, নিৰ্দলীয় মহিলা প্ৰাৰ্থীয়ে কৰা প্ৰচেষ্টা সত্ত্বেও তেওঁলোকক জম্মু-কাশ্মীৰ আৰু লাডাখৰ নিৰ্বাচনত সফলতা লাভৰ পৰা আঁতৰাই ৰাখিছে ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিশে লক্ষ্য কৰিলেও দেখা যায় যে ৰাজনৈতিক দলবোৰে মহিলাসকলক মনোনীত কৰিবলৈ সংকোচবোধ কৰি আছে । কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে মহিলা ভোটাৰৰ সমৰ্থনৰ বাবে সক্ৰিয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি আছে । আগন্তুক নিৰ্বাচনত জম্মু-কাশ্মীৰত মহিলা ভোটাৰৰ সংখ্যা হৈছে 42.58 লাখ, যিটো 2019 চনত 36.38 লাখৰ পৰা বৃদ্ধি পাইছে । আনহাতে, লাডাখত 2022 চনত 40.67 লাখলৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপটত উধমপুৰৰ পৰা কোনো ৰাজনৈতিক দলে মহিলা প্ৰাৰ্থী মনোনীত কৰা নাই । একেদৰে কোনো মহিলাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰা নাই ।

তদুপৰি, কোনো মুখ্য ৰাজনৈতিক দলে জম্মু-কাশ্মীৰৰ শীতকালীন ৰাজধানী জম্মুৰ পৰা এগৰাকীও মহিলা প্ৰাৰ্থী মনোনীত কৰা নাই । অৱশ্যে আঞ্চলিক দল নেচনেল পেন্থাৰ্ছ পাৰ্টীয়ে জম্মু আসনৰ বাবে ৩০ বছৰীয়া শিখা বান্দ্ৰালৰ ওপৰত আস্থা দেখুৱাইছে । কাশ্মীৰত মেহবুবা মুফতীয়ে অনন্তনাগ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে । একেখন আসনৰ পৰা 2019 চনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল । এইটো হৈছে তেওঁৰ চতুৰ্থ প্ৰয়াস ।

অনন্তনাগ সমষ্টিৰ বাবে মনোনয়ন প্ৰক্ৰিয়া চলি থকাৰ বিপৰীতে শ্ৰীনগৰৰ বাবে মনোনয়ন দাখিলৰ অধিসূচনা বৃহস্পতিবাৰে জাৰি কৰা হৈছে । বাৰামুলা আৰু লাডাখ সমষ্টিৰ নিৰ্বাচন পঞ্চম পৰ্যায়ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বাৰামুলা আৰু লাডাখৰ পৰা কোনো মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰৱেশ কৰে নেকি সেইটো অৱশ্যে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ঐতিহাসিক হ'ব লাগিব নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া; ব্যাপক প্ৰস্তুতি বিজেপিৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.