ETV Bharat / bharat

শিহৰণকাৰী ! এচিড আক্ৰমণৰ বলি তিনি ছাত্ৰী

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 12:28 PM IST

Updated : Mar 4, 2024, 1:28 PM IST

Karnataka Acid attack case : কৰ্ণাটকত তিনিগৰাকী এচিড আক্ৰমণৰ বলি হ’ল তিনিগৰাকী ছাত্ৰী ৷ প্ৰেমজনিত কাৰণত এই জঘন্য ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ পঢ়ক সবিশেষ...

Karnataka Acid attack case
শিহৰণকাৰী ! এচিড আক্ৰমণৰ বলি তিনি ছাত্ৰী

নেশ্যনেল ডেস্ক, 4 মাৰ্চ : কৰ্ণাটকত শিহৰণকাৰী ঘটনা ৷ দক্ষিণ কানাড়াৰ কাডাবাৰ এখন চৰকাৰী পিইউ মহাবিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীক সোমবাৰে পুৱা এজন ব্যক্তিয়ে এচিড নিক্ষেপ কৰে ৷ লগে লগে তিনিগৰাকী ছাত্ৰীৰ দেহৰ অংশ জ্বলি যায় ৷ ইয়াৰে এগৰাকী ছাত্ৰী গুৰুতৰভাৱে দগ্ধ হৈছে ৷ আনহাতে আন দুগৰাকী ছাত্ৰী সামান্যভাৱে দগ্ধ হয় ।

ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত কেৰালাৰ এগৰাকী এমবিএৰ ছাত্ৰক আবিন (23) ক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ দক্ষিণ কানাড়াৰ আৰক্ষী অধীক্ষক চি বি ৰিশ্যান্তে কয় যে এই ঘটনাত কেৰালাৰ এগৰাকী ছাত্ৰীও দগ্ধ হয় ৷ সূত্ৰই জনোৱা অনুসৰি, শিক্ষাৰ্থী তিনিগৰাকীয়ে পৰীক্ষা দিবলৈ যোৱা সময়ত ঘটনাটো সংঘটিত হয় ৷

এই ঘটনাৰ পিচতে তিনিওগৰাকী ছাত্ৰীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই জঘন্য ঘটনাৰ আঁৰৰ উদ্দেশ্য প্ৰেমৰ বিফলতাৰ সৈতে সম্পৰ্কিত বুলি সন্দেহ কৰা হৈছে । মাল্লাপুৰম জিলাৰ নেলাম্বুৰ তালুকৰ বাসিন্দা ছাত্ৰীগৰাকীক লক্ষ্য কৰি আবিনে এচিড আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে মেংগালুৰলৈ স্থানান্তৰিত কৰা হৈছে । অভিযুক্তজনে মুখা আৰু টুপী পিন্ধি আছিল বুলি জানিবলৈ দিয়ে ৷ অভিযুক্তজনে মহাবিদ্যালয়ৰ ছাত্ৰৰ দৰে পোছাক পিন্ধি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । অভিযুক্তটোৱে আক্ৰমণৰ পিচত পলাই যাবলৈ চেষ্টা কৰিছিল যদিও ঘটনাস্থলীত উপস্থিত থকা স্থানীয় লোকসকলে যুৱকজনক খেদি খেদি আটক কৰি আৰক্ষীৰ হাতত গতাই দিছিল । ইতিমধ্যে কাডাবা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কৰি আছে ।

লগতে পঢ়ক: মহিলাৰ ওপৰত এচিড আক্ৰমণৰ শীৰ্ষত বেংগালুৰু: NCRB

Last Updated : Mar 4, 2024, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.