ETV Bharat / bharat

শ্বিলঙত IED বিস্ফোৰণ, আহত এজন

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 12:19 PM IST

Suspected IED blast near Harijan Colony Shillong, one injured
শ্বিলঙত বিস্ফোৰণৰ ঘটনা, আহত এজন

Harijan Colony resident injured in blast : শ্বিলঙত IED বিস্ফোৰণৰ ঘটনা ৷ নিহত এজন ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

শিলচৰ, 10 মাৰ্চ: শনিবাৰে নিশা মেঘালয়ৰ শ্বিলঙত এক ভয়ংকৰ IED বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । হৰিজন ক’লনীৰ সমীপৰ বাছ আস্থানত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা । IED বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় লক্ষণ সিং নামৰ এগৰাকী লোক । খবৰ লাভ কৰাৰ পাচতে শ্বিলং আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

নিশাই ঘটনাস্থলীত উপস্থিত পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক ঋতুৰাজ ৰবি । আৰক্ষীৰ মতে, হৰিজন ক’লনীৰ ওচৰৰ এখন পৰিত্যক্ত অৱস্থাত থকা এখন ঘৰত সংঘটিত হয় এই বোমা বিস্ফোৰণ । ঘটনাস্থলী সংঘটিত হোৱাৰ পাচতে বৃহৎ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

ইপিনে, পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক ঋতুৰাজ ৰবিয়ে এই সন্দৰ্ভত ই টিভি ভাৰতক কয়, "নিশা প্ৰায় 10.30 বজাত চিণ্ডিকেট বাছ ষ্টেণ্ডৰ ওচৰত বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় । এটা সৰু পৰিত্যক্ত ঘৰত বিস্ফোৰণটো সংঘটিত হয় । যাৰ ফলত টিন আৰু ঘৰটোৰ কেইখনমান খিৰিকীৰ ক্ষতিসাধন হয় ৷ বৰ্তমান পৰ্যন্ত অধিক ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা নাই ।"

পূব খাচী পাহাৰৰ আৰক্ষী অধীক্ষক ঋতুৰাজ ৰবিয়ে কয়, "এক প্ৰাৰম্ভিক অনুসন্ধানে সূচায় যে বিস্ফোৰণৰ কাৰণ এটা আইইডি আছিল । পৰৱৰ্তী অনুসন্ধান আৰু তদন্ত চলি আছে ৷ ক্ষতিৰ পৰিমাণৰ বিষয়ে অধিক বিৱৰণ এতিয়াও প্ৰাপ্ত হোৱা নাই’’ ।

উল্লেখ্য যে, হৰিজন ক’লনি স্থানান্তৰকলৈ মেঘালয় চৰকাৰৰ লগত সংঘাত অব্যাহত আছে । বিভিন্ন দল-সংগঠনৰ সৈতেও সংঘাত হৰিজন পঞ্চায়ত কমিটিৰ । এই ঘটনাকলৈ পূৰ্বেও সংঘটিত হৈছে বহু বিক্ষিপ্ত ঘটনা ।

লগতে পঢ়ক: ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত বিএছএফ জোৱান শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.