ETV Bharat / bharat

সুনীতা কেজৰিৱালে অংশ ল'ব ৰাঁচীৰ ইণ্ডিয়া ব্লকৰ ৰেলীত - Sunita Kejriwal in Ranchi Rally

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 6:01 PM IST

Sunita Kejriwal in Ranchi Rally: অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে ইণ্ডিয়া ব্লকৰ দ্বিতীয়খন ৰেলীত অংশগ্ৰহণ কৰিব । ২১ এপ্ৰিলত ৰাঁচীত অনুষ্ঠিত হ'ব এই ৰেলী । সুনীতা কেজৰিৱালে দিল্লী, গুজৰাট আৰু ঝাৰখণ্ডত ইণ্ডিয়া ব্লকৰ হৈ প্ৰচাৰ চলাব ।

Sunita Kejriwal in Ranchi Rally
সুনীতা কেজৰিৱালে অংশ ল'ব ৰাঁচীৰ ইণ্ডিয়া ব্লকৰ ৰেলীত

নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইণ্ডিয়া ব্লকৰ দ্বিতীয়খন ৰেলী ২১ এপ্ৰিলত ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হ'ব । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালেও এই ৰেলীত অংশগ্ৰহণ কৰিব । তেওঁৰ সৈতে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে ৩১ মাৰ্চত সুনীতা কেজৰিৱালে আম আদমি পাৰ্টীৰ হৈ দিল্লীত অনুষ্ঠিত ইণ্ডিয়া ব্লকৰ ৰেলীত অংশগ্ৰহণ কৰিছিল । এই ৰেলী ৰামলীলা ময়দানত অনুষ্ঠিত হৈছিল । তাতেই ২১ এপ্ৰিলত ইণ্ডিয়া ব্লকৰ ৰাঁচী ৰেলীৰ প্ৰস্তাৱ দিয়া হৈছিল । দুদিন পূৰ্বে আম আদমি পাৰ্টীয়ে নিৰ্বাচন আয়োগক দিয়া তাৰকা প্ৰচাৰকসকলৰ তালিকাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ নামো প্ৰেৰণ কৰিছিল । ইয়াৰ উপৰিও তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱাল, সত্যেন্দ্ৰ জৈন, মনীষ চিছোদিয়াৰ নাম আম আদমি পাৰ্টীয়ে তাৰকা প্ৰচাৰকসকলৰ তালিকাত নিৰ্বাচন আয়োগক দিছে ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াৰে পৰা তেওঁ কাৰাগাৰত আছে । তেওঁৰ জামিন আবেদন নাকচ কৰা হৈছে । আম আদমি পাৰ্টীয়ে ইয়াক এক ইচ্ছু হিচাপে লৈছে ।

একে সময়তে, অনুমান কৰা হৈছে যে অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে মুকলিকৈ প্ৰচাৰ চলাব । যাৰ বাবে তেওঁৰ নামো তাৰকা প্ৰচাৰকসকলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ পূৰ্বে, সুনীতা কেজৰিৱালে ৰামলীলা ময়দানত ইণ্ডিয়া ব্লকৰ ৰেলীত মঞ্চত উপস্থিত আছিল । অৱশ্যে, সুনীতা কেজৰিৱালে ইতিমধ্যে তেওঁৰ বিধানসভা সমষ্টি নতুন দিল্লীত স্বামী অৰবিন্দ কেজৰিৱালৰ হৈ প্ৰচাৰ চলাইছে । কিন্তু এতিয়া তেওঁ আনুষ্ঠানিকভাৱে দলৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিছে । দিল্লীৰ উপৰিও তেওঁ এতিয়া গুজৰাট আৰু ঝাৰখণ্ডতো প্ৰচাৰ চলাব ।

লগতে পঢ়ক :কে চি আৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ: নিৰ্বাচন আয়োগৰ জাননী জাৰি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.