ETV Bharat / bharat

সম্পূৰ্ণ হনুমান চালিছা কাঠত খোদিত কৰি ৰাম মন্দিৰলৈ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:19 PM IST

Hanuman Chalisa: ওডিশাৰ শিল্পীয়ে কাঠত খোদিত কৰিছে 'হনুমান চালিছা', অযোধ্যাৰ ৰাম মন্দিৰলৈ এয়া তেওঁৰ উপহাৰ ৷

Odisha artist carves 'Hanuman Chalisa' on wood,  Presents to Ayodhya's Ram Temple
কাঠত খোদিত হনুমান চালিছা

নেশ্যনেল ডেস্ক, 15 মাৰ্চ : গঞ্জাম জিলাৰ এজন যুৱ শিল্পী অৰুণ চাহুৱে সমগ্ৰ হনুমান চালিছা কাঠত খোদিত কৰে আৰু বৃহস্পতিবাৰে অযোধ্যাত ভগৱান ৰামক উপহাৰ দিয়ে । তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো সাক্ষাৎ কৰে ।

গঞ্জাম জিলাৰ কণ্টেই কলি গাঁৱৰ এজন শিল্পী অৰুণ চাহুৱে কাঠত হনুমান চালিছাৰ এটা প্ৰতিলিপি খোদিত কৰিছে । তেওঁ হনুমান চালিছাক 6 ফুট দীঘল কাঠৰ তক্তা এখনত খোদিত কৰে । তেওঁৰ প্ৰতিভাৰ কথা অৱগত হোৱাৰ পাচত ৰাম মন্দিৰ ন্যাসে আমন্ত্ৰণ জনাইছিল তেওঁক ।

Odisha artist carves 'Hanuman Chalisa' on wood,  Presents to Ayodhya's Ram Temple
কাঠত খোদিত হনুমান চালিছা

অৰুণ চাহুৱে বৃহস্পতিবাৰে অযোধ্যাত ভগৱান ৰামৰ আশীষ গ্ৰহণ কৰে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো সাক্ষাৎ কৰে তেওঁ । তেওঁ ৰাম মন্দিৰলৈ বুলি কাঠত খোদিত কৰা হনুমান চালিছা পুথিখন উপহাৰ দিয়ে ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ সুখী হৈ পৰে ।

Odisha artist carves 'Hanuman Chalisa' on wood,  Presents to Ayodhya's Ram Temple
মুখ্যমন্ত্ৰীৰ সৈতে শিল্পী

অৰুণে কয়, "মই ৰাম মন্দিৰৰ বাবে হনুমান চালিছাখন কাঠত খোদিত কৰি এখন ফলক বনালো । ইয়াৰ উচ্চতা ৬ ফুট ৯ ইঞ্চি । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ব্যক্তিগতভাৱে লগ পোৱাৰ সুযোগ পাই মই অতি সুখী । মই কাঠৰ ওপৰত তেওঁৰো ছবি এখন বনাইছিলো । মই তেওঁক সেইটো উপহাৰ দিলো ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

অৰুণ চাহুৱে যোৱা ১০ বছৰ ধৰি কাঠত খোদিত কৰা কাম কৰি আছে । অৰুণ চাহুৰ দেউতাক ভাস্কৰ চাহু পেছাত এজন কাঠমিস্ত্ৰী, যি জীৱিকাৰ বাবে কাঠৰ আচবাব তৈয়াৰ কৰে । অৰুণে কলেজ এৰি দেউতাকৰ সৈতে এই কামত যোগ দিয়ে আৰু তেওঁক পাৰিবাৰিক ব্যৱসায়টো আগবঢ়াই নিবলৈ দেউতাকক সহায় কৰিবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক : কোকিলাবেন হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হ’ল অমিতাভ বচ্চনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.