ETV Bharat / bharat

ৰামেশ্বৰম কেফেৰ বিস্ফোৰণ : অভিযুক্তৰ তথ্য দিওঁতালৈ 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা "নিয়া"ৰ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 6:25 PM IST

Rameshwaram Cafe blast
ক্ষীপ্ৰতাৰে চলিছে তদন্তকাৰী সংস্থাৰ তদন্ত

Rameshwaram Cafe blast : ৰামেশ্বৰম কেফেত বিস্ফোৰণ সংঘটিত কৰা অভিযুক্তৰ তথ্য দিওঁতালৈ 10 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ ৷ 5 মাৰ্চত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দলে ৰামেশ্বৰম কেফে পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে ৷

নিউজ ডেস্ক, 6 মাৰ্চ : 1 মাৰ্চত বাংগালুৰুৰ হোৱাইটফিল্ড অঞ্চলৰ ৰামেশ্বৰম কেফেত এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বিস্ফোৰণত আহত হয় কেফেখনৰ 9 জনকৈ গ্ৰাহক ৷ যিহেতু ই এটা ইম্প্ৰভাইজড কম তীব্ৰতাৰ বোমা আছিল, সেয়েহে কোনো বৃহৎ ক্ষতি হোৱা নাছিল ৷

Rameshwaram Cafe blast
বিস্ফোৰণকাৰীৰ তথ্য দিওঁতালৈ 10 লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

বেংগালুৰু চি চি বি আৰক্ষীয়ে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ ইউ এ পি এ আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ চি চি টিভিৰ ফুটেজত দেখা গৈছে যে অভিযুক্তই এটা বেগ লৈ কেফেত উপস্থিত হোৱাৰ পিচত এৰি থৈ যায় ৷ আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ চেহেৰা ধৰিব পৰা গৈছে ৷

ৰাজ্যখনৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে কয় যে, শেহতীয়াকৈ ৰামেশ্বৰম কেফেত সংঘটিত হোৱা বিস্ফোৰণৰ গোচৰত এটা গুৰুত্বপূৰ্ণ সূত্ৰ পোৱা গৈছে আৰু ৰাজ্যৰ চি চি বি আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলে যৌথভাৱে তদন্ত চলাই আছে ৷

আজি চাইবাৰ অপৰাধ অনুসন্ধান সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "মঙলবাৰে এন আই এৰ বিষয়াৰ এটা দলে বিস্ফোৰণস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে ৷ ৰাজ্যিক চি চি বিয়েও তদন্ত অব্যাহত ৰাখিছে ৷ দুয়োটা তদন্তকাৰী সংস্থাই যৌথ অভিযান চলাই আছে ৷"

ক্ষীপ্ৰতাৰে চলিছে এন আই এৰ তদন্ত : বোমা বিস্ফোৰণৰ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিষয়াৰ এটা দলে 5 মাৰ্চত ৰামেশ্বৰম কেফে পৰিদৰ্শন কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ এছ পিৰ নেতৃত্বত তিনিজন বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি কেফেৰ কৰ্মচাৰীৰ পৰা ঘটনাৰ সবিশেষ লাভ কৰে ৷ এতিয়াও তদন্ত অব্যাহত আছে আৰু এতিয়া অভিযুক্তৰ বিষয়ে তথ্য দিয়া সকলক নগদ 10 লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে NIA ই ৷

লগতে পঢ়ক : লক্ষ্ণৌত চিলিণ্ডাৰ বিস্ফোৰণত শিশুসহ ৫ নিহত, আহত ৪

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.