শ্ৰীনগৰ : সমগ্ৰ দেশতে এতিয়া বৈছে শোকৰ বন্যা ৷ মালাৰে সজ্জিত বগা ৰঙৰ এই বাকচবোৰৰ দৃশ্যই আগন্তুক বছৰবোৰলৈ সকলো ভাৰতীয়ক ব্যথিত কৰিব । এই বাকচৰ ভিতৰত আছে ১২খন ৰাজ্যৰ ক্ষত-বিক্ষত লোকৰ শৱদেহ ৷ তেওঁলোক আহিছিল ভূ-স্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰৰ শান্তি আৰু সৌন্দৰ্য উপভোগ কৰিবলৈ । কিন্তু কোনেও সপোনতো কল্পনা কৰা নাছিল যে তেওঁলোক কফিনত ভিতৰত নিশ্চুপ হৈ এনেদৰে নিজৰ ঘৰলৈ উৰা মাৰিব লাগিব ৷ হাঁহি মুখেৰে ঘৰৰ পৰা উলিয়াই পঠিওৱা তেওঁলোকৰ পৰিয়ালৰ লোকে মানি ল’ব পাৰিবনে নিয়তিৰ এই পৰিহাস ৷
পহলগামৰ এই কৰুণ ঘটনাত নিহতসকলৰ ভিতৰত আছে আই এ এফ কৰ্পৰেল, নৌসেনা আৰু আবকাৰী বিষয়াৰ লগতে কৰ্ণাটকৰ এজন ব্যৱসায়ী । ই টিভি ভাৰতে সংকলন কৰিলে ২৬ জন ভুক্তভোগীৰ তালিকা । তেওঁলোকৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ ছয়জন, গুজৰাট, কৰ্ণাটক আৰু পশ্চিমবংগৰ তিনিজনকৈ আৰু অন্ধ্ৰপ্ৰদেশ, কেৰালা, ওড়িশা, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশৰ এজনকৈ লোকৰ লগতে এজন নেপালী নাগৰিক । নিহতসকলৰ ভিতৰত আছে পাহলগামৰ এজন স্থানীয় লোকো । প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি সন্ত্ৰাসবাদীয়ে পুৰুষসকলৰ মাজৰ পৰা এজন এজনকৈ বাছি উলিয়াই গুলীয়াই হত্যা কৰিছিল ।

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকসকল
- বিনয় নৰৱাল, কৰ্ণাল, হাৰিয়ানা (নৌ-সেনা বিষয়া)
- এন ৰামচন্দ্ৰন, কোচি, কেৰালা
- বিতান অধিকাৰী, কলকাতা, পশ্চিমবংগ
- দীনেশ আগৰৱাল, চণ্ডীগড়
- চৈয়দ আদিল হুছেইন শ্বাহ, পহলগাম, জম্মু-কাশ্মীৰ
- নীৰজ উধৱনী, উত্তৰাখণ্ড
- দিলীপ ডেছালে, মুম্বাই, মহাৰাষ্ট্ৰ
- সঞ্জয় লক্ষ্মণ লেলে, থানে, মহাৰাষ্ট্ৰ
- জে এছ চন্দ্ৰ মৌলি, বিশাখাপট্টনম, অন্ধ্ৰপ্ৰদেশ
- সমীৰ গুহ, কলকাতা, পশ্চিমবংগ
- সুশীল নাথিয়াল, ইন্দোৰ, মধ্যপ্ৰদেশ
- অতুল শ্ৰীকান্ত মণি, থানে, মহাৰাষ্ট্ৰ
- হেমন্ত যোশী সুহাস, মুম্বাই, মহাৰাষ্ট্ৰ
- প্ৰশান্ত শতপতি, বালেশ্বৰ, ওড়িশা
- টেজ হালভিং, জিৰো অৰুণাচল প্ৰদেশ (ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল)
- মধুসুদন ছমিছেটী ৰাও, বেংগালুৰু, কৰ্ণাটক
- ভাৰত ভূষণ, বেংগালুৰু, কৰ্ণাটক
- যতীশ পৰমাৰ, গুজৰাট, ভৱনগৰ
- সুমিত পৰমাৰ, গুজৰাট, ভৱনগৰ (যতীশৰ পুত্ৰ)
- মঞ্জু নাথ ৰাও, শিৱমোগ্গা, কৰ্ণাটক
- সন্তোষ জগদলে, পুনে, মহাৰাষ্ট্ৰ
- কষ্টোবে গানোভোটে, পুনে, মহাৰাষ্ট্ৰ
- শৈলেশ ভাই কালাথিয়া, চুৰাট, গুজৰাট
- শুভম দ্বিবেদী, কানপুৰ, উত্তৰ প্ৰদেশ
- মনীষ ৰঞ্জন, ঝলদা, পুৰুলীয়া, পশ্চিমবংগ (আবকাৰী পৰিদৰ্শক)
- সুদীপ নোপনী, ৰূপাণ্ডেহ, নেপাল
দক্ষিণ কাশ্মীৰৰ পহলগামৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত বৈছাৰণত মঙলবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই কেইবা ডজন লোকৰ হত্যা কৰে ৷ এই আক্ৰমণত আন কেইবাজনো লোক আহত হয় । তেওঁলোকৰ অধিকাংশ আছিল পৰ্যটক ৷ এই নৃশংস আক্ৰমণে কাশ্মীৰৰ স্বাভাৱিক পৰিবেশত ব্যাঘাত কৰে আৰু সমগ্ৰ উপত্যকাত আতংকৰ সৃষ্টি কৰে ৷ ইফাল ভাৰতৰ বাকী অংশত ক্ষোভৰ সৃষ্টি হয় আৰু দেশত শোকাকুল পৰিবেশে বিৰাজ কৰে ।
With a heavy heart, paid last respects to the deceased of the Pahalgam terror attack. Bharat will not bend to terror. The culprits of this dastardly terror attack will not be spared. pic.twitter.com/bFxb2nDT4H
— Amit Shah (@AmitShah) April 23, 2025
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মঙলবাৰে সন্ধিয়াই কাশ্মীৰত উপস্থিত হৈ আজি পহলগামত উপস্থিত হয় । হেলিকপ্টাৰেৰে পহলগামলৈ উৰাৰ পূৰ্বে শ্বাহে শীৰ্ষ নিৰাপত্তা আৰু প্ৰশাসনিক বিষয়াৰ সৈতে শ্ৰীনগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ মৃতদেহকেইটা তেওঁলোকৰ ঘৰলৈ ঘূৰাই পঠিওৱাৰ বাবে শ্ৰীনগৰ বিমানবন্দৰলৈ নিয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
টুইটাৰযোগে এটা পোষ্টত শ্বাহে কয়, "গধুৰ হৃদয়েৰে মই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ । ভাৰতে সন্ত্ৰাসৰ আগত শিৰনত নকৰে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ'ব ।"
তেওঁ লগতে শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ বাহিৰত নিহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে । শোকত ভাগি পৰা ভুক্তভোগী পৰিয়ালৰ সদস্যসকলে গৃহমন্ত্ৰীক অনুৰোধ কৰি থকা দেখা গৈছিল ৷ নিজৰ আপোনজনক হেৰুৱাৰ যন্ত্ৰণা তেওঁলোকে গৃহমন্ত্ৰীৰ আগত প্ৰকাশ কৰে ৷
এই অনুষ্ঠানত কংগ্ৰেছৰ সাংসদ কে চি ভেনুগোপাল আৰু জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰৰাইও পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক :
আধাতে চৌদি ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী, বিমানবন্দৰতে বহিল জৰুৰী বৈঠকত
শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰদেহ; জম্মুত তীব্ৰতৰ অভিযান
শুকুলা বৰফ ৰঙা হ'ল ! কাশ্মীৰত পৰ্যটকৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ, ২৬জনৰ মৃত্যু
কাশ্মীৰ এৰি যোৱাৰ চেষ্টা আতংকিত পৰ্যটকৰ: হোৰাহোৰে বাঢ়িছে বিমানভাৰা