ETV Bharat / bharat

শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰদেহ; জম্মুত তীব্ৰতৰ অভিযান

পহলগামত নিহত পৰ্যটকৰ নশ্বৰদেহ শ্ৰীনগৰ বিমানবন্দৰলৈ অনা হৈছে । তাৰ পৰাই কফিনবোৰ নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হ'ব ।

Pahalgam Terror Attack
শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰ দেহ (ANI)
author img

By ANI

Published : April 23, 2025 at 12:22 PM IST

4 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । নিৰীহ পৰ্যটকৰ কৰুণ মৃত্যুত আজি শোকস্তব্ধ দেশবাসী । তাৰ মাজতে পৰ্যটকসকলৰ নশ্বৰদেহবোৰ শ্ৰীনগৰ বিমানবন্দৰলৈ অনা হৈছে ।

ৰাজ্য চৰকাৰৰ কেইবাজনো প্ৰতিনিধিও শ্ৰীনগৰত উপস্থিত হৈছে । ভুক্তভোগী পৰ্যটকৰ নশ্বৰ দেহবোৰ নিজ নিজ ৰাজ্য তথা ঘৰলৈ প্ৰেৰণৰো ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে ২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত এয়া আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ আছিল । অৱশ্যে চৰকাৰে এতিয়াও পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত হতাহতৰ সংখ্যা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নাই ।

বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি শ্ৰীনগৰত উপস্থিত

ইফালে কৰ্ণাটকৰ সিদ্দাৰামাইয়া চৰকাৰৰ হৈ মন্ত্ৰী সন্তোষ লাড শ্ৰীনগৰত উপস্থিত হয় । আন ৰাজ্যসমূহৰ মন্ত্ৰী আৰু বিষয়াসকলো শ্ৰীনগৰত উপস্থিত হৈছে ।

শ্ৰীনগৰ বিমানবন্দৰত পৰ্যটকৰ চলাচল বৃদ্ধিৰ লগে লগে এয়াৰ ইণ্ডিয়াই পৰ্যটকৰ সুৰক্ষিত উভতনি যাত্ৰা নিশ্চিত কৰিবলৈ দিল্লী আৰু মুম্বাইলৈ দুখন অতিৰিক্ত বিমান পৰিচালনা কৰিছে । কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শ্ৰীনগৰৰ পৰা দিল্লী আৰু মুম্বাইলৈ অধিক বিমানৰ ব্যৱস্থা কৰাৰ বিষয়ে কথা পাতিছে । মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতিত ভাৰা বৃদ্ধিও নিৰীক্ষণ কৰি আছে । একেদৰে প্ৰয়োজন অনুসৰি পৰিস্থিতি নিৰন্তৰ মূল্যায়নো কৰি আছে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৪ খন নতুন বিমানৰ ব্যৱস্থা কৰিছে । দিল্লী আৰু মুম্বাইলৈ দুখনকৈ অতিৰিক্ত বিমানৰো ব্যৱস্থা কৰিছে । প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰচেষ্টা বৃদ্ধি কৰিবলৈও মন্ত্ৰীগৰাকীয়ে এয়াৰলাইনৰ সৈতে যোগাযোগ কৰি আছে ।

কটকটীয়া নিৰাপত্তা

সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণৰ পিছতে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । পহলগামত সেনা-আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হেলিকপ্টাৰৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলত অভিযান চলোৱা হৈছে ।

Pahalgam Terror Attack
জম্মুত সন্ত্ৰাসবাদ বিৰোধী অভিযান (ANI)

জম্মু বন্ধৰ আহ্বান

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে । এই ঘটনাৰ বিৰুদ্ধে পহলগাম টেক্সি এছ'চিয়েশ্যনে বন্ধৰ আহ্বান জনাইছে । এছ'চিয়েশ্যনৰ সভাপতি গুলজাৰ আহমেদ ৱানীয়ে কয়, "মই এই আক্ৰমণক গৰিহণা দিছো । তেওঁলোক কেৱল পৰ্যটক নহয়, আমাৰ জীৱিকা, আমাৰ পৰিয়াল । আমি তেওঁলোকক পৰ্যটক বুলি নাভাবো । এনেকুৱা যেন লাগিছে যে আমাৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰা হৈছে । মই অনুৰোধ কৰিছো যে চৰকাৰে এই বিষয়টো ভালদৰে তদন্ত কৰক । পহলগাম সদায় শান্তিপূৰ্ণ আছিল, আৰু ই পৰ্যটনৰ ওপৰতে চলে ।" পুঞ্চ জিলাৰ ব্যৱসায়িক সম্প্ৰদায়ে প্ৰতিবাদৰ জৰিয়তে ভুক্তভোগীসকলৰ প্ৰতি সংহতি প্ৰদান কৰিছে । প্ৰতিবাদৰ সময়ত তেওঁলোকে শ্ল'গান দিছিল, "পাকিস্তান হায় হায় ! সন্ত্ৰাসবাদ নিষিদ্ধ কৰক !"

Pahalgam Terror Attack
জম্মু বন্ধৰ আহ্বান (ANI)

নিহতৰ ঘৰত অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি

ইফালে, কৰ্ণাটকৰ শিৱমোগাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত এগৰাকী পৰ্যটক মঞ্জুনাথৰ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে । বুধবাৰৰ ভিতৰত তেওঁৰ নশ্বৰদেহ বাসগৃহ আহি পোৱাৰ আশা কৰা হৈছে । নিহত পৰ্যটকৰ এগৰাকী আত্মীয় মাধৱ মূৰ্তিয়ে কয়, "মঞ্জুনাথ মোৰ আত্মীয় । তেওঁৰ পুত্ৰই দ্বিতীয় পিইউ পৰীক্ষাত ৯৮ শতাংশ নম্বৰ লাভ কৰিছিল, যাৰ বাবে তেওঁ তেওঁৰ পৰিয়ালক জম্মু-কাশ্মীৰলৈ লৈ গৈছিল । শিৱমোগাৰ সাংসদ, বিধায়ক আৰু আৰ এছ এছ নেতাসহ আন বহুতে তেওঁৰ নশ্বৰদেহ ঘৰলৈ অনাৰ বাবে চেষ্টা কৰি আছে । তেওঁলোকে প্ৰায় ৮ দিন পূৰ্বে এটা পেকেজ ভ্ৰমণলৈ গৈছিল । পানীপুৰী খাই থকা সময়তে সন্ত্ৰাসবাদীয়ে তেওঁলোকক আক্ৰমণ কৰিছিল । সন্ত্ৰাসবাদীয়ে তেওঁৰ পত্নী আৰু পুত্ৰক 'মোদীজীক গৈ এই কথা ক'বলৈ' কৈছিল । এনে ধৰণৰ আক্ৰমণত কোনেও কাকো হেৰুৱাব নিবিচাৰে ।"

আক্ৰমণৰ পিছতে বহু সংগঠনে জম্মু বন্ধৰ আহ্বান জনাইছে । অঞ্চলটোত পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাৰ লগে লগে কিছুমান পৰ্যটকে তেওঁলোকৰ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰৱৰ পৰা দিল্লীত অৱতৰণ কৰাৰ লগে লগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ, এন এছ এ অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিছৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে ।

লগতে পঢ়ক :পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ গ্ৰহণ কৰিব NIA ই ! মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি - PAHALGAM TERROR ATTACK