কাশ্মীৰ এৰি যোৱাৰ চেষ্টা আতংকিত পৰ্যটকৰ: হোৰাহোৰে বাঢ়িছে বিমানভাৰা
সকলো বিমান অপাৰেটৰৰ সৈতে জৰুৰী বৈঠক সামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডু ৷ শ্ৰীনগৰ পথত বিমান ভাৰা বৃদ্ধি নকৰিবলৈ সকীয়নী চৰকাৰৰ ।

Published : April 23, 2025 at 1:29 PM IST
শ্ৰীনগৰ: পাহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৬ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ এদিন পিছতে কাশ্মীৰৰ হাজাৰ হাজাৰ পৰ্যটকে অতি সোনকালে উপত্যকা এৰি যাবলৈ হেতা-ওপৰা লগাইছে ।
চাৰিদিন পূৰ্বে ৰামবন অঞ্চলত হোৱা ভূমিস্খলনে শ্ৰীনগৰ-জম্মুৰ মাজৰ যোগাযোগ ব্যৱস্থা ব্যাহত কৰাত দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰা কাশ্মীৰৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ।
ইয়াৰ ফলত কাশ্মীৰত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ বাবে বিমান যাত্ৰা একমাত্ৰ বিকল্প হিচাপে বিবেচিত হৈছে । জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমান সংস্থাসমূহক শ্ৰীনগৰৰ বিমান ভাৰা যাতে বৃদ্ধি নহয় তাক নিশ্চিত কৰিবলৈ কোৱাৰ লগতে নিয়মীয়া ভাৰাৰ নিৰিখ বজাই ৰাখিবলৈ নিৰ্দেশ দিছে ।
দিল্লীৰ পৰা অহা পৰ্যটক সমীৰ ভৰদ্বাজে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়াল বিগত তিনিদিন ধৰি কাশ্মীৰত আছে আৰু তেওঁলোকৰ ইয়াত আৰু কিছুদিন থকাৰ পৰিকল্পনা আছিল, কিন্তু আক্ৰমণৰ পিছত তেওঁ উভতি যোৱাৰ সিদ্ধান্ত লৈছে ৷
"পহলগামৰ বাবে আমাৰ পৰিকল্পনা আছিল ৷ কিন্তু যিহেতু ইয়াত পৰিস্থিতি ভাল নহয়, গতিকে আমি দিল্লীলৈ ৰাওনা হৈছে... ইয়াত যি হ'ল সেয়া অতি দুৰ্ভাগ্যজনক । প্ৰথমবাৰৰ বাবে পহলগামত এনে ঘটনা ঘটিছে ।"
ঝাৰখণ্ডৰ আন এজন পৰ্যটকে কয় যে তেওঁ কাশ্মীৰৰ পৰা অতি সোনকালে উভতি যোৱাৰ চেষ্টা কৰিছে । "...আমি সোনকালে ঘৰলৈ উভতি যাব বিচাৰো ৷" পৰ্যটকজনে কয় ।
বিমান টিকট বুকিং পৰ্টেলসমূহৰ এটা পৰ্টেলত সন্ধান কৰাত দেখা গৈছে যে আজি অৰ্থাৎ বুধবাৰে শ্ৰীনগৰ জম্মুৰ ইকনমিকৰ ভাৰা প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ১৫ হাজাৰ টকা ৷ আজি কোনো বিমানত আসন উপলব্ধ নাই । একেদৰে শ্ৰীনগৰৰ পৰা দিল্লীলৈ বিমান ভাৰাও আজিৰ দিনটোত (২৩ এপ্ৰিল) প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ২০ৰ পৰা ২৫ হাজাৰ টকা আৰু কাইলৈ (২৪ এপ্ৰিল)ৰ বাবে বিমান ভাৰা বৃদ্ধি পাই হৈছেগৈ ৬৯ হাজাৰ টকা ।
ইয়াৰ মাজতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সকলো বিমান অপাৰেটৰৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় আৰু শ্ৰীনগৰ পথত বিমান ভাৰা বৃদ্ধি নকৰিবলৈ কঠোৰ পৰামৰ্শ জাৰি কৰে । বুধবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে বিমান সংস্থাসমূহক নিয়মীয়া ভাৰাৰ নিৰিখ বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে এই স্পৰ্শকাতৰ সময়ছোৱাত কোনো যাত্ৰীৰ ওপৰত বোজা নপৰে ।
মঙলবাৰে সন্ধিয়া নাইডুৱে শ্ৰীনগৰৰ পৰা দিল্লী আৰু মুম্বাইলৈ অধিক বিমানৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে ।
নাইডুৰ কাৰ্যালয়ে কয়, "আমি ভাৰা নিৰীক্ষণ কৰি আছো যাতে এই পৰিস্থিতিত ভাৰা বৃদ্ধি নহয় । লগতে আমি অধিক প্ৰয়োজনীয়তা পূৰণৰ বাবে ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছো । অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে চাৰিখন নতুন বিমানৰ ব্যৱস্থা কৰিছে, দুখন দিল্লীলৈ আৰু দুখন মুম্বাইলৈ । চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে অধিক কাম কৰিবলৈ বিমান সংস্থাৰ সৈতে যোগাযোগত আছে ।"
নাইডুৱে সকলো বিমান সংস্থাক ৰাজ্য চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰি মৃত ব্যক্তিসকলক নিজ নিজ গৃহ ৰাজ্যলৈ লৈ যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ।
আজিৰ পৰা চলাচল কৰিব অতিৰিক্ত বিমান
ইফালে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ই আজি শ্ৰীনগৰৰ পৰা দিল্লী আৰু মুম্বাইলৈ মুঠ চাৰিখন অতিৰিক্ত বিমান চলাব বুলি জানিবলৈ দিয়ে । এয়াৰ ইণ্ডিয়াই শ্ৰীনগৰৰ পৰা দিল্লীলৈ ১১.৩০ বজাত আৰু শ্ৰীনগৰৰ পৰা মুম্বাইলৈ ১২.০০ বজাত বিমান চলাচল কৰিব । এক্সত এটা পোষ্টত কোৱা হৈছে, "শ্ৰীনগৰলৈ অহা-যোৱা কৰা আমাৰ আন সকলো বিমান নিৰ্ধাৰিত অনুযায়ী চলি থাকিব ।"
এয়াৰ ইণ্ডিয়াই দিল্লী আৰু মুম্বাইৰ পৰা শ্ৰীনগৰলৈ দৈনিক পাঁচখন বিমান চলায় । এই খণ্ডসমূহত ৩০ এপ্ৰিললৈকে নিশ্চিত বুকিং থকা যাত্ৰীসকলক বিমান সংস্থাটোৱে বিনামূলীয়াকৈ পুনৰ নিৰ্ধাৰণ আৰু বাতিলৰ ক্ষেত্ৰত সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰিছে ।
এক্সত প্ৰকাশ কৰা এটা পোষ্টত ইণ্ডিগ’ই কয়, "শ্ৰীনগৰৰ জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভ্ৰমণৰ বাবে পুনৰ নিৰ্ধাৰণ বা বাতিলৰ বাবে শিথিলতা ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে, যিটো ২২ এপ্ৰিল বা তাৰ আগতে কৰা বুকিঙৰ ক্ষেত্ৰত প্ৰযোজ্য । ইয়াৰ উপৰিও আমি আজি ২৩ এপ্ৰিলত দিল্লী আৰু মুম্বাইৰ পৰা শ্ৰীনগৰক সংযোগ কৰি অতিৰিক্তভাৱে দুখন বিমান পৰিচালনা কৰি আছো ।" ইণ্ডিগ’ই শ্ৰীনগৰক সংযোগ কৰি দৈনিক ২০খন বিমান চলায় ।
আকাশ এয়াৰে কয় যে বুকিং বাতিল কৰিব বিচৰা ২৩ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত শ্ৰীনগৰৰ যাত্ৰীসকলক সকলো বিমানৰ বাবে কোনো অতিৰিক্ত মাচুল নোহোৱাকৈ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব ।
এক্সত বিমান সংস্থাটোৱে প্ৰকাশ কৰা এটা পোষ্টত কয় যে গ্ৰাহকে তেওঁলোকৰ মূল তাৰিখৰ পৰা ৭ দিনৰ ভিতৰত জৰিমনা ৰেহাই বা ভাৰাৰ পাৰ্থক্যকে ধৰি কোনো অতিৰিক্ত মাচুল নোহোৱাকৈ ভ্ৰমণৰ প্ৰথম সময়সূচী সলনি কৰিব পাৰে ।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে কয় যে পহলগামৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীনগৰলৈ অহা-যোৱা কৰা যাত্ৰীসকলক সম্পূৰ্ণ সহায় আগবঢ়োৱা হৈছে । Xত এটা পোষ্টত বিমান সংস্থাটোৱে কয় যে, "২০২৫ চনৰ ৩০ এপ্ৰিললৈকে শ্ৰীনগৰৰ পৰা বা শ্ৰীনগৰলৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত যাত্ৰা কৰিবলৈ বুকিং কৰা অতিথিসকলক তাৰিখ সলনিৰ মাচুল আৰু ভাৰাৰ পাৰ্থক্য সম্পূৰ্ণৰূপে ৰেহাই দি যাত্ৰাৰ সময় নিৰ্ধাৰণ কৰাৰ নমনীয়তা প্ৰদান কৰা হৈছে ।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শ্ৰীনগৰক পোনপটীয়াকৈ ৫টা গন্তব্যস্থান – বেংগালুৰু, দিল্লী, হায়দৰাবাদ, জম্মু আৰু কলকাতাৰ সৈতে সংযোগ কৰে আৰু সাপ্তাহিকভাৱে প্ৰায় ৮০খন বিমান সেৱা আগবঢ়ায় ।
ইফালে পহলগামৰ কৰুণ ঘটনাত মহাৰাষ্ট্ৰৰ পৰ্যটকে প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেই অসামৰিক বিমান পৰিবহণ মন্ত্ৰী নাইডুৰ সৈতে বাৰ্তালাপ কৰে । সিন্দেৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, তেওঁ নাইডুক মৃতদেহসমূহ শীঘ্ৰে শ্ৰীনগৰৰ পৰা মুম্বাইলৈ লৈ যোৱাৰ বিশেষ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । নাইডুৱেও সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মৃতদেহসমূহ শীঘ্ৰে ঘূৰাই অনাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়াৰ কথা জানিবলৈ দিয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে ।
লগতে পঢ়ক :
আধাতে চৌদি ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী, বিমানবন্দৰতে বহিল জৰুৰী বৈঠকত
শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰদেহ; জম্মুত তীব্ৰতৰ অভিযান
শুকুলা বৰফ ৰঙা হ'ল ! কাশ্মীৰত পৰ্যটকৰ ওপৰত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ, ২৬জনৰ মৃত্যু

