ETV Bharat / bharat

ৰাসায়নিক কাৰখানাত অগ্নিদগ্ধ হৈ নিহত ৫ জন শ্ৰমিক: আহত ২ - Fire broke out in chemical factory

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:04 PM IST

Fire broke out in chemical factory
ৰাসায়নিক কাৰখানাত অগ্নিদগ্ধ হৈ নিহত ৫ জন শ্ৰমিক

Fire broke out in chemical factory: জয়পুৰ গ্ৰাম্য অঞ্চলৰ বস্সী থানা এলেকাৰ এটা ৰাসায়নিক কাৰখানাত বৃহৎ অগ্নিকাণ্ড ৷ ৫ জন শ্ৰমিক জীৱিত অৱস্থাত অগ্নিদগ্ধ নিহত ৷ আনহাতে গুৰুতৰভাবে অগ্নিদগ্ধ হৈ চিকিৎসাধীন আন দুজন শ্ৰমিক । পলাতক কাৰখানাৰ স্বত্বাধিকাৰী ৷

ৰাসায়নিক কাৰখানাত অগ্নিদগ্ধ হৈ নিহত ৫ জন শ্ৰমিক

নিউজ ডেস্ক, ২৩ মাৰ্চ: ৰাজস্থানৰ জয়পুৰৰ বস্সী জিলাৰ বৈনাড়া অঞ্চলত অৱস্থিত এটা ৰাসায়নিক কাৰখানাত শনিবাৰে সন্ধিয়া সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত পাঁচজন লোকৰ মৃত্যু হয় আৰু দুজন লোক গুৰুতৰভাবে অগ্নিদগ্ধ হয় । এই অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত বস্সী থানাৰ আৰক্ষী আৰু জয়পুৰৰ পৰা অহা ৯ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । তেওঁলোকে লগতে আহত লোক দুজনক চিকিৎসাৰ বাবে জয়পুৰ এছএমএছ হাস্পতাললৈ প্ৰেৰণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ঘটনাস্থলীত উপস্থিত হোৱা এচিপি মুকেশ চৌধাৰীয়ে জনোৱা মতে, বৈনাড়াৰ জনবসতিপূৰ্ণ অঞ্চলত চলি আছে শালিমাৰ ৰাসায়নিক কাৰখানা । এই কাৰখানাত পথ আৰু অট্টালিকা নিৰ্মাণত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ তৈয়াৰ কৰা হয় । শনিবাৰে সন্ধিয়া প্ৰায় ৭-৮ জন শ্ৰমিকে কাৰখানাটোত কৰ্মৰত আছিল । এনে সময়তে হঠাৎ কাৰখানাটোৰ বয়লাৰটো বিস্ফোৰণ হোৱাৰ ফলত কাৰখানাটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । কিছু সময়ৰ ভিতৰতে জুইয়ে কাৰখানাটো আগুৰি ধৰে ।

সম্প্ৰতি আৰক্ষীয়ে শ্ৰমিকসকলৰ মৃতদেহ নিজৰ জিম্মাত লৈ চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰিছে । ইফালে মুখ্য অগ্নিনিৰ্বাপক বিষয়া দেৱেন্দ্ৰ কুমাৰ মীনাই জানিবলৈ দিয়া মতে জুইৰ শিখা আৰু ধোঁৱা দেখি ওচৰৰ গাঁৱৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ তদুপৰি কাৰখানাটোত জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অগ্নিনিৰ্বাপনৰ কোনো ব্যৱস্থা নাছিল । ইফালে এই ঘটনাৰ পিচতে কাৰখানাৰ মালিকে পলায়ন কৰা বুলি জানিব পৰা গৈছে ।

ইফালে আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, দুদিন পূৰ্বে জয়পুৰৰ বিশ্বকৰ্মা অঞ্চলতো এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল, য’ত তিনিটা শিশুৰ সৈতে এক দম্পতী জীৱিত অৱস্থাত জ্বলি গৈছিল ।

লগতে পঢ়ক: হাৰিয়ানাৰ স্পেয়াৰ পাৰ্টছ নিৰ্মাণ কোম্পানীৰ বয়লাৰ ফাটি ৫০ জনতকৈ অধিক কৰ্মচাৰী অগ্নিদগ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.