ETV Bharat / bharat

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা: ৰে’লৰ খুন্দাত যাত্ৰীৰ কৰুণ মৃত্যু

Jamtara train accident: ঝাৰখণ্ডৰ জামতাৰা জিলাত বিদ্যাসাগৰ আৰু কালা ঝাৰিয়াৰ মাজত শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে ৷ ৰে’লৰ খুন্দাত দুজনৰো অধিক যাত্ৰী নিহত হয় বুলি জানিব পৰা গৈছে ৷

Jamtara train accident
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৰে’লৰ খুন্দাত যাত্ৰীৰ কৰুণ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:03 PM IST

|

Updated : February 28, 2024 at 10:42 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : ঝাৰখণ্ডৰ জামতাৰা জিলাত শোকাৱহ ৰে’ল দুৰ্ঘটনা ৷ ৰাজ্যখনৰ বিদ্যাসাগৰ আৰু কালা ঝাৰিয়াৰ মাজত ৰে’লৰ খুন্দাত দুজনৰো অধিক যাত্ৰী নিহত হয় বুলি জানিব পৰা গৈছে ৷ প্ৰাথমিক তথ্য অনুসৰি, ভাগলপুৰৰ পৰা কলা ঝাৰিয়াৰ ওচৰৰ যশৱন্তপুৰলৈ যোৱা আং এক্সপ্ৰেছখন কাৰিকৰী আদবাটতে বন্ধ কৰি দিয়া হৈছিল ।

তাৰ পিচতে অনুমান কৰা হৈছে যে আং এক্সপ্ৰেছৰ বহু কেইগৰাকীযাত্ৰী ৰে’লখনৰ পৰা নামি আহিছিল ৷ সেই সময়তে দ্বিতীয়টো ট্ৰেকত আছানচোলৰ পৰা বৈদ্যনাথ ধামলৈ যোৱা যাত্ৰীবাহী ৰে’লখনে বহু কেইগৰাকী যাত্ৰীক খুন্দা মাৰে । এই ঘটনাত 2 জনতকৈ অধিক লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই ঘটনাৰ পিচতে অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইতিমধ্যে স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে । ইফালে নিশা হোৱাৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানৰ বাবে সমস্যাত পৰিছে ৷ অনুমান কৰা হৈছে আগন্তুক সময়ত যে মৃতকৰ সংখ্যা ২ গৰাকীতকৈ অধিক হ'ব পাৰে । এতিয়ালৈকে, ৰে’ল বিভাগৰ ফালৰ পৰা কোনো বিষয়া ঘটনাস্থলীত উপস্থিত হোৱা নাই ।

জামতাৰা এছডিঅ' অনন্ত কুমাৰ ঘটনাস্থলীত উপস্থিত হৈ ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইয়াৰে কিছু লোকক ঘটনাস্থলীৰ পৰা সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হৈছে ।

তেওঁ জনোৱা অনুসৰি ৰে'লৱে বিভাগৰ সৈতে যোগাযোগ কৰাৰ পিচত অতি সোনকালে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব ।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শোক প্ৰকাশ কৰি উল্লেখ কৰে যে, জামতাৰাৰ কালঝাৰিয়া ষ্টেচনৰ সমীপত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাৰ ঘটনাত মই গভীৰভাৱে দুখিত । ঈশ্বৰে বিদেহী আত্মাসকলক শান্তি দিয়ক আৰু শোকসন্তপ্ত পৰিয়ালটোক এই কঠিন মুহূৰ্তত শক্তি দিয়ক। প্ৰশাসনৰ দলে ঘটনাস্থলীত উপস্থিত সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ।"

লগতে পঢ়ক: লগ কৰিবলৈ গৈছিল প্ৰেমিকাক, যুৱকক বিবস্ত্ৰ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ প্ৰেমিকাৰ ভাতৃৰ

Last Updated : February 28, 2024 at 10:42 PM IST