ETV Bharat / bharat

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বল্লভ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 6:16 PM IST

madhya-pradesh-cm-office-vallabh-bhawan-caught-massive-fire-mp-state-secretariat-burns
ভয়ংকৰ অগ্নিকাণ্ড

Vallabh Bhawan caught massive fire : বল্লভ ভৱনৰ পুৰণি ভৱনত আজিৰ এই ভয়াৱহ অগ্নিকাণ্ডটোৰ পিচতে পুনৰ প্ৰশ্নৰ উত্থাপন হৈছে যে ইমান গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় এটাত কিয় বাৰে বাৰে অগ্নিকাণ্ড সংঘটিত হয় ?

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয় বল্লভ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 9 মাৰ্চ : শনিবাৰে পুৱা ভূপালত অৱস্থিত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বল্লভ ভৱনৰ পুৰণি ভৱনত অগ্নিকাণ্ড সংঘটিত হয় । তৃতীয় মহলাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ খবৰে আলোড়নৰ সৃষ্টি কৰে । অট্টালিকাটোৰ পৰা ওলোৱা ধোঁৱাৰ পৰা অনুমান কৰিব পাৰি যে এই জুয়ে কিমান ক্ষতি কৰিলে । জানিব পৰা মতে বল্লভ ভৱনৰ তৃতীয় মহলা অৰ্থাৎ ৫ আৰু ৬ নং গেটৰ মাজত অৱস্থিত অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয় । পৌৰ নিগমে এই তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ সেই স্থানত উপস্থিত হয় আৰু লাহে লাহে জুই নিয়ন্ত্ৰণলৈ আহে । বল্লভ ভৱনত সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে এনে ঘটনা পুনৰ ঘটিব নালাগে ।

বল্লভ ভৱনৰ তৃতীয় মহলাত সংঘটিত হোৱা অগ্নিকাণ্ড অতি কম সময়ৰ ভিতৰতে বিয়পি পৰে ৷ জুই নিয়ন্ত্ৰণ কৰাটো কঠিন যেন অনুমান হৈছিল । কিন্তু অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে পৌৰ নিগমৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয় । জুই নিৰ্বাপনৰ চেষ্টা চলাওঁতে এই মহলাতে আবদ্ধ হৈ পৰে পাঁচজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক । ইয়াৰে প্ৰথমে দুজন কৰ্মচাৰীক নতুন অট্টালিকাৰ পৰা উলিয়াই অনা হয় আৰু কিছু সময়ৰ পিচত তিনিজন কৰ্মচাৰীকো উলিয়াই অনা হয় ৷

চাফাই কৰ্মচাৰীয়ে প্ৰথমে জুই লগাৰ খবৰ দিয়ে

বল্লভ ভৱনৰ অগ্নিকাণ্ডৰ বিষয়ে প্ৰথমে গম পাই চাফাই কৰ্মী বিশালে । পুৱা বিশালে মন্ত্ৰণালয়ৰ গেটৰ সন্মুখত চাফাই কৰি থাকোঁতে জুইৰ শিখা আৰু ধোঁৱা ওলাই থকা দেখে । পৌৰ নিগমৰ কণ্ট্ৰল ৰূমক এই বিষয়ে প্ৰথমে অৱগত কৰে বিশালে । এই বৃহৎ অগ্নিকাণ্ডৰ ফলত বল্লভ ভৱনৰ কিমান ক্ষয়-ক্ষতি হৈছে সেয়া জুই নিৰ্বাপিত হোৱাৰ পিচতহে জানিব পৰা যাব ।

মুখ্যমন্ত্ৰী ড৹ মোহন যাদৱে কয়- ‘বল্লভ ভৱনৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য পাইছো । সংগ্ৰাহকৰ পৰা এই বিষয়ে তথ্য লৈছো, তাৰ ওপৰত ভিত্তি কৰি চি এছক ইয়াক নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে আৰু যাতে পুনৰ এনে ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰ্দেশনা দিয়া হৈছে ।’

ইমান গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ত কিয় বাৰে বাৰে জুই লাগে ?

শনিবাৰে বল্লভ ভৱনৰ পুৰণি অট্টালিকাত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে যে ইমান গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় এটাত কিয় ইমানকৈ অগ্নিকাণ্ড সংঘটিত হয় ? এই ঘটনাই ২০২৩ চনৰ ১২ জুনত বল্লভ ভৱনৰ সমীপত অৱস্থিত সাতপুৰা ভৱনৰ ব্যাপক অগ্নিকাণ্ডৰ কথাও মনত পেলাই দিলে ।

কেইবাৰ জ্বলিল বল্লভ ভৱন ?

১৩ জুলাই, ২০১৭: ষষ্ঠ মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

২৬ জুলাই ২০১৭: চতুৰ্থ মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

২৪ মে’ ২০১৮: তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

১৪ অক্টোবৰ ২০২০: পঞ্চম মহলাত অগ্নিকাণ্ড ।

১৫ নৱেম্বৰ ২০২৩: দ্বিতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

লগতে পঢ়ক : সীমান্তৱৰ্তী গাঁওবোৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.