ETV Bharat / bharat

দিল্লীৰ সুৰা নীতি কেলেংকাৰী কি ? - Delhi CM Arvind Kejriwal arrested

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 2:20 PM IST

Delhi CM Arvind Kejriwal arrested: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে । এই সুৰা নীতি কেলেংকাৰী কি ? আম আদমি পাৰ্টী আৰু কেজৰিৱালৰ ৰাজনৈতিক পৰিকল্পনাত ইয়াৰ কেনে প্ৰভাৱ পৰিব ?

Delhi CM Arvind Kejriwal arrested
দিল্লীৰ সুৰা নীতি কেলেংকাৰী কি

নেশ্যনেল ডেস্ক, ২২ মাৰ্চ : ইডিয়ে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰে । গোচৰটো সন্দৰ্ভত দুঘণ্টা ধৰি সোধা-পোছাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

শেহতীয়া তথ্য অনুসৰি, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তাৎক্ষণিক শুনানিৰ দাবী অনুমোদিত হৈছে । এই গোচৰটো ২০২১-২২ বৰ্ষৰ দিল্লী চৰকাৰৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত কথিত দুৰ্নীতি আৰু ধন আত্মসাতৰ সৈতে জড়িত ।

ইডিয়ে দাবী কৰিছে যে আপৰ নেতাসকলে সুৰা নীতিত ১০০ কোটি টকাৰ উৎকোচ লাভ কৰিছিল । ইডিৰ দ্বাৰা দাখিল কৰা অভিযোগনামাত কেজৰিৱালৰ নাম কেইবাবাৰো উল্লেখ কৰা হৈছে । সংস্থাটোৱে অভিযোগ কৰিছে যে অভিযুক্তসকলে সুৰা নীতি প্ৰস্তুত কৰাৰ বাবে কেজৰিৱালৰ সৈতে যোগাযোগ কৰিছিল ।

আপৰ নেতা মনীষ চিছোদিয়া আৰু সঞ্জয় সিং ইতিমধ্যে গোচৰটোত ন্যায়িক জিম্মাত আছে । কেজৰিৱালে যোৱা বছৰৰ ২ নৱেম্বৰৰ পৰা ইডিয়ে জাৰি কৰা ৮ খন চমন উপেক্ষা কৰিছে । সেই চমনক কেজৰিৱালে অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰিছিল ।

দিল্লী চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত ৰাজ্যখনত নতুন সুৰা নীতি ৰূপায়ণ কৰিছিল । ইয়াৰ অধীনত ৰাজধানী দিল্লীত ৩২ টা জ'ন সৃষ্টি কৰা হৈছিল । প্ৰতিটো জ'নত সৰ্বাধিক ২৭ খন দোকান খুলিব লাগিছিল । ইডিয়ে দাবী কৰিছে যে দিল্লীৰ সুৰা নীতিৰ ষড়যন্ত্ৰ অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া আৰু কে কবিতাকে ধৰি ৰাজনৈতিক নেতাসকলে কৰিছিল ।

ব্যৱসায়ী শৰৎ ৰেড্ডী, মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডী আৰু কে কবিতাক লৈ গঠিত এক দক্ষিণৰ গোটে ২০২১-২২ বৰ্ষৰ নতুন সুৰা নীতিৰ অধীনত দিল্লীৰ ৩২ টা জ'নৰ ভিতৰত ৯ টা জ'ন লাভ কৰিছিল । আঁচনিখন পাইকাৰী বিক্ৰেতাসকলৰ বাবে এক ব্যতিক্ৰমী উচ্চ ১২ শতাংশ লাভৰ মাৰ্জিন আৰু ৰিটেইলাৰৰ বাবে প্ৰায় ১৮৫ শতাংশ লাভৰ মাৰ্জিনৰ সৈতে অনা হৈছিল ।

ইডিয়ে অভিযোগ কৰিছে যে ষড়যন্ত্ৰৰ অধীনত ১২ শতাংশ মাৰ্জিনৰ ভিতৰত ৬ শতাংশ পাইকাৰী বিক্ৰেতাৰ পৰা আপ নেতাসকলক উৎকোচ হিচাপে উদ্ধাৰ কৰিব লাগিছিল । 'দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত' আন্দোলনৰ নেতৃত্ব দিয়াৰ পৰা চৰ্চালৈ অহা কেজৰিৱালে একেৰাহে তিনিবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী হৈছে ।

ৰাজনীতিবিদগৰাকীৰ কেৰিয়াৰ উত্থান-পতনেৰে ভৰা । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আম আদমি পাৰ্টীয়ে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অংশীদাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দিল্লী, হাৰিয়ানা আৰু গুজৰাটত নিৰ্বাচনী ৰাজনীতিত গুৰুত্বপূৰ্ণ প্ৰৱেশ কৰিবলৈ সাজু হৈছে । তেনে সময়তে ৫৫ বছৰীয়া আপৰ ৰাষ্ট্ৰীয় আহ্বায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁৰ গ্ৰেপ্তাৰ দলটোৰ নিৰ্বাচনী ভাগ্যৰ ওপৰত গুৰুতৰ প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে কিয়নো তেওঁ লোকসভা নিৰ্বাচনৰ বাবে দলৰ পৰিকল্পনা আৰু ৰণনীতিৰ দৌৰত আছিল । তেওঁৰ অনুপস্থিতিত দলটোৱে অনিশ্চয়তাৰ সন্মুখীন হ'ব পাৰে । দলটোৰ আন বহুতো জ্যেষ্ঠ নেতা হয় কাৰাগাৰত আছে বা ৰাজনৈতিক অস্পষ্টতাত আছে ।

তেওঁৰ বিশ্বস্ত সহায়ক সঞ্জয় সিং আৰু মনীষ চিছোদিয়া সুৰা নীতিৰ গোচৰত কাৰাগাৰত আছে । আনহাতে আন এজন বিশ্বস্ত সহায়ক সৈত্যেন্দ্ৰ জৈন পৃথক গোচৰত কাৰাগাৰত বন্দী হৈ আছে ।

সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে এতিয়ালৈকে ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে-

  • বিজয় নায়াৰ
  • অভিষেক বোইনপল্লি
  • সমীৰ মহেন্দ্ৰু
  • পি শৰৎ চন্দ্ৰ
  • বিনয় বাবু
  • অমিত অৰোৰা
  • গৌতম মালহোত্ৰা
  • ৰাঘৱ মংগুটা
  • ৰাজেশ যোশী
  • অমন ধল
  • অৰুণ পিল্লাই
  • মনীষ চিছোদিয়া
  • দিনেশ অৰোৰা
  • সঞ্জয় সিং
  • কে কবিতা
  • অৰবিন্দ কেজৰিৱাল

লগতে পঢ়ক : ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা আবেদন প্ৰত্যাহাৰ কেজৰিৱালৰ - Arvind Kejriwal Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.