ETV Bharat / bharat

উলগুলান ন্যায় মহাৰেলী: ৰাঁচীৰ পৰা বিৰোধীৰ হুংকাৰ - Ulgulan Rally

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 9:16 PM IST

Ulgulan Rally: ঝাৰখণ্ডৰ ৰাঁচীত ইণ্ডিয়া ব্লকৰ উলগুলান ন্যায় মহাৰেলী । কংগ্ৰেছকে ধৰি প্ৰায় প্ৰতিটো বিৰোধী দলৰে শীৰ্ষ নেতাৰ অংশগ্ৰহণ । কাৰাগাৰত থকা দিল্লীৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পত্নীয়েও এই ৰেলীত অংশগ্ৰহণ কৰে ।

Ulgulan Rally
উলগুলান ন্যায় মহাৰেলী: ৰাঁচীৰ পৰা বিৰোধীৰ হুংকাৰ

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত জেএমএমৰ নেতৃত্বত ইণ্ডিয়া ব্লকৰ উলগুলান ন্যায় মহাৰেলী অনুষ্ঠিত হয় । ইণ্ডিয়া ব্লকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে এই ৰেলীত অংশগ্ৰহণ কৰে । নেতাসকলৰ ভিতৰত আছিল পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, আপৰ সাংসদ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, নেচনেল কনফাৰেন্সৰ আব্দুল্লাহ ফাৰুকে ধৰি কেইবাগৰাকী নেতা ।

ইয়াৰ উপৰিও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেন আৰু ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰীসকলও উপস্থিত থাকে । ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ পত্নী কল্পনা চোৰেনেও এই ৰেলীত উপস্থিত থাকে । ৰেলীত প্ৰতিগৰাকী বিৰোধী নেতাই শাসকীয় বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।

উলগুলান ৰেলীৰ মঞ্চত তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে ঝাৰখণ্ডে এক মনোভাৱ গঢ়ি তুলিছে । সেয়া হৈছে বিজেপিক আঁতৰাই দিয়ক, দেশৰ গণতন্ত্ৰ বচাওক । তেজস্বীয়ে কয় যে ইণ্ডিয়া ব্লকে দেশত চলি থকা স্বৈৰাচাৰী চৰকাৰক উৎখাত কৰিব । তেওঁৰ মতে দিল্লী আৰু ঝাৰখণ্ডত ভাল কাম হৈছে যিটো মোদীয়ে হজম কৰিব নোৱাৰিলে । যাৰ বাবে তেওঁ তদন্তকাৰী সংস্থাৰ জৰিয়তে চৰকাৰসমূহক হাৰাশাস্তি কৰিছে আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাৰাগাৰত ৰাখিছে বুলি তেওঁ অভিযোগ কৰে । তেজস্বীয়ে সংবাদ মাধ্যমকো লক্ষ্য কৰি লোৱা দেখা যায় ।

ৰেলীত অংশ লৈ অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়, "দিল্লীৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক কিয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল? এইটো আমাৰ ভুল আছিল যে আমি ভাল বিদ্যালয়, চিকিৎসালয়, মহল্লা ক্লিনিক নিৰ্মাণ কৰিছিলো ।" তেওঁ কয় যে অৰবিন্দ কেজৰিৱালৰ সকলো বন্ধুৱে চাকৰি কৰিবলৈ বিদেশলৈ গৈছিল কিন্তু তেওঁ দেশৰ সেৱা কৰিব বিচাৰিছিল যাৰ বাবে তেওঁ ইয়াতে থাকিল । তেওঁ লগতে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে অৰবিন্দ কেজৰিৱালক কাৰাগাৰত হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছে ।

কাৰাগাৰত বন্দী হেমন্ত চোৰেনৰ পত্নী কল্পনা সোৰেনে ৰেলীত অংশ লৈ ৰাইজৰ সন্মুখত স্বামীৰ এখন পত্ৰ পঢ়ি শুনায় । পত্ৰখনত হেমন্ত সোৰেনে কৈছে যে যোৱা ৪ বছৰ ধৰি বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আহিছে । বিজেপিয়ে তেওঁক মিছা অভিযোগত কাৰাগাৰত ৰাখিছে বুলি তেওঁ পত্ৰখনত লিখিছে । স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বহুতো বিৰোধী নেতাক কাৰাগাৰত ৰখা হৈছে ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৰেলীত পলমকৈ উপস্থিত হয় যদিও বিজেপিক সমালোচনা কৰাৰ ক্ষেত্ৰত তেওঁ পিছপৰি নাথাকিল । তেওঁৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে দুগৰাকী মুখ্যমন্ত্ৰীক কাৰাগাৰত ৰাখিছে । তেওঁৰ মতে দেশত গণতন্ত্ৰ থাকিব লাগে । মল্লিকাৰ্জুন খাৰ্গেয়ে মোদীক ভুৱা নেতা বুলি অভিহিত কৰে । তেওঁ কয় যে এই লোকসকলে মিছাৰ আশ্ৰয় লৈ ভোট সংগ্ৰহ কৰে আৰু পিচত ৰাইজক পিঠি দিয়ে ।

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰ গীতৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশ নামানে শিৱসেনা - ShivSena UBT Campaign Song

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.