ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:14 PM IST

Former CM Ashok Chavan resigns :মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চৱনে সোমবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷ তেওঁ অচিৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি সন্দেহ কৰা হৈছে ৷

Former CM Ashok Chavan resigned
প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চৱনে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি চৱন দলটোৰ ওপৰত অসন্তুষ্ট আছিল ৷ তেওঁ অচিৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি সন্দেহ কৰা হৈছে ৷

তথ্য অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী চৱনে বিগত কিছু সময়ৰ পৰা দলৰ হাইকমাণ্ডৰ ওপৰত অসন্তুষ্ট হৈ আছিল । প্ৰথমতে, তেওঁক ৰাজ্যিক সভাপতিৰ পদৰ পৰা বঞ্চিত কৰা হৈছিল আৰু এতিয়া তেওঁক ৰাজ্যসভাৰ মনোনয়নৰ পৰা বঞ্চিত কৰা হৈছিল । অৱশ্যে, তেওঁক নানদেদ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ অনুৰোধ কৰা হৈছিল যদিও তেওঁ অস্বীকাৰ কৰিছিল ৷

সোমবাৰে পুৱা ১১.২৪ বজাত বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰভেকাৰক পদত্যাগ পত্ৰ প্ৰদান কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁৰ লগতে ১০ ৰ পৰা ১২ জন বিধায়কেও তেওঁৰ সৈতে দল সলনি কৰাৰ সন্দেহ আছে ৷ ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ দুগৰাকী জ্যেষ্ঠ নেতা, বাবা চিদ্দিকী আৰু মিলিন্দ দেওৰাই কংগ্ৰেছ দল ত্যাগ কৰিছিল।

উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এই সন্দৰ্ভত কয় যে, অশোক চৱন সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ পৰাহে শুনিছে ৷ এই মুহূৰ্তত বহুতো জ্যেষ্ঠ কংগ্ৰেছ নেতা বিজেপিৰ সৈতে যোগাযোগত আছে ৷

২০০৮ চনৰ ডিচেম্বৰৰ পৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অশোক চৱনক ৰাজ্যখনৰ আটাইতকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতাসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয় । তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰাও চৱনৰ পুত্ৰ। তেওঁ মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদকে ধৰি দলৰ বিভিন্ন পদত অধিষ্ঠিত হৈছিল ।

লগতে পঢ়ক: সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.