ETV Bharat / bharat

অৱশেষত আদালতত হাজিৰ অভিনেত্ৰী জয়প্ৰদা

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 8:00 PM IST

Film actress and former MP Jayaprada MP MLA of Rampur appeared in court
অৱশেষত আদালতত হাজিৰ ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়প্ৰদা

সাংসদ-বিধায়কৰ বিশেষ আদালতত হাজিৰ চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়প্ৰদা ৷ ৬ মাৰ্চত জয়প্ৰদাৰ আদালতত হাজিৰ হোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু আজি অধিবক্তাৰ সৈতে গোপনে সাংসদ-বিধায়ক বিশেষ আদালতত উপস্থিত হয় প্ৰাক্তন সাংসদগৰাকী ।

জয়াপ্ৰদাৰ অধিবক্তা

নিউজ ডেস্ক, 4 মাৰ্চ: সোমবাৰে সাংসদ-বিধায়কৰ বিশেষ আদালতত হাজিৰ হয় চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়প্ৰদা । ন্যায়ালয়ে জয়প্ৰদাৰ অসুস্থ বুলি কৰা আবেদন মানি লৈ কিছুমান চৰ্তসহ জামিন মঞ্জুৰ কৰে । জয়প্ৰদাৰ বিৰুদ্ধে আচৰণ বিধি উলংঘনৰ দুটা গোচৰ স্বাৰ আৰু কেমৰি থানাত ৰুজু হৈ আছে । যাৰ সন্দৰ্ভত আদালতে তেওঁলৈ সাতবাৰকৈ চমন জাৰি কৰিছিল । ইয়াৰ পিচতো জয়প্ৰদা হাজিৰ নোহোৱাত আদালতে তেওঁক ২৭ ফেব্ৰুৱাৰীত পলাতক বুলি ঘোষণা কৰে । ইয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ৮২টা ব্যৱস্থাও গ্ৰহণ কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আদালতে লগতে ৰামপুৰৰ আৰক্ষী অধীক্ষকলৈ এখন পত্ৰ লিখি জয়প্ৰদাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়ে । ৬ মাৰ্চত জয়প্ৰদাৰ আদালতত হাজিৰ হোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল যদিও আজি জয়প্ৰদাই অধিবক্তাৰ সৈতে গোপনে সাংসদ-বিধায়কৰ বিশেষ আদালতত উপস্থিত হয় । আদালতে তেওঁক ন্যায়িক জিম্মাত লয় আৰু শুনানিৰ সময়লৈকে জয়প্ৰদাই ডকত থিয় হ’বলগীয়া হৈছিল । কিন্তু ন্যায়ালয়ে জয়প্ৰদাৰ অসুস্থ বুলি কৰা আবেদন মানি লৈ কিছুমান চৰ্তসহ জামিন মঞ্জুৰ কৰে । আদালতৰ পৰা বাহিৰলৈ অহাৰ পাচত জয়প্ৰদাই আদালত আৰু ৰামপুৰবাসীক ধন্যবাদ জনায় ।

আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত জয়প্ৰদাই শাৰিৰীক অসুস্থতাৰ বাবে আদালতত হাজিৰ হ’ব নোৱৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে আদালতক সদায় সন্মান জনাই অহাৰ কথা উল্লেখ কৰি সদায় আইনক সৰোগত কৰাৰ কথা ব্যক্ত কৰে ৷ প্ৰাক্তন সাংসদগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত কয় যে দলে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত তেওঁ মানি ল’ব । উল্লেখ্য় যে, জয়াপ্ৰদাৰ বিৰুদ্ধে ২০ হাজাৰ টকাৰ নতুন জামিন বণ্ড জাৰি কৰা হৈছে আৰু প্ৰতিবাৰে আদালতৰ তাৰিখত তেওঁক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক: জয়া প্ৰদাক পলাতক ঘোষণা বিশেষ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.