ETV Bharat / bharat

দিল্লীৰ জনস্বাৰ্থ সম্পৰ্কীয় চৰকাৰী আঁচনি বন্ধ নহ’ব: স্পষ্ট কৰিলে দিল্লী চৰকাৰে - Govt schemes in Delhi

author img

By ANI

Published : Mar 27, 2024, 10:34 AM IST

Updated : Mar 27, 2024, 12:51 PM IST

Kejriwal issues second order from ED custody to Delhi health minister
কাৰাৰুদ্ধ দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো নিৰ্দেশনা ৰাজধানীৰ স্বাস্থ্য বিভাগলৈ

Govt schemes will not be stopped in Delhi: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত চৰকাৰে প্ৰদান কৰা লাভজনক আঁচনিসমূহ বন্ধ কৰা হ’ব বুলি বিগত কেইদিনমানৰ পৰা গুজৱ চলি আহিছে ৷ কিন্তু এই আঁচনিসমূহ বন্ধ কৰা হ’ব বুলি ওলোৱা গুজৱ অস্বীকাৰ কৰিছে দিল্লী চৰকাৰৰ পৰিকল্পনা বিভাগে । ইফালে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে দিল্লীৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ মুখ্যমন্ত্ৰীগৰাকী চিন্তিত বুলি জানিবলৈ দিয়ে ৷

নেশ্যনেল ডেস্ক, 27 মাৰ্চ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছতো বন্ধ হোৱা নাই চৰকাৰে প্ৰদান কৰা লাভজনক আঁচনি । মঙলবাৰে দিল্লী চৰকাৰৰ পৰিকল্পনা বিভাগে স্পষ্ট কৰি দিয়ে এই কথা ৷ পৰিকল্পনা বিভাগৰ সচিব নিহাৰিকা ৰায়ে কয় য়ে, বিদ্যুৎ-পানীৰ ৰাজসাহায্যই হওক বা বাছ আৰু পেঞ্চন আদিত বিনামূলীয়া যাত্ৰাই হওক সকলো আঁচনি সুকলমে চলি থাকিব ।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত বিগত কিছুদিন ধৰি সকলোবোৰ আঁচনি বন্ধ হৈ যাব বুলি উৰাবাতৰি বিয়পি পৰিছে । মঙলবাৰে দিল্লী চৰকাৰৰ পৰিকল্পনা বিভাগে এক বিবৃতি জাৰি কৰি এই কথা অস্বীকাৰ কৰে ৷ পৰিকল্পনা বিভাগে লগতে এনে উৰাবাতৰিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ৷ উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিচত কাৰাগাৰৰ পৰাই চৰকাৰ পৰিচালনা কৰা দেখিবলৈ পোৱা গৈছে । সমান্তৰালভাবে, বিভিন্ন বিভাগলৈ নিৰ্দেশনাও জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা প্ৰথম নিৰ্দেশত দেওবাৰে অৰবিন্দ কেজৰিৱালে মন্ত্ৰী আতিশীক পানী আৰু নলা-নৰ্দমা সম্পৰ্কীয় অভিযোগসমূহৰ সমাধানৰ বাবে নিৰ্দেশ দিয়ে ৷ মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দ্বিতীয়টো আদেশ জাৰি কৰি স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজক গলিৰ ক্লিনিক আৰু চিকিৎসালয়ত ঔষধৰ নাটনি আৰু ৰোগ নিৰ্ণয় পৰীক্ষাৰ সমস্যা সমাধান কৰিবলৈ কয় ।

ভৰদ্বাজে কয়, "জিম্মাত থাকিলেও তেওঁ দিল্লীৰ জনসাধাৰণৰ স্বাস্থ্যক লৈ চিন্তিত । তেওঁ মোলৈ এটা নিৰ্দেশনা জাৰি কৰিছে । বহু গলিৰ ক্লিনিক আৰু চিকিৎসালয়ত ঔষধ উপলব্ধ নহয় বুলি জানি মুখ্যমন্ত্ৰীগৰাকী চিন্তিত হৈ পৰিছে ৷ কিছুমান চিকিৎসালয় আৰু গলিৰ ক্লিনিকতো বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষাৰ ব্যৱস্থা নাই । মুখ্যমন্ত্ৰীৰ মতে তেওঁক জেলত ভৰালেও দিল্লীৰ মানুহে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে, চিকিৎসালয়লৈ যোৱা লোকৰ বাবে ঔষধ উপলব্ধ হ’বই লাগিব ।"

ভৰদ্বাজে পুনৰ কয়, "মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ দহ হাজাৰ পৰিয়াল চৰকাৰী চিকিৎসালয়ৰ ঔষধৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওঁলোকৰ ঔষধ কিনিবলৈ সামৰ্থ নাই । ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলক আজীৱন ঔষধৰ প্ৰয়োজন । বহু লোকে নিয়মীয়াকৈ ৰোগৰ পৰীক্ষা কৰাব লাগে । বহু গলিৰ ক্লিনিকত বিনামূলীয়া পৰীক্ষাত ব্যাঘাত জন্মিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিব পাৰিছে ।"

ভৰদ্বাজে লগতে কেজৰিৱালে তেওঁক এই সমস্যা সমাধানৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলিও উল্লেখ কৰে ৷ সকলো চিকিৎসালয় আৰু গলিৰ ক্লিনিকত যাতে আৰ্তজনক পৰ্যাপ্ত ঔষধ প্ৰদান কৰা হয় আৰু ৰোগ নিৰ্ণয় পৰীক্ষাও উপলব্ধ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে বুলিও ভৰদ্বাজে কয় ।

কেজৰিৱালৰ এই পদক্ষেপক সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতা হৰিশ খুৰাণাই কয়, "কেজৰিৱাল দুৰ্নীতিৰ বাবে জেলত আছে ৷ ইয়াৰ বাবেই বিগত 14 মাহ ধৰি জামিন লাভ কৰা নাই প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই । আগতে অৰবিন্দ কেজৰিৱালে কৈছিল যে দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হোৱা লোকসকলে পদত্যাগ কৰিব লাগে, কিন্তু এতিয়াও তেওঁ পদত্যাগ কৰা নাই আৰু কাৰাগাৰৰ ভিতৰৰ পৰা নিৰ্দেশ দিছে । যদি তেওঁ সঁচাকৈয়ে দিল্লীক লৈ চিন্তিত, তেন্তে কেজৰিৱালে প্ৰথমে পদত্যাগ কৰক আৰু পৰিস্থিতি আন কাৰোবাক চম্ভালিবলৈ দিয়ক ।"

লগতে পঢ়ক: কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কেজৰিৱালৰ, কিমান সাংবিধানিক ? - Opinion Over Arvind Kejriwal

Last Updated :Mar 27, 2024, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.