ETV Bharat / bharat

মণিপুৰক বিভক্ত হ'বলৈ দিয়া নহ'ব : অমিত শ্বাহ - Amit Shah in Manipur

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 6:09 PM IST

Amit Shah in Manipur
মণিপুৰক বিভক্ত হ'বলৈ দিয়া নহ'ব

Amit Shah in Manipur: ইম্ফলত গৃহমন্ত্ৰী অমিত শ্বাহে বিশাল জনসভা সম্বোধন কৰি ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি দিয়ে । বিজেপিৰ লক্ষ্য হৈছে ৰাজ্যখনত শান্তি স্থাপন কৰা । তেওঁৰ মতে বিজেপিয়ে ৰাজ্যখন থানবান হ'বলৈ নিদিয়ে ।

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন । দেশবাসী নিৰ্বাচনক লৈ ব্যস্ত হৈ আছে । কিন্তু ইয়াৰ মাজতে উত্তৰ-পূৱৰ ৰাজ্য মণিপুৰত পুনৰ কেইবাটাও হিংসাত্মক ঘটনাৰ তথ্য পোহৰলৈ আহিছে । যাক লৈ শংকিত হৈ পৰিছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে । মণিপুৰৰ পৰিস্থিতিক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ কয় যে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাটো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম লক্ষ্য । তেওঁৰ মতে চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যখনক বিভাজিত হ'বলৈ নিদিয়ে ।

ইম্ফলত এখন ৰাজহুৱা সভাত শ্বাহে কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিমানেই চেষ্টা নকৰক মণিপুৰক ভাঙিবলৈ দিয়া নহ'ব । নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁ দাবী কৰে যে এই নিৰ্বাচন মণিপুৰক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰা শক্তি আৰু ইয়াক ঐক্যবদ্ধ কৰি ৰখা শক্তিৰ মাজত হ'ব । তেওঁ মণিপুৰৰ জনসাধাৰণক ৰাজ্য তথা অঞ্চলটোৰ নিৰন্তৰ স্থিৰতা আৰু অখণ্ডতা নিশ্চিত কৰিবলৈ বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনায় ।

শ্বাহে মণিপুৰত অনুপ্ৰৱেশ আৰু জনগাঁথনিগত পৰিৱৰ্তনৰ সমস্যাৰ মোকাবিলা কৰাৰ বাবে মোদী চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে । তেওঁ কয় যে উত্তৰ-পূব আৰু মণিপুৰৰ ভাগ্য সলনি হ'লে দেশৰ ভাগ্য সলনি হ'ব । শ্বাহে লগতে কয় যে মণিপুৰৰ জনগাঁথনি সলনি কৰিবলৈ অনুপ্ৰৱেশৰ চেষ্টা কৰা হৈছে । শ্বাহে লগতে কয় যে মণিপুৰত সকলো সম্প্ৰদায়ক একত্ৰিত কৰি ৰাজ্য ভংগ নকৰাকৈ শান্তি স্থাপন কৰাটো নৰেন্দ্ৰ মোদী চৰকাৰৰ অগ্ৰাধিকাৰ ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মোদী চৰকাৰৰ সফলতাৰো প্ৰশংসা কৰে । তেওঁ দুৰ্নীতি নিৰ্মূল কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে । শ্বাহৰ মতে বিজেপিয়ে মণিপুৰত দুৰ্নীতি নিৰ্মূল কৰিছে ।

ভাষণ প্ৰসংগত শ্বাহে বিৰোধী কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে । তেওঁ দুয়োটা প্ৰধান দলৰ মাজৰ আদৰ্শগত পাৰ্থক্যৰ কথাও উল্লেখ কৰে । শ্বাহে মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

মণিপুৰত যোৱা বছৰৰ মে' মাহৰ পৰা জাতিগত সংঘৰ্ষ আৰম্ভ হৈছিল । য'ত প্ৰায় ২১৯ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে লাখ লাখ লোক গৃহহীন হৈ পৰিছে । শেহতীয়াকৈ যোৱা শনিবাৰেও দুটা সশস্ত্ৰ গোটৰ মাজত গুলীচালনা হৈছিল । য'ত দুজন লোক নিহত হয় ।

লগতে পঢ়ক :মণিপুৰ চৰকাৰে ইষ্টাৰৰ বন্ধক কৰ্মদিন হিচাপে ঘোষণা কৰাক লৈ বিৰোধিতা শশী থাৰুৰৰ - Easter 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.