ETV Bharat / bharat

মণিপুৰত অপহৃত সেনা জোৱানক উদ্ধাৰ সুৰক্ষা বাহিনীৰ

author img

By PTI

Published : Mar 9, 2024, 7:59 AM IST

মণিপুৰত অপহৃত সেনা জোৱানক উদ্ধাৰ সুৰক্ষা বাহিনীৰ
মণিপুৰত অপহৃত সেনা জোৱানক উদ্ধাৰ সুৰক্ষা বাহিনীৰ

Kidnaped JCO Rescued in Manipur : বৰ্তমান ছুটীত থকা সিঙক শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত অপহৰণ কৰা হয় । কিছু লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক উলিয়াই আনি এখন বাহনত বান্ধি লৈ পলাই যায় ।

নিউজ ডেস্ক, ৯ মাৰ্চ : শুকুৰবাৰে পুৱা মণিপুৰৰ থৌবাল জিলাৰ ঘৰৰ পৰা অপহৰণ কৰা ভাৰতীয় সেনাত কৰ্মৰত এজন কনিষ্ঠ কমিছনড বিষয়াক (জেচিঅ') সন্ধিয়া সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে ।

চাৰংপত মামং লেইকাইৰ বাসিন্দা কোনচাম খেদা সিং নামৰ জেচিঅ'গৰাকী বৰ্তমান থৌবাল জিলাৰ ৱাইখোং আৰক্ষী থানাত (কাকচিঙৰ ওচৰত) আছে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে ।

সূত্ৰ অনুসৰি, জেচিঅ'গৰাকীক উদ্ধাৰ কৰিবলৈ সকলো নিৰাপত্তা সংস্থাই এক সমন্বিত অনুসন্ধান অভিযান আৰম্ভ কৰে । যাৰ ফলত অৱশেষত সন্ধিয়া ৬.৩০ বজাত তেওঁক সুৰক্ষিতভাৱে মুকলি কৰি আনিবলৈ সক্ষম হয় ।

উল্লেখ্য যে বৰ্তমান ছুটীত থকা সিঙক শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত অপহৰণ কৰা হয় । কিছু লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁক উলিয়াই আনি এখন বাহনত বান্ধি লৈ পলাই যায় ।

অৱশ্যে অপহৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । কিন্তু প্ৰতিবেদন অনুসৰি, এই অপহৰণৰ ঘটনা ধনদাবীৰ লগত সম্পৰ্কিত । কিয়নো তেওঁৰ পৰিয়ালটোৱে পূৰ্বতেও এনেধৰণৰ ভাবুকি পোৱা বুলি বিষয়াসকলে উল্লেখ কৰে ।

উল্লেখ্য, মণিপুৰত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত এইটো হৈছে চতুৰ্থ ঘটনা, য'ত ছুটীত থকা সময়ত কৰ্তব্যৰত সেনা বা তেওঁলোকৰ আত্মীয়ক লক্ষ্য কৰি লোৱা হৈছে ।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অসম ৰেজিমেণ্টৰ এগৰাকী প্ৰাক্তন সেনা চেৰ্টো থাংথাং কমক উপত্যকাটোৰ পৰা এক অচিনাক্ত সশস্ত্ৰ দলে অপহৰণ কৰি নি হত্যা কৰে ।

তেওঁ মণিপুৰৰ লেইমাখঙত প্ৰতিৰক্ষা সেৱা ক'ৰ্পছত (ডিএছচি) কৰ্মৰত আছিল । তাৰ দুমাহৰ পিছত এটা অচিনাক্ত সশস্ত্ৰ দলে পাহাৰীয়া জিলা চুৰাচান্দপুৰৰ পৰা লেইমাখংলৈ এছইউভিএখনত গৈ থকা অৱস্থাত চাৰিজন লোকক অপহৰণ কৰি হত্যা কৰে ।

চাৰিওগৰাকী জম্মু-কাশ্মীৰত সেৱা আগবঢ়োৱা এগৰাকী ভাৰতীয় সেনাৰ পৰিয়ালৰ সদস্য আছিল । আনহাতে, জোৱানগৰাকীৰ পিতৃ আঘাতপ্ৰাপ্ত অৱস্থাতে পলাই যাবলৈ সক্ষম হয় । পিছত সেনাই তেওঁক চিকিৎসাৰ বাবে ডিমাপুৰলৈ বিমানেৰে লৈ যায় । তাৰ পৰা তেওঁক গুৱাহাটীৰ আৰ্মী বেছ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিজনেই হেৰুৱালে প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.