ETV Bharat / bharat

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শুকুৰবাৰে আপৰ দেশজোৰা প্ৰতিবাদ; ইণ্ডিয়া ব্লকক যোগদানৰ আহ্বান - protest against kejriwals arrest

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 11:44 AM IST

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শুকুৰবাৰে আপৰ দেশজোৰা প্ৰতিবাদ
কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শুকুৰবাৰে আপৰ দেশজোৰা প্ৰতিবাদ

Arvind Kejriwal Arrested : দিল্লী উচ্চ ন্যায়ালয়ে ফেডাৰেল এজেন্সীৰ দ্বাৰা কোনো বলপূৰ্বক পদক্ষেপৰ পৰা আপৰ ৰাষ্ট্ৰীয় আহ্বায়কক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কেইঘণ্টামান পিচতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । বৰ্তমান কেজৰিৱালক গ্ৰেপ্তাৰ সন্দৰ্ভত আপে বিজেপি নেতৃত্বাধীন কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

নিউজ ডেস্ক, ২২ মাৰ্চ : অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰত ক্ৰোধিত আপে দেশজুৰি প্ৰতিবাদৰ বাবে সাজু হৈছে । ইয়াৰ ফলত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি-বিৰোধী প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ সম্ভাৱনাই দেখা দিছে । আপৰ দিল্লী গোটৰ আহ্বায়ক গোপাল ৰায়ে বৃহস্পতিবাৰে দলৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

ৰায়ে কয় যে কেজৰিৱালৰ গ্ৰেপ্তাৰ হৈছে 'গণতন্ত্ৰৰ হত্যা' আৰু 'একনায়কত্বৰ ঘোষণা' । উল্লেখ্য যে ইডিয়ে বৃহস্পতিবাৰে সন্ধিয়া কেজৰিৱালক আবকাৰী নীতিৰ সৈতে সম্পৰ্কিত ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ কৰে আৰু তেওঁক সংস্থাটোৰ মুখ্য কাৰ্যালয়লৈ লৈ যায় ।

দিল্লী উচ্চ ন্যায়ালয়ে ফেডাৰেল এজেন্সীৰ দ্বাৰা কোনো বলপূৰ্বক পদক্ষেপৰ পৰা আপৰ ৰাষ্ট্ৰীয় আহ্বায়কক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কেইঘণ্টামান পিচতে দেশৰ প্ৰথমগৰাকী কাৰ্যকালত থকা মুখ্যমন্ত্ৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰে ।

"মই দেশবাসীক এই একনায়কত্ববাদৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বিজেপি কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰিবলৈ অনুৰোধ জনাইছোঁ । আমি শুকুৰবাৰে পুৱা ১০ বজাত আপৰ কাৰ্যালয়ত একত্ৰিত হ'ম আৰু তাৰ পিচত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰিম ।" দিল্লী চৰকাৰৰ এগৰাকী মন্ত্ৰী ৰায়ে কয় ।

"যদি কেজৰিৱালকে গ্ৰেপ্তাৰ কৰিব পাৰে, তেন্তে যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু তেওঁলোকৰ কণ্ঠস্বৰ ৰোধ কৰিব পাৰে । আজিৰে পৰা যুদ্ধ আৰম্ভ হৈছে । অৰবিন্দ কেজৰিৱাল কেৱল এজন ব্যক্তি নহয়, তেওঁ এক আদৰ্শ ।" তেওঁ লগতে কয় ।

ইণ্ডিয়া ব্লক গঠন হোৱাৰ পিচৰে পৰা কেন্দ্ৰৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে অনুভৱ কৰিছে যে তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচনত ৪০০ খন আসন নহয়, কেৱল ৪০ খন আসনতে সীমাবদ্ধ থাকিব । ৰায়ে লগতে দাবী কৰে । সেয়েহে গেৰুৱা দলটোৱে বিৰোধী নেতাসকলক লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে ।

"আজি তেওঁলোকে সকলো সীমা অতিক্ৰম কৰিছে । আপোনালোক সকলোৱে আজি নিষা ঘৰলৈ যাব । মই দিল্লীৰ লোকসকলক যুঁজত যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ ।" মন্ত্ৰীগৰাকীয়ে কয় । মাজনিশা এক সংবাদমেলত দিল্লীৰ মন্ত্ৰী আতিশী, ৰায় আৰু আপৰ ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে কেজৰিৱালক গ্ৰেপ্তাৰৰ পদ্ধতিক গৰিহণা দিয়ে ।

সংবাদমেলত দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজো উপস্থিত থাকে । সংবাদমেল সম্বোধন কৰি পাঠকে কয়, "এয়া এতিয়া বিজেপি আৰু আপৰ মাজত বিবাদ নহয় । এইটো দেশৰ জনসাধাৰণ আৰু বিজেপিৰ মাজত বিবাদ । এইটো এতিয়া আপৰ যুঁজ নহয়, কিন্তু দেশত পৰিষ্কাৰ ৰাজনীতি বিচৰা সকলোৰে যুঁজ ।"

আনহাতে, আপ নেত্ৰী আতিশীয়ে কয় যে কংগ্ৰেছে ইণ্ডিয়া ব্লকৰ সদস্যসকলৰ পৰা সমৰ্থনৰ আশ্বাস দিছে । তেওঁ এইটোও কয় যে কেজৰিৱালৰ যুঁজ 'ৰাস্তাৰ পৰা আদালতলৈ' অব্যাহত থাকিব ।

"উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গোচৰটোৰ শুনানি ল'ব । এই গ্ৰেপ্তাৰ অসাংবিধানিক। তেওঁলোকে (ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) হেমন্ত সোৰেন, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে আৰু কংগ্ৰেছৰ একাউণ্টবোৰ ফ্ৰিজ কৰিছছে ।" তেওঁ কয় ।

ইয়াৰ পূৰ্বে দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দৰ সিং লাভলীয়ে কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপৰ প্ৰতিবাদত যোগদান কৰে ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ পৰা চলিব দিল্লী চৰকাৰ - ED Arrested CM Kejriwal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.