ETV Bharat / bharat

হালদৱানী হিংসাৰ আঁৰত থকা আব্দুল মালিকৰ প্ৰভাৱ কিমান দূৰ...

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 1:52 PM IST

Haldwani violence
হালদৱানী হিংসা

Haldwani violence : হালদৱানী হিংসাত জড়িত ২৫ টা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, উদ্ধাৰ ৫৪ টা কাৰ্টিজৰ লগতে অবৈধ পিষ্টল ৷

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী : বনভুলপুৰা থানা এলেকাৰ মালিকৰ বাগিচাৰ চৰকাৰী ভূমিত অবৈধ নামাজ স্থান আৰু অবৈধ মাদ্ৰাছা আঁতৰোৱাৰ সন্দৰ্ভত হালদৱানীত সৃষ্টি হোৱা হুলস্থুল আৰু অশান্তিৰ মূল ব্যক্তি আব্দুল মালিক বুলি কোৱা হৈছে । হিংসাত্মক ঘটনাৰ দিনৰে পৰা পলাতক হৈ আছে আব্দুল মালিক । আৰক্ষীৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বিভিন্ন স্থানত অভিযান চলাই আছে । আব্দুল মালিক এতিয়াও আৰক্ষীৰ হাতৰ মুঠিৰ বাহিৰত ।

কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক আব্দুল মালিক : কোৱা হৈছে যে হালদৱানীৰ অশান্তি আৰু হিংসাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিকৰ মহানগৰীত প্ৰভাৱ বহু বেছি । কেইবা কোটি টকাৰ সম্পত্তিৰ মালিক আব্দুল । যিখন বাগিচাত অবৈধভাৱে নামাজৰ স্থান আৰু মাদ্ৰাছা নিৰ্মাণ কৰা হৈছে, আব্দুল মালিকে ইয়াৰ চৌপাশৰ মাটিক নিজৰ বুলি দাবী কৰে । প্ৰাপ্ত খবৰ অনুসৰি, আব্দুল মালিকে সেই মাটি ₹ ১০০ আৰু ₹ ৫০ টকাৰ ডাকটিকটত অবৈধভাৱে বিক্ৰী কৰি ৰাইজে বসতি কৰিব পৰাকৈ কাম কৰিছে ।

চৰকাৰী ভূমিত অবৈধভাৱে মানুহক বসবাস কৰোৱাৰ অভিযোগ: বনভুলপুৰা অঞ্চলত বাস কৰা লোকসকলে দাবী কৰে যে ১৯৩৭ চনত বিবাদিত মাটি আৰু ইয়াৰ আশে-পাশে থকা প্ৰায় ৬০ একৰ মাটি তেওঁলোকৰ পূৰ্বপুৰুষে পট্টাত লৈছিল । পট্টা বাতিল হোৱাৰ পিচত উক্ত ভূমি চৰকাৰৰ হাতলৈ যায় । উক্ত ভূমিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পৌৰ নিগম হালদৱানীক অৰ্পণ কৰা হয় । কিন্তু নিজৰ উচ্চ প্ৰসাৰ আৰু ধনৰ বলত আব্দুল মালিকে মাটি নিজৰ নিয়ন্ত্ৰণত ৰাখি আছিল । ₹100 আৰু ₹50 ডাকটিকটত মুছলমান সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰি তেওঁ বহু টকা উপাৰ্জন কৰিছিল । জানিব পৰা মতে, ৬২ বছৰীয়া আব্দুল মালিক তেওঁৰ ৬ জন ভাতৃৰ ভিতৰত আটাইতকৈ সৰু । তেওঁৰ ককাক আব্দুল্লা ১৯৬০ চনত হালদৱানী পৌৰসভাৰ অধ্যক্ষ আছিল ।

আব্দুল মালিকে পিতৃৰ লগত চাউল বিক্ৰী কৰিছিল : হালদৱানীৰ অশান্তি আৰু হিংসাৰ মাষ্টাৰমাইণ্ড বুলি কোৱা আব্দুল মালিক মুছলমান সমাজৰ বঞ্জাৰা পৰিয়ালৰ পৰা আহিছে । তেওঁৰ প্ৰাথমিক শিক্ষা হালদ্বাণীত হৈছিল । নৈনীতালৰ পৰা গ্ৰেজুৱেছন কৰিছিল তেওঁ । আব্দুল মালিকৰ পৰিয়ালৰ পুৰণি কাম আছিল চাউল আৰু শস্য বিক্ৰী কৰা । আগতে দেউতাকৰ লগত চাউলৰ ব্যৱসায় কৰিছিল তেওঁ । ৰাজনৈতিক প্ৰসাৰতা থকা আব্দুল মালিকৰ সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীতো প্ৰভাৱ থকা বুলি কোৱা হয় । উত্তৰ প্ৰদেশত থকা সময়ছোৱাত তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ নব্বৈৰ দশকত তেওঁ চাড্ডা গ্ৰুপৰ সৈতেও খননৰ কামত হাত উজান দিছিল । আনকি ৰে’লৱে ঠিকাদাৰী ক্ষেত্ৰতো তেওঁ হাত আছিল৷ কোৱা হৈছে যে আব্দুল মালিকৰ হাৰিয়ানা আৰু চণ্ডীগড়তো বহু ব্যৱসায় আছে ।

এজন এছ পি নেতাৰ হত্যাকাণ্ডৰ গোচৰত জেললৈ গৈছিল মালিক : ২৫ বছৰ পূৰ্বে হালদৱানীৰ এজন এছ পি নেতাৰ হত্যাকাণ্ডৰ গোচৰত কেন্দ্ৰীয় কাৰাগাৰত বহু বছৰ ধৰি জেল খাটিছিল আব্দুল মালিকে । বিলাসী গাড়ীত যাত্ৰা কৰি ভাল পোৱা মালিকে কেইবাজনো ব্যক্তিগত মানুহক লগত লৈ ফুৰে । স্থানীয় লোকে অভিযোগ কৰে যে, চৰকাৰী ভূমিত অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰি আব্দুল মালিকে মুছলিম সম্প্ৰদায়ৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল । তেওঁৰ উদ্দেশ্য আছিল যে অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ জৰিয়তে তেওঁ পৌৰ নিগমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব আৰু নিগমে তেওঁক চৰকাৰী মাটি খালী কৰিবলৈ নক’ব । পৌৰ নিগমে যেতিয়া অবৈধ নিৰ্মাণ কাৰ্য ভাঙিবলৈ গৈছিল, তেতিয়া মালিকৰ আহ্বানত ইমানেই বিশৃংখল জনসমাগম গোট খাইছিল যে বনভুলপুৰা থানাত জুই লগাই দিয়াৰ লগতে ৭০ খনতকৈও অধিক বাহন জ্বলাই দিছিল ।

মালিকে পৌৰ আয়ুক্তক সকীয়াই দিয়াৰ ভিডিঅ’ ভাইৰেল: ৮ ফেব্ৰুৱাৰীত হালদৱানীত যেতিয়া অশান্তি আৰু হিংসা সংঘটিত হৈছিল, তাৰ এসপ্তাহৰ আগৰ আব্দুল মালিকৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । ভিডিঅ’টোত আব্দুল মালিকে চৰকাৰী মাটি ছীল কৰিবলৈ পৌৰ নিগমৰ দলটোৰ সৈতে যোৱা পৌৰ আয়ুক্তৰ সৈতে তৰ্ক কৰা দেখা গৈছে । ভিডিঅ’টো চোৱাৰ পিচত স্পষ্ট হৈ পৰিছে যে তেওঁ পৌৰ আয়ুক্তক সকীয়াই দিছে ।

লগতে পঢ়ক : কৃষকৰ পদযাত্ৰা ভেটিবলৈ সষ্টম আৰক্ষী; সীমান্তত স্থাপন কৰা হৈছে চিমেণ্টযুক্ত বেৰিকেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.