102 খন আসনৰ বাবে দেশত আৰম্ভ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 9:46 AM IST

2024 Lok Sabha Election: Voting Across 21 States For 102 Seats In Phase 1 Kicks Off

1st phase of Lok Sabha Election 2024: 221 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102 খন আসনৰ বাবে আৰম্ভ হ’ল 1 ম পৰ্যায়ৰ ভোটগ্ৰহণ । আজি প্ৰায় 97 কোটি লোকে ভোটদান কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত 1.85 কোটি 18-19 বছৰ বয়সৰ ভিতৰৰ অৰ্থাৎ যুৱ ভোটাৰ । 1ম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পৰ্কীয় প্ৰতিটো শেহতীয়া আপডেটৰ বাবে ফ’ল’ কৰক আমাৰ ই টিভি ভাৰতৰ পৃষ্ঠা---

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল: আৰম্ভ হ’ল 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা 21 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 102 খন আসনৰ বাবে আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত 16.63 কোটিৰো অধিক লোকে ভোটাধিকাৰ লাভ কৰিছে । 543 জনীয়া লোকসভা নিৰ্বাচনৰ বাবে ভাৰতত প্ৰায় 97 কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছে ৷ সমগ্ৰ দেশতে নিজৰ দুৰ্গ অক্ষুণ্ণ ৰখাৰ বাবে লগতে INDIA ব্লক ৷ প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভোটাৰ 35.67 লাখ, ইয়াৰ উপৰিও 20-29 বছৰ বয়সৰ 3.51 কোটি যুৱ ভোটাৰ ।

সময়

সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ অন্ত পৰিব । ভোটাৰৰ ভিতৰত 8.4 কোটি পুৰুষ, 8.23 কোটি মহিলা আৰু 11,371 তৃতীয় লিংগৰ ভোটাৰ আছে । 1 জুনত সমাপ্ত হ’বলগীয়া নিৰ্বাচনৰ ভোট গণনা হ’ব 4 জুনত ।

আজি কোন কোন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ?

তামিলনাডুৰ 39 খন আসনৰ আটাইকেইখন, উত্তৰাখণ্ডৰ পাঁচখন আসনৰ আটাইকেইটা, ৰাজস্থানৰ 12 খন, উত্তৰ প্ৰদেশৰ আঠখন, মধ্যপ্ৰদেশৰ ছখন আসন, অসম আৰু মহাৰাষ্ট্ৰৰ 5 খনকৈ আসন, বিহাৰৰ চাৰিখন, পশ্চিমবংগৰ 3 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মণিপুৰ, অৰুণাচল প্ৰদেশ, মেঘালয়ত দুখন আৰু জম্মু-কাশ্মীৰ, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মিজোৰাম, নাগালেণ্ড, পুডুচেৰী, ছিকিম আৰু লক্ষদ্বীপত এখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে ।

খেলপথাৰত বিশিষ্ট ৰাজনৈতিক প্ৰাৰ্থী

প্ৰথম পৰ্যায়ৰ ৰাজনৈতিক খেলপথাৰত অংশগ্ৰহণ কৰা বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ডি এম কেৰ কানিমোঝী । তামিলনাডুত বিজেপিৰ প্ৰচাৰ চলাই থকা কে আন্নামলাইও আছে এই প্ৰতিযোগীসকলৰ ভিতৰত । গাডকাৰী, সোণোৱালৰ উপৰিও আন সাতজন কেন্দ্ৰীয় মন্ত্ৰী--ভূপেন্দ্ৰ যাদৱ, কিৰেন ৰিজিজু, সঞ্জীৱ বালিয়ান, জিতেন্দ্ৰ সিং, অৰ্জুন ৰাম মেঘৱাল, এল মুৰুগান আৰু নিশিথ প্ৰামাণিকৰো আজি ভাগ্য বন্দী হ’ব ইভিএমত ।

শুকুৰবাৰে আৰম্ভ হোৱা নিৰ্বাচনী যুঁজখনত দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী--বিপ্লৱ কুমাৰ দেৱ (ত্ৰিপুৰা) আৰু নাবাম টুকি (অৰুণাচল প্ৰদেশ)--আৰু শেহতীয়াকৈ তেলেংগানাৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰা তামিলিছাই সৌন্দৰৰাজনেও নিৰ্বাচনী যুঁজত অংশগ্ৰহণ কৰিছে । বিজেপি দলৰ পৰা দক্ষিণ চেন্নাইৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সৌন্দৰৰাজনে ।

প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (NDA)-এ অধিক শক্তিশালী সংখ্যাগৰিষ্ঠতা বিচাৰি থকাৰ সময়তে 2014 আৰু 2019 চনৰ নিৰ্বাচনত বিপৰীতমুখী পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত INDIA ব্লকে পুনৰ উত্থানৰ আশা কৰিছে । 2019 চনত 102 খন আসনৰ ভিতৰত ইউ পি এয়ে 45 খন আৰু এন ডি এয়ে 41 খন আসন লাভ কৰিছিল । এই আসনসমূহৰ ভিতৰত ছখন আসন সীমা নিৰ্ধাৰণৰ অনুশীলনৰ অংশ হিচাপে পুনৰ অংকন কৰা হৈছে ।

নিৰাপত্তাজনিত ব্যৱস্থা, প্ৰচণ্ড গৰমৰ আশংকা:

নিৰ্বাচন আয়োগে 1.87 লাখ ভোটকেন্দ্ৰত 18 লাখৰো অধিক ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰিছে । প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে ৰাইজক সকলো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । বৃহস্পতিবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, "ভাৰতীয় ভোটাৰে গ্ৰীষ্মৰ উত্তাপক পৰাজিত কৰিব বুলি মই জানো ।"

লগতে পঢ়ক: আজি ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন, 7 বজাৰ পৰা ভোটগ্ৰহণ - SIKKIM AND ARUNACHAL ASSEMBLY POLLS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.