অসম

assam

বগীবিলত জাহাজ বন্দৰ নিৰ্মাণৰ কাৰ্য পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে

By

Published : Mar 5, 2022, 8:10 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

শনিবাৰে ডিব্ৰুগড় জিলাৰ বগীবিলত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বগীবিলত হৈ চলি থকা নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয় (Union Minister Sarbananda Sonowal visited Bogibeel ) ৷ জানিব পৰা মতে, বগীবিলৰ ব্ৰহ্মপুত্ৰৰ পাৰত নদী পৰ্যটনৰ ক্ষেত্ৰ (River tourism in Brahmaputra) হিচাপে গঢ় দিয়াৰ লগতে জাহাজ বন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইফালে বিগত 22 বৰ্ষৰ 22 নৱেম্বৰত এই সন্দৰ্ভত বিচিপিএল আৰু ৰে'ল মন্ত্ৰালয়ৰ লগত বুজাবুজি চুক্তি সম্পন্ন কৰাৰ পাছতে বগীবিলত কাম আৰম্ভ কৰিছে কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ে। শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে বগীবিলত মন্ত্ৰী বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, বিচিপিএলৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকা আদিকে ধৰি জাহাজ আৰু ৰে’ল মন্ত্ৰালয়ৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ।
Last Updated :Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details