অসম

assam

বটদ্ৰৱা কাণ্ডত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ জয়ন্ত মল্ল বৰুৱাৰ

By

Published : May 23, 2022, 8:30 AM IST

"বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাত কোনো তৃতীয় শক্তি জড়িত হৈ আছে" ৷ এই দাবী মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ৷ দেওবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনা (Batadrava police station burning incident) সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ, গৰু মাফিয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে ৷ সেয়েহে এনে ধৰণৰ অপশক্তিয়ে এনে কাৰ্য কৰাৰ সন্দেহ কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ লগতে ‘‘থানা জ্বলোৱা অপশক্তিক চৰকাৰে কোনো কাৰণতে ৰেহাই নিদিয়ে বুলিও সদৰি কৰে ৷ ভিডিঅ’ ফুটেজ চাই সকলোকে আৰক্ষীয়ে আটক কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে (Reaction of Jayanta Malla Baruah) ৷

ABOUT THE AUTHOR

...view details