অসম

assam

এতিয়াও কংগ্ৰেছৰ প্ৰতি আবেগ হেৰোৱা নাই ভূৱনেশ্বৰ কলিতাৰ

By

Published : May 31, 2022, 3:36 PM IST

Updated : May 31, 2022, 4:42 PM IST

ৰাজ্যৰ বহু নেতাৰ দল সলনি হ’ল, কিন্তু এতিয়াও যেন হৃদয়ৰ কোনোবা এচুকত অকণমান হ’লেও আবেগ ৰৈ গ’ল আগৰ দলৰ প্ৰতি ৷ ক’ব খুজিছোঁ ৰাজ্যৰ বৰ্ষীয়ান ৰাজনৈতিক নেতা তথা ৰাজ্যসভাৰ বিজেপি সাংসদ ভূবনেশ্বৰ কলিতাৰ কথা (Rajya Sabha MP Bhubaneswar kalita)৷ 2019 চনতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দি ৰাজ্যসভালৈ গ’ল কলিতা (Bhubaneswar Kalita Joined BJP)৷ কিন্তু আজিও কেতিয়াবা মুখত কোমলকৈ ওলাই কংগ্ৰেছ দলৰ নামটো ৷ এয়া আবেগেই বোলক বা জিভা পিচল খোৱাই বোলক ৷ বৰপেটাত মঙলবাৰে ঘটিত একেই ঘটনা ৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ পৰা সম্বোধন কৰা গৰীৱ কল্যাণ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ ভাৰ্চুৱেল সভাত অংশ লোৱা সাংসদগৰাকীৰ মুখত ওলাল কংগ্ৰেছৰ নাম ৷ অনুষ্ঠানত ভাষণ দিবলৈ গৈ জিভা পিচল খোৱা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসক সম্বোধন কৰিলে জিলা কংগ্ৰেছৰ সভাপতি বুলি ৷ কংগ্ৰেছৰ দূৰ্দিনৰ মাজতো এনেদৰে একাংশ ন-বিজেপি প্ৰাক্তন কংগ্ৰেছীৰ মুখত কংগ্ৰেছৰ নাম শুনাটো একপ্ৰকাৰ দলটোৰ বাবেও যেন এক সান্ত্বনা ৷ অন্ততঃ প্ৰাক্তন কংগ্ৰেছীসকলে এতিয়াও দলটোৰ স্মৃতি পাহৰিব পৰা নাই বুলি ক’ব খোজে বহুতেই ৷
Last Updated : May 31, 2022, 4:42 PM IST

ABOUT THE AUTHOR

...view details