অসম

assam

শান্তি আলোচনা প্ৰক্ৰিয়া সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱালৈ পৰেশ বৰুৱাৰ ফোন

By

Published : Jan 15, 2022, 4:57 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন) ৰ সৈতে আলোচনাৰ এক পৰিবেশ সৃষ্টি কৰাৰ বাবে চলাই অহা প্ৰচেষ্টাক লৈ যথেষ্ট আশাবাদী পৰেশ বৰুৱা (ULFA chief Paresh Baruah on peace process)। কিন্তু আলোচনাৰ নামত চাৰ্কাছত থকাৰ দৰে দন্তহীন বাঘ হব নোখোজে বিদ্ৰোহী নেতাজন । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট কৰি দিছে পৰেশ বৰুৱাই (ULFA chief Paresh Baruah phone call to Etv Bharat) । অজ্ঞাত স্থানৰ পৰা কৰা টেলিফোনত বিদ্ৰোহী আলফা নেতাজনে আৰু কয় যে, আলোচনাৰ বাট এটা মুখ্যমন্ত্ৰী গৰাকীয়ে বনাব খুজিছে । এয়া আদৰণীয় পদক্ষেপ । সেয়েহে আলফা(স্বাধীন)য়ে ইয়াক সহাৰি জনাইছে । কিন্তু আলোচনাৰ পূৰ্বেই অস্ত্ৰ সম্বৰণ কৰা, ডেজিগনেটেড কেম্পত থকা আদি এইধৰণৰ কথাবোৰ গ্ৰহণযোগ্য নহ’ব । আলোচনা কত হ’ব, কেনেকৈ হ’ব সেয়া ঠিৰাং কৰিব আলফা(স্বাধীন)ইহে । আনহাতে, অসম আৰক্ষীৰ বহু জোৱানে আলফাত যোগ দিয়াৰ কথা স্বীকাৰ কৰি পৰেশ বৰুৱাই কয় যে, থলগিৰি বেটেলিয়ন আলফা (স্বাধীন)ৰ এই সংগ্ৰামৰ পক্ষত আছে । লগতে বহু বিস্ফোৰক মন্তব্য কৰিলে পৰেশ বৰুৱাই । আৰু কি কি কলে বিদ্ৰোহী নেতাজনে ! চাওক এই বিশেষ প্ৰতিবেদন ।

ABOUT THE AUTHOR

...view details