অসম

assam

মুকলি হ'ল উজনি অসমৰ একমাত্ৰ সামূহিক পৰিচালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ

By

Published : Sep 21, 2021, 5:09 PM IST

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ পানধোৱাত স্থাপন হ'ল উজনি অসমৰ একমাত্ৰ সামূহিক পৰিচালনাৰ প্ৰশিক্ষণ কেন্দ্ৰ (Physical Learning Centre) । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (panchayat and rural development department), অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (Assam State Rural Livelihood Mission) অধীনস্থ সামূহিক প্ৰশিক্ষণ কেন্দ্ৰটো প্ৰান্তিকা মণ্ডল পৰ্যায় সংগঠনৰ ব্যৱস্থাপনাত ইটাখুলী ব্লকৰ অন্তৰ্গত পিছ পৰা অঞ্চল লক্ষীপথাৰত স্থাপন কৰা হয় । উজনি অসমৰ একমাত্ৰ সামূহিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli) আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে । উক্ত অনুস্থানত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন,মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈ বন সংমণ্ডৰ প্ৰাধিকাৰী টি চি ৰঞ্জিত ৰাম, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প সঞ্চালিকা কৃষ্ণা বৰুৱাৰ লগতে বিভিন্ন বিশিষ্ট অতিথি উপস্থিত থাকে । এই কেন্দ্ৰটোৰ লগত জড়িত হৈ আছে প্ৰায় ৪,২০০ গৰাকী মহিলা । কেন্দ্ৰটো উদ্বোধন কৰি সাংসদ ৰামেশ্বৰ তেলীয়ে কয় যে, মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ইয়াত বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । লগতে তাত থকা আৰু খোৱাৰো সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব । সাংসদগৰাকীয়ে জনোৱা মতে এই কেন্দ্ৰটোত উজনি অসমৰ ৫ খনকৈ জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলে আহি প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব । ইফালে চৰকাৰৰ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাসকলে । ইয়াৰ দ্বাৰা তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব বুলিও আশা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details