অসম

assam

অলিম্পিকৰ স্বৰ্ণ জয় কৰি দেশৰ নাম উজলাব লাভলীনাই : বিশ্বজিৎ ফুকন

By

Published : Aug 3, 2021, 3:22 PM IST

Tokyo Olympics ৰ বক্সিং ৰিঙত চীনা প্ৰতিদ্বন্দ্বীক কোৱাৰ্টাৰ ফাইনেলত ধৰাশায়ী কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পাচতে লাভলীনা বৰগোঁহাইক (Lovlina Borgohain) শুভেচ্ছা জনাইছে ৰাইজ তথা বিভিন্ন দল-সংগঠনসমূহে ৷ 4 আগষ্টত ছেমি ফাইনেলত তুৰ্কীৰ বক্সাৰ বুচেনাছ চাৰ্মেনেলীৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা ৷ লাভলীনাৰ হৈ মঙলবাৰে সকলো ৰাইজকে চাকি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷ লাভলীনাই যাতে ছেমি ফাইনেলত জয়ী হ'ব পাৰে, তাৰ বাবে সকলো অসমবাসীৰ লগতে ধনশিৰি মহকুমাৰ ৰাইজক নিজৰ ঘৰ অথবা নামঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিছে সৰুপথাৰ সমষ্টি (Sarupathar Constituency)ৰ বিধায়ক বিশ্বজিৎ ফুকনে (MLA BiswaJit Phukan) । লাভলীনা যাতে ছেমি ফাইনেলত শাৰিৰীক আৰু মানসিকভাৱে অধিক শক্তিশালী হ'ব পাৰে, তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে বিধায়কজনে ৷ লাভলীনাক লৈ বিধায়কগৰাকীৰ লগতে সমগ্ৰ ধনশিৰিবাসী অধিক আশাবাদী । ধনশিৰিৰ গৌৰৱ লাভলীনাই অলিম্পিকৰ স্বৰ্ণ পদক (Gold Medal) জয় কৰি সমগ্ৰ অসমৰ লগতে ধনশিৰি মহকুমাৰ নাম বিশ্ব দৰবাৰত জিলিকাই তুলিব ।

ABOUT THE AUTHOR

...view details