অসম

assam

ৰৌণক আলী হাজৰিকাৰ কিমান সম্পত্তিৰ তথ্য পাইছে আৰক্ষীয়ে ?

By

Published : Oct 6, 2021, 5:23 PM IST

অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌণক আলি হাজৰিকাক হাজিৰ কৰোৱা হ'ব আদালতত । পুনৰ দহ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে ৷ আয়তকৈ অধিক সম্পত্তিৰ বহু তথ্য পাতিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৰণৌক আলীক । ৰণৌক আলীৰ সম্পত্তিৰ মূল্যক লৈ সন্দেহ তদাৰকী কোষৰ ৷ চৰকাৰী ভেলু হিচাপত চোৱা হ'ব সম্পত্তিৰ মূল্য ৷ ১৬৪.৮০ শতাংশ সম্পত্তিৰ তথ্য লাভ কৰিছে তদাৰকী কোষে ৷ এই সম্পত্তি আৰু বৃদ্ধি পোৱাৰ সন্দেহ ৷ পল্টন বজাৰ আৰক্ষী থানাটো আছে ৰণৌক আলীৰ বিৰুদ্ধে গোচৰ ৷ DIG ৰৌণক আলি হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ৬/২১ নম্বৰ ১৩ এ বি /১৩(২) ধাৰাত দুৰ্নীতি প্ৰতিৰোধ (সংশোধিত) আইনৰ অধীনত ৰুজু হৈছে গোচৰ ৷

ABOUT THE AUTHOR

...view details