অসম

assam

Tribute to Neel Pawan Baruah and Nipon Goswami : নিপন গোস্বামী-নীলপৱন বৰুৱালৈ কলিয়াবৰৰ চিত্ৰশিল্পীৰ শ্ৰদ্ধাঞ্জলি

By

Published : Oct 29, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

মাত্ৰ এটা দিনৰ ব্যৱধানত দুজনকৈ মহীৰূহৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসীৰ লগতে কলিয়াবৰবাসী । অসমীয়া ছবি জগতৰ ভোটা তৰা নিপন গোস্বামীৰ মৃত্যুৰ (Veteran actor Nipon Goswami death) মাত্ৰ এটা দিনৰ পাছতে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত (Artist Neel Pawan Baruah dies) পুনৰ শোকস্তব্ধ হৈ পৰিছে কলিয়াবৰৰ ৰাইজ । দুয়োগৰাকী বিশিষ্ট শিল্পীৰ বিয়োগত মৰ্মাহত কলিয়াবৰৰ ৰাইজ । ইয়াৰ মাজতে দুয়োগৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কলিয়াবৰৰ দুগৰাকী চিত্ৰশিল্পীয়ে । কলিয়াবৰৰ শিক্ষা মহাবিদ্যালয়ৰ পথৰ কাষৰ বেৰত দুয়োগৰাকী শিল্পীৰ প্ৰতিচ্ছবি অংকন কৰিলে চিত্ৰশিল্পী দুজনে (Tribute to Neel Pawan Baruah and Nipon Goswami)। চিত্ৰশিল্পী কেশৱ পাঁচনি আৰু কঙ্কনজ‍্যোতি শৰ্মাৰ এই প্ৰতিচ্ছবিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details